![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
পৰিৱেশ বিজ্ঞান ( ইংৰাজী: Environmental science ) হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা। বৰ্তমান এই শাখাই পৰিস্থিতিক তন্ত্ৰসমূহৰ সম্পৰ্কে সম্পূৰ্ণ, গুণগত আৰু বহুবিভক্ত মাৰ্গ প্ৰদৰ্শন কৰে।[1]
পৰিৱেশ বিজ্ঞানৰ সৈতে সম্পৰ্কৃত ক্ষেত্ৰবোৰ হৈছে- পৰিৱেশ অধ্যয়ন আৰু পৰিস্থিতিক অভিযান্ত্ৰিকী। পৰিৱেশ অধ্যয়নে বিশেষকৈ পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক, জ্ঞান আৰু নীতিসমূহৰ অধ্যয়ন কৰে আৰু পৰিস্থিতিক অভিযান্ত্ৰিকীয়ে প্ৰতিটো দিশতে পৰিৱেশৰ গুণগত উৎকৰ্ষ সাধনৰ বাবে আৰ্হি আৰু প্ৰযুক্তি সম্পৰ্কত মনোনিৱেশ কৰে। পৰিৱেশ বিজ্ঞানী সকলে ভূ-প্ৰক্ৰিয়া, বিকল্প শক্তিৰ সন্ধান, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, আৰু গোলকীয় জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ, ভৌতিক, ৰাসায়নিক আৰু জীৱবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহৰ পাৰস্পৰিক ক্ৰিয়া আদি বিষয়সমূহ অধ্যয়ন কৰে।
সাধাৰণতে পৰিৱেশ বিজ্ঞান আৰু পৰিস্থিতিবিদ্যা এটাক আনটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু কৌশলগতভাৱে পৰিৱেশবিদ্যাই কেৱল জীৱ আৰু জীৱসমূহৰ পাৰস্পৰিক ক্ৰিয়া আৰু পৰিৱেশৰ সৈতে থকা সমন্ধৰ আধ্যয়নকহে সূচায। পৰিস্থিতিবিদ্যাক পৰিৱেশ বিজ্ঞানৰ এটা উপবিভাগ হিচাপে বিবেচনা কৰিব পাৰি।
|