প্ৰাকৃতিক ৰবৰ (ইংৰাজী: Natural Rubber) গছ আৰু লতা, বা লেটেক্সৰ ৰসৰ পৰা তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ৰবৰ হৈছে জৈৱিক যৌগ আইচ'প্ৰিনৰ এক পলিমাৰ যাক ৰবৰ গছৰ বগা, ডাঠ, আঠাযুক্ত তৰল নিঃসৰণ হিচাপে নিষ্কাশন কৰা হয়।[1] বেছিভাগ প্ৰাকৃতিক ৰবৰ হেভিয়া ব্ৰাজিলিয়ানচিছৰ (Hevea braziliensis) বংশৰ গছৰ পৰা প্ৰাপ্ত কৰা হয়। এই গছৰ পৰা ওলোৱা ৰস প্ৰটিন, লিপিড আৰু ফচফ’লিপিডৰ এক জটিল মিশ্ৰণ।[2] প্ৰাকৃতিক ৰবৰ তৈয়াৰ কৰোতে গছৰ আঠাযুক্ত তৰলৰ সৈতে আন জৈৱিক যৌগৰ কম পৰিমাণে মিহলি কৰাও হ'ব পাৰে। ইয়াত পানীও থাকে। মালয়েছিয়া আৰু ইণ্ডোনেছিয়া হৈছে প্ৰাকৃতিক ৰবৰৰ দুটা সৰ্ববৃহৎ উৎপাদক। ৰবৰ গছৰ বাকলি কাটি পাত্ৰত ৰবৰৰ নিষ্কাশন সংগ্ৰহ কৰা হয়। পিছত, এই নিষ্কাশনটো পৰিশোধিত কৰা হয় আৰু বাণিজ্যিক প্ৰক্ৰিয়াকৰণৰ বাবে ৰবৰ প্ৰস্তুত কৰা হয়। ৰবৰ বহুতো ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিয়নো ই অত্যন্ত প্ৰসাৰিত, স্থিতিস্থাপক আৰু জলৰোধী।
দক্ষিণ আৰু মধ্য আমেৰিকাৰ লোকসকলে প্ৰথমে উদ্ভিদৰ লেটেক্সৰ পৰা ৰবৰ উৎপাদন কৰিছিল। ৰবৰৰ প্ৰথম ব্যৱহাৰ মেছ’আমেৰিকাৰ থলুৱা সংস্কৃতিয়ে কৰিছিল। হেভিয়া গছৰ পৰা প্ৰাকৃতিক লেটেক্স ব্যৱহাৰৰ আদিম প্ৰত্নতাত্ত্বিক প্ৰমাণ অলমেক সংস্কৃতিৰ পৰা পোৱা যায়, য’ত প্ৰথমে মেছ’আমেৰিকান বলগেমৰ বাবে বল নিৰ্মাণৰ বাবে ৰবৰ ব্যৱহাৰ কৰা হৈছিল। পিছলৈ মায়া আৰু এজটেক সংস্কৃতিয়ে ৰবৰ ব্যৱহাৰ কৰিছিল। বল বনোৱাৰ উপৰিও এজটেকসকলে ৰবৰ ব্যৱহাৰ কৰিছিল অন্যান্য কামত, যেনে পাত্ৰ তৈয়াৰ কৰা আৰু বস্ত্ৰশিল্পক লেটেক্সৰ ৰসেৰে তিয়াই পানী নোসোমাব পৰা কৰি তোলা।[3][4] ১৭৩৬ চনত চাৰ্লছ ডি লা কণ্ডামাইনে আছিল প্ৰথম ইউৰোপীয় বিজ্ঞানী, যিয়ে বনৰীয়া ৰবৰৰ সম্ভাৱ্য গুৰুত্বক স্বীকাৰ কৰিছিল।[5]
১৯ শতিকাৰ বেছিভাগ সময় দক্ষিণ আমেৰিকা লেটেক্স ৰবৰখেতিৰ মূল উৎস হৈয়েই থাকিল। ব্যৱসায়িক স্বাৰ্থৰ দ্বাৰা ৰবৰৰ ব্যৱসায় বহু পৰিমাণে নিয়ন্ত্ৰিত আছিল যদিও কোনো আইনে বীজ বা উদ্ভিদ ৰপ্তানি কৰাত স্পষ্টভাৱে নিষেধাজ্ঞা আৰোপ কৰা নাছিল। ১৮৭৬ চনত হেনৰী উইকহামে ব্ৰাজিলৰ পৰা ৭০ হাজাৰ আমাজনৰ ৰবৰ গছৰ বীজ চোৰাংকৈ আনি ইংলেণ্ডৰ কিউ গাৰ্ডেনলৈ লৈ যায়। ইয়াৰে মাত্ৰ ২৪০০ টাহে অংকুৰণ হৈছিল। ইয়াৰ পিছত পুলিবোৰ ভাৰত, ব্ৰিটিছ চিলন (শ্ৰীলংকা), ডাচ ইষ্ট ইণ্ডিজ (ইণ্ডোনেছিয়া), ছিংগাপুৰ, ব্ৰিটিছ মালয়লৈ প্ৰেৰণ কৰা হৈছিল। মালয় (বৰ্তমান উপদ্বীপ মালয়েছিয়া) পিছলৈ ৰবৰৰ সৰ্বাধিক উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হয়।[6]
ভাৰতত ব্যৱসায়িক ৰবৰখেতি ব্ৰিটিছসকলে আৰম্ভ কৰিছিল যদিও বাণিজ্যিক পৰিসৰত ৰবৰ খেতি কৰাৰ পৰীক্ষামূলক প্ৰচেষ্টা ১৮৭৩ চনৰ পৰাই কলিকতা উদ্ভিদ উদ্যানত আৰম্ভ হৈছিল। ১৯০২ চনত কেৰেলাৰ থাটেকাডুত প্ৰথম বাণিজ্যিক ৰবৰগছৰ খেতি স্থাপন কৰা হয়।পৰৱৰ্তী বছৰবোৰত এই খেতি কৰ্ণাটক, তামিলনাডু আৰু ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ সম্প্ৰসাৰিত হয়। আজি ভাৰত বিশ্বৰ ৩য় বৃহত্তম উৎপাদনকাৰী আৰু ৪ৰ্থ বৃহত্তম ৰবৰৰ গ্ৰাহক।[7]
ছিংগাপুৰ আৰু মালয়ত ৰবৰখেতিৰ বাণিজ্যিক উৎপাদনৰ যথেষ্ট প্ৰচাৰ কৰিছিল ছাৰ হেনৰী নিকোলাছ ৰিডলীয়ে, যিয়ে ১৮৮৮ চনৰ পৰা ১৯১১ চনলৈকে ছিংগাপুৰ উদ্ভিদ উদ্যানৰ প্ৰথম বৈজ্ঞানিক সঞ্চালক হিচাপে কাম কৰিছিল।তেওঁ বহু ৰোপণকাৰীক ৰবৰৰ বীজ বিতৰণ কৰিছিল আৰু লেটেক্সৰ বাবে গছ টেপ কৰাৰ প্ৰথম কৌশল উদ্ভাৱন কৰিছিল গছজোপাৰ গুৰুতৰ ক্ষতি নকৰাকৈ। [8] এই শস্যৰ প্ৰতি তেওঁৰ উগ্ৰ প্ৰচাৰৰ বাবে তেওঁক জনপ্ৰিয়ভাৱে "মেড ৰিডলি" ডাকনামেৰে স্মৰণ কৰা হয়।[9]