প্ৰাচী দেশাই | |
---|---|
![]() ২০১২ চনত বোল বচ্চন নামৰ ছবিখনৰ প্ৰচাৰ অভিযানত | |
জন্ম | ১২ ছেপ্টেম্বৰ, ১৯৮৮ (৩৬ বছৰ)[1] চুৰত, গুজৰাট, ভাৰত[2] |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান |
প্ৰাচী দেশাই (ইংৰাজী: Prachi Desai; জন্ম-১২ ছেপ্টেম্বৰ ১৯৮৮)[1] হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। তেখেত টেলিভিছন জগতৰো প্ৰাক্তন অভিনেত্ৰী। জিটিভিৰ সফল ধাৰাবাহিক কছম ছেৰ জৰিয়তে কেৰিয়াৰৰ পাতনি মেলা প্ৰাচীয়ে পৰৱৰ্তী সময়ত বলিউদতো পদাৰ্পণ কৰে আৰু ২০০৮ চনত মুক্তি লাভ কৰা সাংগীতিক ড্ৰামা ছবি ৰক-অনৰ জৰিয়তে ভূমুকি মাৰে। তেখেতৰ আন কেইখনমান গুৰুত্বপূৰ্ণ ছবি হৈছে- লাইফ পাৰ্টনাৰ (২০০৯), ওৱানছ আপন এ টাইম ইন মুম্বাই (২০১০), বোল বচ্চন (২০১২) আৰু আই, মি অঔৰ মেই (২০১৩) আদি। প্ৰাচী গোৱা পৰ্যটনৰ প্ৰসাৰক, ব্ৰেণ্ড এম্বাছাদৰ, মুখপাত্ৰ। ইয়াৰ উপৰি তেখেত নিউট্ৰ'জেনা পন্যদ্ৰব্যৰ লগত জড়িত।[3] প্ৰাচী লাক্স লায়ৰাৰ এগৰাকী ব্ৰেণ্ড এম্বাছাদৰ।[4][5]
গুজৰাটৰ অন্তৰ্গত ছুৰতত প্ৰাচী দেশাইৰ জন্ম হয়। তেখেতৰ পিতৃ হৈছে নিৰঞ্জন দেশাই আৰু মাতৃ হৈছে অমিতা দেশাই।[2] ঈশা দেশাই হৈছে তেখেতৰ ভগ্নী।[6]
ছুৰতৰ পঞ্চগণিত থকা ছেইণ্ট জোছেফ কনভেণ্ট স্কুলত নৱম শ্ৰেণীলৈকে দেশাইয়ে পঢ়া-শুনা কৰে।[7] তাৰপিছত পুণেত থকা সিনহাগড় কলেজৰ পৰা তেখেতে উচ্চতৰ শিক্ষা সমাপ্ত কৰে।[8]
২০০৬ চনত প্ৰাচীয়ে একতা কাপুৰৰ দ্বাৰা নিৰ্মিত জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক কছম সেত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে। তেখেতৰ বিপৰীতে অভিনয় কৰিছিল ৰাম কাপুৰে।[9][10] এইখন ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে প্ৰাচীয়ে ইণ্ডিয়ান টেলি বঁটাৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানকে ধৰি আন একাধিক অনুষ্ঠানৰ পৰা সন্মান বুটলিবলৈ সক্ষম হয়।
প্ৰাচীয়ে ২০০১ চনৰ সফল ধাৰাবাহিক কচৌটি জিন্দেগী কিৰ দুটা খণ্ডত কেমিঅ' হিচাপে অভিনয় কৰে।
২০০৮ চনত প্ৰাচীয়ে হিন্দী ছবিৰ জগতত প্ৰৱেশ কৰে। তেখেতে অভিনয় কৰা প্ৰথমখন ছবি আছিল ৰক অন। অভিষেক কাপুৰৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত তেখেতে ফাৰহান আখতাৰৰ পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰে।[2] উল্লেখ্য যে, ছবিখনত অভিনয় কৰিবলৈ তেখেতে কছম ছে ধাৰাবাহিকখন ত্যাগ কৰিবলগীয়া হৈছিল।[9]
২০১০ চনৰ জুলাইত, প্ৰাচীয়ে "ওৱানচ আপন এ টাইম ইন মুম্বাই" নামৰ ছবিখনত অভিনয় কৰে। ছবিখনত তেখেতে অজয় দেৱগন, ইমৰাণ হাছমী আৰু কংগনা ৰানাউটৰ লগত কাম কৰাৰ সুবিধা পায়।[11]
২০১২ চনত প্ৰাচীয়ে তেৰি মেৰি কাহানী নামৰ ছবিখনত এটি কেমিঅ' চৰিত্ৰ ৰূপায়ণ কৰে।[12] ইয়াৰ পিছত প্ৰাচীক দেখা যায় বোল বচ্চন নামৰ কমেডি ড্ৰামাখনত। অজয় দেৱগন, অভিষেক বচ্চন আৰু অভিনেত্ৰী আচিনে এইখন ছবিত অভিনয় কৰিছিল।[13] এইখন ছবি প্ৰাচীৰ বাবে এইপৰ্যন্ত ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হৈ আছে।[14]
ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ জীৱন-আধাৰিত ছবি আজহাৰত প্ৰাচীয়ে অভিনেতা ইমৰান হাছমীৰ বিপৰীতে অভিনয় কৰিছে। ছবিখন ২০১৬ চনত মুক্তি হৈছিল। [15][16] ২০১৬ চনৰে ১১ নৱেম্বৰত মুক্তি লাভ কৰা ৰক অন-২ত প্ৰাচীয়ে পুনৰ ফাৰহান আখতাৰৰ পত্নীৰ ভূমিকাত অৱতীৰ্ণ হয়।[17][18]