বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰা কাৰ্য্যই হৈছে পৰ্য্যটন। অসম তথা ভাৰতবৰ্ষত বৰ্তমান বিভিন্ন পৰ্য্যটন ক্ষেত্ৰ গঢ়ি উঠিছে।
১৯৮০চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭চেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য। ১৯৭০ চনৰ ২৭চেপ্তেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল। ১৯৯৭চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয়-বস্তু (থিম) লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে। বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয়।
|