শ্ৰেণী | কিংবদন্তিমূলক জীৱ |
---|---|
উপশ্ৰেণী | নিশাচৰ |
অন্য নাম | ভোকাতুৰ ভূত |
স্থান | পূব, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া |
প্ৰেত (সংস্কৃত: प्रेत) হৈছে হিন্দু, বৌদ্ধ, তাও ধৰ্ম আৰু চীনা লোকধৰ্মত মানুহৰ তুলনাত অধিক দুখ-কষ্ট, বিশেষকৈ চৰম মাত্ৰাৰ ভোক আৰু পিয়াহৰ সন্মুখীন হোৱা বুলি বৰ্ণনা কৰা এক প্ৰকাৰৰ অলৌকিক সত্তাৰ সংস্কৃত নাম। ইহঁতক ভোকাতুৰ ভূত বুলিও কোৱা হয়।[1] ভাৰতীয় ধৰ্মৰ পৰাই প্ৰেতৰ উৎপত্তি হৈছে। বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ জৰিয়তে পূব এছিয়াৰ ধৰ্মত এই ধাৰণাটো সোমাই পৰিছে। চীন আৰু পূব এছিয়াৰ অভিযোজনৰ পৰা প্ৰেতক ইংৰাজীলৈ "hungry ghost" বুলি অনুবাদ কৰিব পাৰি। পেটাৱত্তুৰ দৰে প্ৰাৰম্ভিক উৎসসমূহত ইহঁতক অতি বৈচিত্ৰ্যময় বুলি বৰ্ণনা কৰা হৈছে। এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁ আত্মা আৰু ভূতলৈ পৰিৱৰ্তিত হোৱা বুলি ভবাৰ পৰাই প্ৰেতৰ ধাৰণাটোৰ বিকাশ আৰম্ভ হৈছিল। কিন্তু পিছলৈ সেই ধাৰণাটোৱে ব্যক্তিজনৰ ভাগ্য অনুসৰি মৃত্যু আৰু কৰ্মৰ পুনৰ্জন্ম লাভৰ মাজত এক ক্ষণস্থায়ী অৱস্থালৈ বিকশিত হৈছিল।[2] কৰ্মৰ পুনৰ্জন্মৰ চক্ৰলৈ যাবলৈ হ’লে মৃতকৰ পৰিয়ালে দুখভোগী আত্মাক পৰৱৰ্তী জীৱনলৈ পথ প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ধৰণৰ আচাৰ-অনুষ্ঠান পালন কৰিব লাগে।[2] যদি পৰিয়ালটোৱে এবছৰ ধৰি চলা এই অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানসমূহ পালন নকৰে তেন্তে আত্মাই অনন্তকাললৈকে প্ৰেত হিচাপে কষ্ট পাই থাকিব পাৰে।[2]
প্ৰেতসমূহ পূৰ্বৰ জীৱনৰ মিথ্যাচাৰী, দুৰ্নীতিগ্ৰস্ত, প্ৰতাৰক, ঈৰ্ষাপৰায়ণ বা লোভী মানুহ বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ কৰ্মৰ ফলস্বৰূপে তেওঁলোকে কোনো বিশেষ পদাৰ্থ বা বস্তুৰ প্ৰতি অতৃপ্ত ক্ষুধাত আক্ৰান্ত হয়। পৰম্পৰাগতভাৱে, ই ঘৃণনীয় বা অপমানজনক যিকোনো বস্ত হ'ব পাৰে।[3] কোনো বস্তুৰ প্ৰতি অতৃপ্ত ক্ষুধা থকাৰ উপৰিও প্ৰেতৰ দৃষ্টিশক্তি বিৰক্তিদায়ক বুলি কোৱা হয়।[4] প্ৰেত আৰু মানুহে একেই স্থানতে থাকিলেও নদী এখনলৈ চাই মানুহে স্বচ্ছ পানী দেখাৰ বিপৰীতে প্ৰেতসমূহে একেখন নদীকে ঘৃণনীয় পদাৰ্থৰে বৈ যোৱা দেখে।[4]
এছিয়াৰ বহু অঞ্চল যেনে ভাৰত, বাংলাদেশ, শ্ৰীলংকা, চীন, জাপান, কোৰিয়া, ভিয়েটনাম, তিব্বত, থাইলেণ্ড, কম্বোডিয়া, লাওছ আৰু ম্যানমাৰ আদি দেশৰ সংস্কৃতিত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ বিশ্বাস আৰু প্ৰভাৱৰ বাবে প্ৰেতৰ চিত্ৰায়ন যথেষ্ট পৰিমাণে দেখা যায়।
