প্ৰেম বিবাহ বা লাভ মেৰেজ (ইংৰাজী: Love Marriage) শব্দটো দক্ষিণ এছিয়াত; বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাত ব্যৱহাৰ হয়। ইয়াৰ জৰিয়তে এহাল যুৱক-যুৱতীয়ে প্ৰেমৰ জৰিয়তে মাক-দেউতাকৰ সন্মতি পোৱা বা নোপোৱাকৈ কৰা বিবাহক বুজোৱা হয়।[1][2][3] আচলতে প্ৰেম বিবাহৰ কোনো স্পষ্ট সংজ্ঞা নাই। সাধাৰণতে প্ৰেম বিবাহ বুলিলে সেইসমূহ বিয়াকেই বুজোৱা হয় য'ত বিবাহপাশত আৱদ্ধ হোৱাটো যুৱক-যুৱতীহালৰ সম্পূৰ্ণ নিজা সিদ্ধান্ত।[1]
আমেৰিকান ইতিহাসবিদ ষ্টিফানি কুঞ্জে ২০০৫ চনত প্ৰকাশ পোৱা গ্ৰন্থ A History: From Obedience to Intimacy, or How Love Conquered Marriageত প্ৰেম বিবাহৰ ইতিহাস লিখিছিল। তেওঁ কিতাপখনত লিখিছে যে গোটেই বিশ্বতে নহ'লেও প্ৰেম আৰু ব্যক্তিগত দায়ৱদ্ধতাৰ বান্ধোনত সোমাই হোৱা বিয়া চতুৰ্দশ শতিকাতে প্ৰথম আৰম্ভ হৈছিল। সপ্তদশ শতিকাৰ পৰা ইয়াৰ দ্ৰুত প্ৰচলন হ'বলৈ ধৰে।[4]
ভিক্ট'ৰিয়ান যুগত ৰাণী ভিক্ট'ৰিয়া আৰু ৰাজকুমাৰ এলবাৰ্টৰ প্ৰেম বিবাহেও ব্ৰিটিছ জনসাধাৰণৰ মাজত ইয়াক অধিক গ্ৰহণযোগ্য কৰি তুলিলে, কাৰণ সেইসময়ছোৱা প্ৰেম বিবাহৰ উত্থানৰ কাল আছিল।
ভাৰতত প্ৰেম বিবাহ বুলিলে যুৱক-যুৱতীয়ে আত্মীয়-স্বজনৰ মতামত নোলোৱাকৈ সম্পূৰ্ণ নিজা সিদ্ধান্তৰে আৱদ্ধ হোৱা বিয়াক বুজোৱা হয়। এইধৰণৰ বিয়াত জাত-পাত, ধৰ্ম আদিৰ কোনো বাছ-বিচাৰ নাথাকে।
১৯৭০ৰ দশকত ঔদ্যোগিক অঞ্চলসমূহত প্ৰেম বিবাহৰ ধাৰণাটো জনপ্ৰিয় হ'বলৈ ধৰিছিল। প্ৰথম অৱস্থাত, একেধৰণৰ জাতিৰ মাজতহে প্ৰেম বিবাহ হৈছিল। প্ৰেম বিবাহ আৰু "এৰে'ইঞ্জড্" (Arranged marriage) অৰ্থাৎ ঠিক কৰা বিবাহৰ মাজৰ সীমাৰেখাডাল লাহে লাহে ধূসৰ হ'বলৈ ধৰিছে।[1] এতিয়া "লাভ এৰেইঞ্জড্ মেৰেজ" অৰ্থা ভাল পাই ঠিক কৰা ধৰণৰ নতুন বিবাহৰ শ্ৰেণী এটা ওলাইছে য'ত প্ৰেম বিবাহ আৰু ঠিক কৰা বিবাহ- দুয়োটা উপাদানেই আছে।[5]
