পৰ্জন্য (সংস্কৃত: पर्जन्य parjánya) বেদত উল্লিখিত বৰ্ষা, বিজুলী, ঢেৰেকনি আৰু উৰ্বৰতাৰ দেৱতা।[1][2]
পৰ্জন্যক প্ৰায় এটি বৰ্ষা-ষাঁড়ৰ ৰূপত কল্পনা কৰা হয়, যি ইন্দ্ৰৰ বশত। বিজুলী পৰ্জন্যৰ স্তন আৰু বৰষুণ গাখীৰ। ঢেৰেকনি পৰ্জন্যৰ মাত। পৰ্জন্য কাঁৰ বা বৰষুণৰ বতৰত গজা ইকৰাৰ পিতৃ। তেওঁক কবিৰ সংৰক্ষক আৰু মাংসাহাৰী-জুইৰ শত্ৰু বুলিও কোৱা হয়।[3]
বামণ শিৱৰাম আপ্তেৰ ১৯৬৫ৰ সংস্কৃত-ইংৰাজী অভিধানৰ মতে, পাৰ্জন্যৰ তিনিটা অৰ্থ:
- বৰষুণ দিয়া ডাৱৰ, ঢেৰেকনি মৰা ডাৱৰ, বা সকলো ডাৱৰ;
- বৰষুণ (ভাগৱৎ গীতাৰ তৃতীয় অধ্যায়ৰ চতুৰ্দশ পদ);
- বৰষুণৰ দেৱতা, অৰ্থাৎ ইন্দ্ৰ।
বৰষুণৰ উপহাৰ দিয়া, স্বৰ্গৰ পুত্ৰ, পৰ্জন্যৰ গান গোৱা আৰু প্ৰশংসা কৰা। তেওঁ যেন চাৰণভূমি প্ৰদান কৰে। পৰ্জন্য সেই দেৱতা যিয়ে গৰু, ঘোঁড়া, গছ-গছনি আৰু নাড়ীত জীৱনৰ বীজ উৎপন্ন কৰে। তেওঁক নৈবেদ্য অৰ্পণ কৰা। তেওঁ যেন আমাক সদায় খাদ্য প্ৰদান কৰে।
ঋগবেদত উল্লিখিত পৰ্জন্যক উদ্দেশ্যি লিখা স্তোত্ৰ (Book 7: HYMN CII Parjanya)
[4]
ঋগবেদ্ৰ দুটি স্তোত্ৰ: ৫.৮৩ আৰু ৭.১০১ পৰ্জন্যক উদ্দেশ্যি লিখা হৈছিল। বৈদিক সংস্কৃতত পৰ্জন্যৰ অৰ্থ "বৰষুণ" বা "বৰষুণ দিয়া ডাৱৰ"। বৰষুণৰ কৃপাৰ বাবে পৰ্জন্যক উদ্দেশ্যি লিখা স্তোত্ৰ অথৰ্ববেদতো পোৱা যায়।[5]
পৰ্জন্য পঞ্চম মন্বন্তৰৰ সপ্তঋষিৰো অন্যতম।[6] তেওঁ বাৰ আদিত্যৰ অন্যতম আৰু বিষ্ণু পুৰাণৰ মতে, কাতি মাহৰ সংৰক্ষক।[7] তেওঁ এজন গন্ধৰ্ব আৰু হৰিবংশৰ মুনিও হয়।
প্ৰধান প্ৰবন্ধ:
Perkwunos
পৰ্জন্যক অনেক সংস্কৃতিত পূজা হয়। স্লেভিক পেৰুণ, লিথুৱানিয়ান পেৰ্কুনাছ, লেটভিয়ান পেৰ্কন্স আৰু ফিনিছ পেৰ্কেলে ঢেৰেকনিৰ দেৱতা। গথিক ফেৰ্গুণি (পৰ্বত) আৰু মৰ্ডৱিন পুৰ্গিনেপাজো পৰ্জন্যৰেই ৰূপ।[8]
পালি বৌদ্ধ সাহিত্যত পৰ্জন্যক পজ্জুন আখ্যা দিয়া হৈছে। তেওঁ বচ্ছৱলহক দেৱতাসকলৰ ৰজা, যাৰ ডাৱৰ আৰু বতৰৰ ওপৰত সীমিত নিয়ন্ত্ৰণ আছে। তেওঁৰ পুত্ৰীৰ নাম কোকনদা।[9]
- ↑ MacDonell, Arthur Anthony (1995). Vedic Mythology - Arthur Anthony Macdonell - Google Książki. ISBN 9788120811133. https://books.google.com/books?id=b7Meabtj8mcC&pg=PA84&lpg=PA84&dq=parjanya+lightning+thunder#q=parjanya%20lightning%20thunder.
