ক্ষুদ্ৰ জীৱৰ চলন: সাধাৰণতে ক্ষুদ্ৰ জীৱবোৰৰ চলনৰ মাধ্যম হ’ল পানী। এই জীৱ সমূহৰ চলনক সাঁতোৰ বুলি কোৱা হয় যদিও প্ৰাণীৰ সাঁতোৰৰ লগত এই চলনৰ যথেষ্ট পাৰ্থক্য আছে।
এমিবিয় চলন (কূটপদ): এমিবা, শ্লাইম মল্ডৰ দৰে ভেঁকুৰ আৰু অন্য কিছুমান প্ৰট’জ’ৱাই এমিবিয় চলনৰ দ্বাৰা গতি কৰে। প্ৰাণীৰ দেহত থকা শ্বেত ৰক্ত কণিকাবোৰেও এই চলনেৰেই চলাচল কৰে। এই চলন প্ৰক্ৰিয়াত জীৱটোৰ কোষৰ সন্মুখৰ অংশ বাঢ়ি আহি কূটপদৰ সৃষ্টি কৰে, আৰু জীৱটো আগবাঢ়ি যায়। এই চলনৰ সঠিক কাৰ্য পদ্ধতি এতিয়াও ঠাৱৰ কৰিব পৰা হোৱা নাই।
ফ্ৰেজেলাৰ দ্বাৰা চলন: কিছুমান প্ৰট’জ’ৱা ফ্ৰেজেলাৰ সহায়ত চলাচল কৰে। এনে জীৱবোৰৰ দেহত এডাল বা একাধিক চুলি সদৃশ ফ্ৰেজেলা থাকে। এই ফ্ৰেজেলাবোৰে তৰল আধাৰ মাধ্যমত তৰংগৰ দৰে ইফালে-সিফালে লৰচৰ কৰে, ইয়াৰ পৰা উৎপন্ন হোৱা বলে জীৱটোক আগলৈ ঠেলি পঠিয়াই বা টানি নিয়ে। প্ৰাণীৰ শুক্ৰকীট বোৰেও এনে চলনৰ দ্বাৰাই চলাচল কৰে।
কিছুমান প্ৰাণীয়ে নখ, দাঁত, পেৰিছটেলছিছ[2] যেনে কেঁচু; আদিৰ দ্বাৰা বা অন্য পদ্ধতি ব্যৱহাৰ কৰি কঠিন মাধ্যম যেনে মাটি বা কাঠ আদি খান্দি তাৰ মাজেৰে চলাচল কৰে। গাঁত হল এটা ফুটা বা নলা যিটো যিকোনো কঠিন মাধ্যমত কোনো জীৱই বাসস্থান বা অন্য কামৰ বাবে খান্দে আৰু তাত চলাচল কৰে। কেঁচু, নিগনি, শহা, ভাটৌ আদি এনে জীৱৰ উদাহৰণ।