২০১২ চনত এন ডি টি ভি চেনেলটোৰ বাবে ইছপছে চলোৱা এটা সমীক্ষাত ৭৪% লোকে উত্তৰ দিছিল যে তেওঁলোকে ঠিক কৰা বিবাহক পছন্দ কৰে।[6] ২০১০ চনত নেশ্বনেল কমিশ্বন ফৰ ৱিমেনে এটা তথ্যত প্ৰকাশ কৰিছিল যে বিগত বছৰত ৩২৬ টাকৈ সন্মান ৰক্ষাৰ্থে হত্যাৰ (Honor killing; নিজ বংশমৰ্য্যাদা ৰক্ষাৰ বাবে কৰা হত্যা) ঘটনা দেশত সংঘটিত হৈছে। ইয়াৰে অধিকাংশই সংঘটিত হৈছিল আন্তঃসাম্প্ৰদায়িক বিয়াৰ বাবে।[7]
পাকিস্তানত ঠিক কৰা বিবাহেই সমাজৰ প্ৰচলিত নিয়ম। ইয়াত প্ৰেম বিবাহ দুৰ্লভ। প্ৰতি বছৰে দেশখনত বহুকেইটা সন্মান ৰক্ষাৰ্থে হত্যাৰ ঘটনা সংঘটিত হয়।[8] এইবোৰত বেছিভাগ ক্ষেত্ৰতে যুৱতীগৰাকীকে হত্যা কৰা হয় যদিও কিছুমান ক্ষেত্ৰত দুয়োকে হত্যা কৰাৰো নজিৰ আছে।[9]
বাংলাদেশত ৰোমাণ্টিক সম্পৰ্কৰ বিৰুদ্ধে ধৰ্মীয় নিষেধাজ্ঞা আছে। ৰোমাণ্টিক প্ৰেমৰ সম্পৰ্ক থকা যুৱক-যুৱতীয়ে ইয়াত গোপনে লগ হয়, গোপনে কথা-বতৰা পাতে আৰু বিয়া পাতিবলৈ সাধাৰণতে ঘৰৰ পৰা পলাই যায়।[10][11] বাংলাদেশত সন্মান ৰক্ষাৰ্থে হত্যাৰ ঘটনা বিশেষ দেখা নাযায় যদিও দেশখনৰ ইছলামধৰ্মী লোকসকলে ৰোমাণ্টিক সম্পৰ্কক ভাল দৃষ্টিৰে নাচায়। তদুপৰি নিজ ইচ্ছাৰে ৰোমাণ্টিক সম্পৰ্কত সোমোৱা বা জীৱনসংগী এগৰাকী বিচাৰি উলিওৱাটোও কঠিন। মুঠতে বাংলাদেশত "এৰেইঞ্জড্" বা ঠিক কৰা বিবাহেই বহুলপ্ৰচলিত বিবাহ প্ৰথা।[12]
ইজিপ্টত প্ৰেম বিবাহক, বিশেষকৈ দুটা ধৰ্মৰ মাজত হোৱা বিয়াক সামাজিক দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য বুলি ধৰা নহয়। পৃথক ধৰ্মৰ মাজত হোৱা বিয়াৰ বাবে কেতিয়াবা হিংসাৰো সূত্ৰপাত হয়। ইজিপ্টৰ নীতি অনুসৰি, মুছলিম ছোৱালী এজনীক বিয়া কৰাবলৈ আন ধৰ্মৰ লোকগৰাকীয়ে প্ৰথমে ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগে। অৱশ্যে এইগৰাকী খ্ৰীষ্টান মহিলাই ধৰ্ম সলনি নকৰাকৈ মুছলিম পুৰুষ এজনৰ লগত বিয়াত বহিব পাৰে। কিন্তু তাকে কৰিবলৈ মহিলাগৰাকীয়ে প্ৰথমে গীৰ্জাৰ পৰা এখন অনুমতি পত্ৰ লাভ কৰা প্ৰয়োজন, যিখন পোৱাৰ আশা খুব কমেই থাকে।[13]