- ↑ Gonda, Jan (1969). Aspects of Early Viṣṇuism - Jan Gonda - Google Książki. ISBN 9788120810877. https://books.google.com/books?id=b8urRsuUJ9oC&pg=PA39&lpg=PA39&dq=parjanya+lightning+thunder#q=parjanya%20lightning%20thunder.
- ↑ Vedic Mythology - Nagendra Kr Singh - APH Publishing, Jan 1, 1997
- ↑ Parjanya Rig Veda, translated by Ralph T.H. Griffith, 1896, Book 7: HYMN CII Parjanya.
- ↑ Prayer.. Atharvaveda, translated by Ralph T.H. Griffith, 1895, Book 4: Hymn 15, A charm to hasten the coming of the rains.
- ↑ Fifth interval of Manu Vishnu Purana, translated by Horace Hayman Wilson, 1840, Book III: Chapter I. p. 262-263, In the fifth interval the Manu was Raivata: the Indra was Vibhu: the classes of gods, consisting of fourteen each, were the Amitábhas, Abhútarajasas, Vaikunthas, and Sumedhasas: the seven Rishis were
Hirańyaromá, Vedasrí, Urddhabáhu, Vedabáhu, Sudháman, Parjanya, and Mahámuni.
- ↑ Parashara...In the month of Kártik they are Parjanya, Bharadwája, (another) Viswávasu, Viswáchí, Senajit, Airávata, and Chápa Vishnu Purana, translated by Horace Hayman Wilson, Book II: Chapter X. p. 233, Names of the twelve Ádityas. Names of the Rishis, Gandharbhas, Apsarasas, Yakshas, Uragas, and Rákshasas, who attend the chariot of the sun in each month of the year. Their respective functions...
- ↑ Parjanya means "the rain" or "the thunderer.. Songs of the Russian People, by W. R. S. Ralston, 1872, Chapter II: Section I.--The Old Gods. p. 87. The description of Parjanya is in all respects applicable to the deity worshipped by the different branches of the Slavo-Lettic family under various names, such as the Lithuanian Perkunas, Lettish Pērkons, the Old Prussian Perkunos, the Polish Piorun, the Bohemian Peraun, and the Russian Perun. There is resemblance also to the Finnic Mordvin / Erza thunder god Pur’ginepaz. According to a Lithuanian legend, known also to other Indo-European nations, the Thunder-God created the universe by the action of warmth—Perkunas wis iszperieje. The verb perieti (present form periu) means to produce by means of warmth, to hatch, to bear, being akin to the Latin pario, and the Russian parit' . In Lithuania Perkunas, as the God of Thunder, was worshipped with great reverence. His statue is said to have held in its hand "a precious stone like fire," shaped "in the image of the lightning," and before it constantly burnt an oak-wood fire. If the fire by any chance went out, it was rekindled by means of sparks struck from the stone. The Mordvin /Erza tradition has " Sparks fly from the cartwheels and the hooves of fiery-red horses of Pur’ginepaz, when he drives across the sky " (Yurtov, A. 1883. Obraztsy mordovskoi narodnoi slovesnosti. 2nd ed. Kazan. :129)
- ↑ Mahāthero, Punnadhammo. "The Buddhist Cosmos: A Comprehensive Survey of the Early Buddhist Worldview; according to Theravāda and Sarvāstivāda sources". Archived from the original on 2019-03-24. https://web.archive.org/web/20190324220438/https://what-buddha-said.net/library/pdfs/Buddhist_Cosmology_Punnadhammo.pdf। আহৰণ কৰা হৈছে: 2019-03-24.