সংস্কৃত 'প্ৰেত' শব্দৰ অৰ্থ হৈছে "মৃত ব্যক্তি।" ইয়াৰ মূল হৈছে 'প্ৰ-ইতা' যাৰ অৰ্থ "গুচি যোৱা, প্ৰস্থান কৰা।" ধ্ৰুপদী সংস্কৃতত এই শব্দটোৱে কোনো মৃত ব্যক্তিৰ আত্মাক বুজায়; বিশেষকৈ সৎকাৰৰ ৰীতি-নীতি সম্পন্ন হোৱাৰ আগতে। লগতে ই ভূত বা অশুভ সত্তাকো বুজায়।[5]
ইয়াৰ বিপৰীতে বৌদ্ধ ধৰ্মত সংস্কৃত 'প্ৰেত' শব্দটো সম্ভাৱ্য পুনৰ্জন্মৰ ছটা অৱস্থাৰ এটাক বুজাবলৈ গ্ৰহণ কৰা হৈছিল।[4]
প্ৰেতসমূহ মানুহৰ চকুত অদৃশ্য। কিন্তু কিছুসংখ্যকৰ মতে বিশেষ কোনো মানসিক অৱস্থাত মানুহে ইয়াক অনুভৱ কৰিব পাৰে। ইহঁতক মানুহৰ দৰে বুলি বৰ্ণনা কৰা হৈছে যদিও ইহঁতৰ দেহা কিন্তু সোতোৰা পৰা, ছাল শুকান, অংগ সংকীৰ্ণ, কিন্তু পেট অতিশয় প্ৰসাৰিত আৰু ডিঙি দীঘলীয়া। এই ৰূপটো তেওঁলোকৰ মানসিক পৰিস্থিতিৰ উপমা: অৰ্থাৎ তেওঁলোকৰ বিশাল পেটত অন্তহীন ক্ষুধা আছে, কিন্তু সেই ক্ষুধা পূৰণ কৰাৰ ক্ষমতা অতি সীমিত, যাৰ প্ৰতীক হৈছে তেওঁলোকৰ দীঘল ডিঙি।
কম্বোডিয়াত এক বিশেষ নাৰী প্ৰেতক গ্ৰেক বুলি জনা যায়। ই হৈছে এক অশুভ আত্মা যি য়েই প্লেং নামৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত বৃদ্ধাৰ আত্মা বুলি বিশ্বাস কৰা হয়। জীৱনকালত তেওঁ ৰাজপৰিয়ালৰ বাবে আৰু ওচৰৰ মন্দিৰত সন্ন্যাসীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ দায়িত্বত আছিল।[6]
ভুগিবলগা দুখ-দুৰ্দশাক দুটা প্ৰধান প্ৰকাৰৰ প্ৰেতৰ বাবে নিৰ্দিষ্ট কৰা হৈছে। ইয়াৰে প্ৰথমবিধ প্ৰেত সামূহিকভাৱে জীয়াই থাকে আৰু আনটো প্ৰকাৰৰ প্ৰেতে মহাশূন্যত বিচৰণ কৰি ফুৰে।[7] প্ৰথমবিধৰ তিনিটা উপপ্ৰকাৰ আছে। ইয়াৰে প্ৰথমটো হ’ল বাহ্যিক দুৰ্দশাত ভুগি থকা প্ৰেত।[7] এই প্ৰেতবোৰে অহৰহ ক্ষুধা, তৃষ্ণা বা উষ্ণতাৰ সংবেদনহীনতাত ভুগি থাকে।[7] দ্বিতীয় প্ৰকাৰৰ প্ৰেতে অভ্যন্তৰীণ দুৰ্দশাত ভুগি থাকে। ইহঁতৰ মুখ সৰু হোৱাৰ বিপৰীতে পেটটো ডাঙৰ।[7] ইহঁতৰ মুখখন ইমানেই সৰু যে পেটৰ বৃহৎ ঠাইখিনি পূৰণ কৰিব পৰাকৈ ইহঁতে খাদ্য খাব নোৱাৰে আৰু তেনেকৈয়ে অনবৰতে ভোকত থাকে।[7] তৃতীয় প্ৰকাৰৰ প্ৰেতে জীয়াই থকা জীৱৰ দৰে নিৰ্দিষ্ট দুৰ্দশাত ভোগে।[7] মহাশূন্যত বিচৰণ কৰা আনটো শ্ৰেণীৰ প্ৰেতসমূহে সদায় ভয় খাই থাকে। ইয়াৰোপৰি ইহঁতে আনক কষ্ট দিয়াৰ প্ৰৱণতাত আক্ৰান্ত হয়।[7]
প্ৰেতসমূহৰ দুখ-দুৰ্দশাসমূহ প্ৰায়ে নৰকত বাস কৰা লোকসকলৰ সৈতে মিলে। ইহঁতৰ মূল পাৰ্থক্যটো হ’ল যে নৰকত থকা সত্তাসমূহ নিজৰ ভূগৰ্ভস্থ জগতখনত আবদ্ধ হৈ থাকে। ইয়াৰ বিপৰীতে প্ৰেতসমূহ মুক্তভাৱে ঘূৰি ফুৰিব পাৰে।