প্ৰস্তাৱনা (ইংৰাজী: prologue or prologe) (মূল:গ্ৰীক ভাষাত: πρόλογος prólogos, πρό pró, "আগতে" আৰু λόγος lógos, "শব্দ") হৈছে এটা কাহিনীৰ পাতনি বা আৰম্ভণি যিয়ে প্ৰসংগ প্ৰতিষ্ঠা কৰে আৰু পটভূমিৰ বিৱৰণ দিয়ে৷[1] মূল কাহিনীৰ সৈতে বান্ধ খোৱা কিছুমান পূৰ্বৰ কাহিনী, আৰু অন্যান্য বিবিধ তথ্যক সাধাৰণতে প্ৰস্তাৱনাত ঠাই দিয়া হয়। প্ৰাচীন গ্ৰীক prólogos সকলে প্ৰস্তাৱনাৰ আধুনিক অৰ্থ অন্তৰ্ভুক্ত কৰিছিল৷ গ্ৰীক নাটকত প্ৰস্তাৱনাটোৰ গুৰুত্ব আছিল অতি বেছি৷ [2]আৰু ই কেতিয়াবা প্ৰায় এটা ৰোমাঞ্চৰ ঠাই লৈছিল; যাৰ বাবে নাটকখনে সফলতা লাভ কৰিছিল৷[3]
ৰেনেছাঁৰ নাটকৰ প্ৰস্তাৱনাসমূহে প্ৰায়ে দৰ্শকৰ বাবে পৰিৱৰ্তন আৰু স্পষ্টীকৰণৰ এক নিৰ্দিষ্ট কাৰ্য্য সম্পাদন কৰিছিল। এজন অভিনেতাই দিয়া প্ৰত্যক্ষ ভাষণ, প্ৰস্তাৱনাটোৱে দৰ্শকৰ মনোযোগ আৰু সহানুভূতিৰ আকৰ্ষণ হিচাপে কাম কৰিছিল, ঐতিহাসিক প্ৰসংগ প্ৰদান কৰিছিল, নাটকৰ বিষয়বস্তুৰ পথ প্ৰদৰ্শক আৰু মাজে মাজে, এক অস্বীকাৰ প্ৰদান কৰিছিল৷[4]:17এই নাটকীয়া মেজাজত যিকোনো লিপিবদ্ধ অভিনয়ৰ দৰেই এটা প্ৰস্তাৱনাও পাঠ্য হিচাপে থাকিব৷ লগতে সেই পাঠ্য কোৱা অভিনেতাজন আৰু ভাষাটো কোৱাৰ দৰে উপস্থাপন সন্নিৱিষ্ট হ'ব। [4] দৰ্শকক বাস্তৱৰ পৰা নাটকৰ জগতখনলৈ অনাৰ ক্ষেত্ৰত প্ৰস্তাৱনাটোৱে দৰ্শক, অভিনেতা, চৰিত্ৰ, নাট্যকাৰৰ মাজৰ সীমাৰেখাডাল অতিক্ৰম কৰে৷ মূলতঃ ই নাটকৰ ভিতৰৰ কাল্পনিক স্থান আৰু বাহিৰৰ জগতখনৰ মাজত এক পাৰ্থক্যৰ সৃষ্টি কৰে।[4] বেন জনছনে প্ৰস্তাৱনা ব্যৱহাৰ কৰি দৰ্শকক নিজৰ আৰু অভিনয়ৰ সকলো দিশৰ মাজৰ জটিলতাসমূহৰ বিষয়ে সোঁৱৰাই দিবলৈ প্ৰায়ে প্ৰয়াস কৰিছিল।[4]
এলিজাবেথৰ প্ৰস্তাৱনাখন ধ্ৰুপদী আৰু মধ্যযুগীয় উভয় পৰম্পৰাৰ দিশসমূহক সামৰি লোৱাৰ ক্ষেত্ৰত অনন্য আছিল। [4]ধ্ৰুপদী পৰম্পৰাত প্ৰস্তাৱনাৰ চাৰিটা উপধাৰা আছিল: ছুষ্টাটিকোছ, যিয়ে নাটক বা কবিক পৰামৰ্শ দিয়ে; এপিটিমেটিকছ, য'ত প্ৰতিদ্বন্দ্বীক অভিশাপ দিয়া হয়, বা দৰ্শকক ধন্যবাদ দিয়া হয়; ড্ৰামাটিকোছ, য’ত নাটকৰ কাহিনীভাগ ব্যাখ্যা কৰা হৈছে; আৰু মিক্সটছ, য'ত এই সকলোবোৰৰ মিশ্ৰণ আছে।[4] মধ্যযুগীয় পৰম্পৰাত, নৈতিকতা আৰু বিনয়ৰ প্ৰকাশ দেখা যায়,[4] ইয়াৰ লগতে এটা মেটা-থিয়েটাৰৰ আত্মচেতনা, আৰু এটা নিৰ্লজ্জ সচেতনতা দেখা যায়৷ [4]
অ-নাটকীয় কল্পকাহিনীত বিশেষকৈ জিঅ’ফ্ৰে চ’চাৰৰ কেণ্টাৰবেৰী টেলছৰ সময়ৰ পৰাই প্ৰস্তাৱনা বহুদিনৰ পৰাই ব্যৱহাৰ হৈ আহিছে৷ [5]চ’চাৰৰ বহুতো কাহিনীৰে প্ৰস্তাৱনা লিখিছিল৷
আৰ্জেণ্টিনাৰ লেখক মেচেডনিঅ’ ফাৰ্নাণ্ডেজৰ মিউজিয়াম অৱ ইটাৰ্নাৰ উপন্যাসত লেখকৰ ৫০ টাতকৈও অধিক প্ৰস্তাৱনা আছে।[6] তেওঁলোকৰ শৈলী আধ্যাত্মিক, হাস্যৰস, মানসিক, উপন্যাসৰ কলা সম্পৰ্কীয় আলোচনা ইত্যাদি৷