প্ৰত্যঙ্গিৰা | |
---|---|
অন্য নাম | অথৰ্ৱণ ভদ্ৰকালী, নৰসিংহী দেৱী, সিংহমুখা লক্ষ্মী |
সংস্কৃত লিপি | प्रत्यङ्गिरा |
সম্পৰ্ক | দেৱী, চণ্ডী, দুৰ্গা, পাৰ্বতী, মহাকালী, শক্তি, আদি পৰাশক্তি, লক্ষ্মী |
অস্ত্ৰ | ত্ৰিশূল, ডম্বৰু, কপালা, পাশ |
সঙ্গী | শৰভৰূপী শিৱ বা নৰসিংহৰূপী বিষ্ণু |
বাহন | সিংহ |
হিন্দু পাঠ্য | অথৰ্ববেদ |
প্ৰত্যঙ্গিৰা (ইংৰাজী: प्रत्यङ्गिरा) হৈছে শক্তিৰ সৈতে জড়িত এগৰাকী হিন্দু দেৱী। তেওঁক অথৰ্ৱণ ভদ্ৰকালী, নৰসিংহী আৰু সিংহমুখা লক্ষ্মী বুলিও কোৱা হয়। তেওঁ হৈছে দেৱী চণ্ডী বা দুৰ্গাৰ অৱতাৰ তথা বিষ্ণুৰ অৱতাৰ নৰসিংহৰ দৈৱিক শক্তি।[1][2][3] প্ৰত্যঙ্গিৰাক এক মতা সিংহৰ মুখৰ সৈতে এগৰাকী শক্তিশালী দেৱী বুলি বৰ্ণনা কৰা হৈছে।[4] দেৱী লক্ষ্মীৰ সৈতে বিষ্ণু আৰু দেৱী শক্তিৰ সৈতে শিৱৰ মিলনক প্ৰতিনিধিত্ব কৰা তেওঁৰ শৰীৰটো নাৰীৰ। সিংহ আৰু মানৱ ৰূপৰ এই সংমিশ্ৰণে শুভ আৰু অশুভৰ ভাৰসাম্য প্ৰতিনিধিত্ব কৰে। শক্তিবাদ অনুযায়ী প্ৰত্যঙ্গিৰা হৈছে সিদ্ধিলক্ষ্মী বা গুহ্য কালীৰ এক স্বৰূপ। দুৰ্গা পৰম্পৰাত, প্ৰত্যঙ্গিৰা ব্ৰহ্মৰ জ্বলন্ত বিনাশকাৰী শক্তি পূৰ্ণ চণ্ডী। বেদত প্ৰত্যঙ্গিৰাক অথৰ্ৱণ ভদ্ৰকালী অৰ্থাৎ অথৰ্ববেদৰ দেৱী আৰু যাদুকৰী মন্ত্ৰৰ দেৱী বুলি কোৱা হৈছে।[5]
বহুসংখ্যক হিন্দু গ্ৰন্থত নৰসিংহী বা প্ৰত্যঙ্গিৰাৰ বিভিন্ন আখ্যান বৰ্ণনা কৰা হৈছে।
পুৰাণসমূহৰ বৰ্ণনা অনুসাৰে, সিংহৰ সদৃশ মুখাৱয়ব, তীক্ষ্ণ নখ আৰু চাৰিখন হাতেৰে সৈতে দেৱী নৰসিংহী নৰসিংহৰ শক্তিস্বৰূপ। দেৱী লক্ষ্মীয়ে উগ্ৰৰূপ ধাৰণ কৰা নৰসিংহক শান্ত কৰিবলৈ নৰসিংহীৰ ৰূপ লৈছিল। ত্ৰেতা যুগৰ অন্তত বিশ্বব্ৰহ্মাণ্ডৰ পৰা এক উজ্জ্বল স্ফুলিঙ্গ নিৰ্গত হয় আৰু ইয়াৰপৰা বিপুলাসুৰ নামৰ এটা দুষ্ট ৰাক্ষসৰ উদ্ভৱ হয়। বিপুলাসুৰে দেৱী লক্ষ্মীৰ যথাৰীতি পূজা-পাতল কৰা আঠগৰাকী ঋষিৰ ওপৰত অত্যাচাৰ চলায়। এই কথাত দেৱী লক্ষ্মী ক্ৰোধান্বিত হয় আৰু এপাহ পদুম ফুলক কৱচ বা ঢাললৈ ৰূপান্তৰ কৰে। এই পদুম ফুলপাহত ৫৬২টা পাহি আছিল বুলি উল্লেখ কৰা হৈছে। এই ঢালখনে উক্ত ঋষিসকলক সুৰক্ষা প্ৰদান কৰে আৰু ইয়াৰ ফলত তেওঁলোকে কোনো ধৰণৰ অশান্তি নোহোৱাকৈ তেওঁলোকৰ পূজা-সেৱাৰ ৰীতি সুচাৰুৰূপে পালন কৰিব যাবলৈ সক্ষম হয়। ইয়াৰ পিছতেই দেৱী লক্ষ্মীয়ে নৰসিংহীৰ ৰূপ ধাৰণ কৰি বিপুলাসুৰক পৰাভূত কৰে।
