প্ৰুছিয়া ৰাজ্য ( জাৰ্মান: Königreich Preußen ,উচ্চাৰণ [ˈkøːnɪkʁaɪç ˈpʁɔʏsn̩] ( শুনক)উচ্চাৰণ [ˈkøːnɪkʁaɪç ˈpʁɔʏsn̩] (
শুনক)) আছিল ১৭০১ আৰু ১৭১৮ চনৰ ভিতৰত প্ৰুছিয়া ৰাজ্যৰে গঠিত জাৰ্মান ৰাষ্ট্ৰ ৷[1] ১৮৬৬ চনত জাৰ্মানীৰ একত্ৰীকৰণৰ আঁৰত ই চালিকা শক্তি আছিল আৰু ১৯১৮ চনত ইয়াৰ বিলুপ্তিলৈকে জাৰ্মান সাম্ৰাজ্যৰ আগশাৰীৰ ৰাজ্য আছিল। [1] যদিও ইয়াৰ নাম প্ৰুছিয়া নামৰ অঞ্চলৰ পৰা লোৱা হৈছে, ইয়াৰ ভিত্তি আছিল ব্ৰেণ্ডেনবাৰ্গৰ মাৰ্গ্ৰেভিয়েটত ৷ ইয়াৰ ৰাজধানী আছিল বাৰ্লিন ৷ [2] ব্ৰেণ্ডেনবাৰ্গ ক্ষমতাৰ মুখ্য কাৰ্যালয় আৰু সত্তাৰ বিশিষ্ট অংশ হোৱাৰ বাবে ৰাজ্যখনক প্ৰুছিয়া - ব্ৰেণ্ডেনবাৰ্গ বা ব্ৰেণ্ডেনবাৰ্গ-প্ৰুছিয়া আৰু কেতিয়াবা অশুদ্ধভাৱে ব্ৰেণ্ডেনবাৰ্গ ৰাজ্য বা নৰ্ডমাৰ্ক ৰাজ্য বুলিও কোৱা হৈছিল।
প্ৰুছিয়াৰ ৰজাসকল আছিল হাউচ অৱ হোহেনজোলাৰ্নৰ ৷ ব্ৰেণ্ডেনবাৰ্গ-প্ৰুছিয়া ব্ৰেণ্ডেনবাৰ্গৰ নিৰ্বাচক ফ্ৰেডেৰিক উইলিয়ামৰ অধীনত এক সামৰিক শক্তিত পৰিণত হয়, যাক "মহান নিৰ্বাচক" বুলি জনা যায়। [3] [4] [5] [6] বিশেষকৈ ফ্ৰেডেৰিক দ্বিতীয় "মহান" ৰ ৰাজত্বকালত ৰাজ্য হিচাপে প্ৰুুুুুুছিয়াই তাৰ উত্থানৰ ধাৰাবাহিকতা অটুুত ৰাখে ৷ সাত বছৰীয়া যুদ্ধ (১৭৫৬–১৭৬৩) আৰম্ভ কৰাত ফ্ৰেডেৰিক দ্য গ্ৰেটে অষ্ট্ৰিয়া, ৰাছিয়া, ফ্ৰান্স আৰু ছুইডেনৰ বিৰুদ্ধে নিজৰ স্থান দখল কৰি জাৰ্মান ৰাষ্ট্ৰসমূহৰ মাজত প্ৰুছিয়াৰ প্ৰভাৱশালী ভূমিকা প্ৰতিষ্ঠা কৰাৰ লগতে দেশখনক ইউৰোপীয় মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল শক্তিশালী প্ৰুছিয়ান সেনাৰ বিজয়ৰ জৰিয়তে। [7] [8] প্ৰুছিয়াই নিজৰ শাসনৰ অধীনত সকলো জাৰ্মান ৰাষ্ট্ৰক ( ছুইজাৰলেণ্ডৰ জাৰ্মান কেণ্টনসমূহ বাদ দি) একত্ৰিত কৰাৰ প্ৰচেষ্টা চলাইছিল আৰু অষ্ট্ৰিয়াক এনে একত্ৰিত জাৰ্মান ডমেইনত অন্তৰ্ভুক্ত কৰা হ'ব নে নহয় সেয়া এটা চলি থকা প্ৰশ্ন হৈ পৰিছিল। নেপোলিয়ন যুদ্ধৰ ফলত জাৰ্মান কনফেডাৰেচন গঠন হোৱাৰ পিছত জাৰ্মান ৰাষ্ট্ৰসমূহক একত্ৰিত কৰাৰ বিষয়টোৱে ১৮৪৮–১৮৪৯ চনৰ জাৰ্মান বিপ্লৱৰ সৃষ্টি কৰে, সকলো ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে নিজৰ সংবিধানৰ অধীনত একত্ৰিত হ'বলৈ চেষ্টা কৰে। [1] ফেডাৰেচন গঠনৰ প্ৰচেষ্টা সফল নহ'ল আৰু ১৮৬৬ চনত জাৰ্মান কনফেডাৰেচনৰ পতন ঘটে যেতিয়া ইয়াৰ দুখন শক্তিশালী সদস্য ৰাষ্ট্ৰৰ মাজত অষ্ট্ৰিয়া-প্ৰাছিয়ান যুদ্ধ আৰম্ভ হয়।
১৮৬৬ চনত উত্তৰ জাৰ্মান কনফেডাৰেচন স্থাপনৰ অন্তৰালত প্ৰুুুুুছিয়া আছিল ইয়াৰ চালিকা শক্তি যিটো ১৮৭১ চনত ঐক্যবদ্ধ জাৰ্মান সাম্ৰাজ্যলৈ ৰূপান্তৰিত হয় আৰু আজিৰ ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ আদিম নিৰন্তৰ আইনী পূৰ্বসূৰী বুলি গণ্য কৰা হয়। [1] অষ্ট্ৰিয়া-প্ৰুছিয়ান যুদ্ধৰ পিছত উত্তৰ জাৰ্মান কনফেডাৰেচনক সামৰিক শক্তিৰ মিত্ৰতা হিচাপে বেছিকৈ দেখা গৈছিল যদিও ইয়াৰ বহু আইন পিছলৈ জাৰ্মান সাম্ৰাজ্যত ব্যৱহাৰ কৰা হৈছিল। ১৮৭০–১৮৭১ চনৰ ফ্ৰান্স-প্ৰুছিয়ান যুদ্ধত তৃতীয় নেপোলিয়নৰ পৰাজয়ৰ বাবে জাৰ্মান সাম্ৰাজ্যই প্ৰুছিয়ান আধিপত্যৰ অধীনত অষ্ট্ৰিয়া আৰু চুইজাৰলেণ্ডৰ বাহিৰেও সকলো জাৰ্মান ৰাষ্ট্ৰক সফলতাৰে একত্ৰিত কৰে [1] । যুদ্ধই সকলো জাৰ্মান ৰাষ্ট্ৰক এক উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে একত্ৰিত কৰিলে আৰু বিজয়ৰ লগে লগে জাতীয়তাবাদৰ এক আপ্লুত ঢৌ আহিল যিয়ে একত্ৰীকৰণৰ বিৰোধী কিছুমানৰ মতামত সলনি কৰিলে।
১৯১৮–১৯১৯ চনৰ জাৰ্মান বিপ্লৱৰ লগে লগে প্ৰুছিয়া ৰাজ্যখন প্ৰুছিয়াৰ মুক্ত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হয়।