মাৰ্কণ্ডেয় পুৰাণ, শিৱ পুৰাণ, বঠিষ্টভন পুৰাণ (১৩ চন) আৰু বিমঠগিৰা পুৰাণৰ মতে, ত্ৰেতা যুগৰ আৰম্ভণিতে বিষ্ণুৰ তৃতীয় অৱতাৰ নৰসিংহই অসুৰ ৰজা হিৰণ্যকশিপুক শৰীৰ ছিৰি, ৰক্তপান কৰি বধ কৰিছিল। ক্ৰোধৰ বশৱৰ্তী হৈ নৰসিংহই হিৰণ্যকশিপুৰ শৰীৰৰ ৰক্তপান কৰিছিল আৰু তেওঁক কোনেও বিৰত কৰিব পৰা নাছিল। তেওঁক শান্ত কৰিবলৈ শিৱই শৰভ অৰ্থাৎ পশু, পক্ষী আৰু মানৱৰ এক সংমিশ্ৰিত ৰূপ লৈ সেই স্থানত উপস্থিত হয়। তেওঁক দেখা পাই তেওঁৰ সৈতে যুঁজিবলৈ নৰসিংহই গণ্ডবেৰুণ্ড অৰ্থাৎ এক দুই মূৰীয়া পক্ষীৰ আকাৰ ধাৰণ কৰে। দুয়োৰে মাজত দীৰ্ঘদিন জুৰি যুদ্ধ হয় আৰু ইয়াৰ ফলত সমগ্ৰ পৃথিৱী সন্ত্ৰাসিত হৈ পৰে। এনেয়ে বিষ্ণুৰ বৰাহৰূপী অৱতাৰো সেই ঠাইত উপস্থিত হৈ সৰভ বা সৰভেশ্বৰৰ বিৰুদ্ধে নৰসিংহক সহায় কৰে। এই ঘটনা দেখা পাই দেৱী পাৰ্বতীয়ে শুলিনী দেৱীৰ ৰূপ লৈ যুদ্ধক্ষেত্ৰত সৰভৰ সংগ দিবলৈ আহে। এই কথাত আতংকিত হৈ সকলো দেৱ-দেৱী আৰু অৰ্ধদেৱতা বৈকুণ্ঠলৈ গৈ লক্ষ্মীক নৰসিংহৰ ক্ৰোধ শান্ত কৰিবলৈ অনুৰোধ জনায়। তেওঁলোকৰ অনুৰোধকল্পে লক্ষ্মীয়ে প্ৰত্যঙ্গিৰাৰ ৰূপ ধাৰণ কৰে আৰু অৱশেষত ভক্ত প্ৰহ্লাদৰ সৈতে মিলি নৰসিংহক শান্ত কৰে। আনহাতে বৰাহীৰ ৰূপত ভূদেৱীয়েও বৰাহক শান্ত কৰে আৰু অৱশেষত তেওঁলোক সকলো নিজৰ নিজৰ আবাসলৈ উলটি যায়।
আন এক প্ৰাচীন আখ্যান অনুসৰি, প্ৰতিয়ঙ্গিৰা আৰু অঙ্গিৰা নামৰ দুজন ঋষিয়ে ধ্যান কৰি থাকোঁতে মূলমন্ত্ৰৰ জৰিয়তে তেওঁলোকে এগৰাকী অনামী দেৱীক পুনৰ আৱিষ্কাৰ কৰে। পিছত তেওঁ ঋষিসকলক তেওঁক নিজৰ নামেৰে নামকৰণ কৰি বিশেষাধিকাৰ প্ৰদান কৰে আৰু সেয়েহে তেওঁক প্ৰত্যঙ্গিৰা দেৱী বুলি কোৱা হয়। নৰসিংহী তেওঁৰ আন এটা নাম। 'নৰ' (মানৱ) আৰু 'সিংহ' সংমিশ্ৰণ হোৱাৰ বাবে তেওঁৰ মুখমণ্ডল সিংহৰ দৰে আৰু শৰীৰৰ মানৱৰ আকৃতিৰ বাবে তেওঁক নৰসিংহী নাম দিয়া হয়।
প্ৰতি শব্দটোৰ অৰ্থ হৈছে বিপৰীত আৰু অঙ্গিৰসৰ অৰ্থ হৈছে আক্ৰমণ কৰা। সেয়েহে, দেৱী প্ৰত্যঙ্গিৰাই যিকোনো ক'লা যাদুৰ আক্ৰমণক নিষ্ক্ৰিয় কৰি তোলে বুলি বিশ্বাস কৰা হয়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহত, প্ৰত্যঙ্গিৰাক অথৰ্ববেদৰ অধিষ্ঠাত্ৰী দেৱী বুলি গণ্য কৰা হয় বাবে তেওঁক অথৰ্বণ ভদ্ৰকালী বুলিও আখ্যা দিয়া হয়।[6][7]
হিন্দু মহাকাব্য ৰামায়ণতো প্ৰত্যঙ্গিৰাৰ উল্লেখ পোৱা যায়। ৰামে বানৰ সেনাৰ সৈতে লংকা নগৰী আক্ৰমণ কৰোঁতে ইন্দ্ৰজিতে "নিকুম্ভিলা যজ্ঞ" (প্ৰত্যঙ্গিৰাক উপাসনা কৰাৰ এক পবিত্ৰ ৰীতি) কৰিছিল।[8] হনুমানে এই যজ্ঞ বিনষ্ট কৰিবলৈ সেই ঠাইত আহি উপস্থিত হৈছিল কিয়নো, তেওঁ জানিছিল যে যদি ইন্দ্ৰজিতে এই যজ্ঞ সম্পূৰ্ণ কৰিব পাৰে তেন্তে তেওঁ অপৰাজেয় হৈ পৰিব।