শিল্পী | পল ভেন হুইডংক (Paul Van Hoeydonck) |
---|---|
বছৰ | ১৯৭১ |
প্ৰকাৰ | এলুমিনিয়াম |
আয়তন | 8.5 ছে.মি. (সাঁচ:Convert/ছে.মি.) |
অৱস্থিতি | চন্দ্ৰ, মন্ছ হেড্লি (Hadley Rille) |
ফলেন এষ্ট্ৰ'নট (ইংৰাজী: Fallen Astronaut), ৮.৫ চে.মি. (৩ ইঞ্চিতকৈ সামান্য ডাঙৰ) এলুমিনিয়ামেৰে নিৰ্মিত এক ভাস্কৰ্য। ভাস্কৰ্যটোত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকী দেখুওৱা হৈছে। মহাকাশ যাত্ৰাৰ অগ্ৰগতিৰ সময়ত জীৱন হেৰুওৱা মহাকাশচাৰীসকলৰ স্মৃতিত এই ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল। ইয়াক চন্দ্ৰপৃষ্ঠৰ মনছ হেড্লি বা হেড্লি ৰিলে নামৰ ঠাইত ৰখা হৈছে। এপ'লো-১৫-ৰ মহাকাশচাৰীসকলে এই ভাস্কৰ্য ১ আগষ্ট ১৯৭১-ত ইয়াক চন্দ্ৰপৃষ্ঠত স্থাপন কৰে।
বেলজিয়ামৰ ভাস্কৰ পল ভেন হুইডংক-য়ে মহাকাশচাৰী ডেভিড স্কট-ক এক নৈশভোজত লগ পোৱাৰ পাছত এই ভাস্কৰ্য নিৰ্মাণৰ পৰিকল্পনা কৰে। অৱশ্যে দুয়োজনে পিছত দিয়া বিৱৰণত কিছু অমিল পোৱা যায়। স্কটৰ মুখ্য উদ্দেশ্য আছিল মহাকাশ যাত্ৰাৰ নামত প্ৰাণ উছৰ্গা কৰা মহাকাশচাৰীসকলৰ স্মৃতি এই ভাস্কৰ্যৰ জৰিয়তে যুগমীয়া কৰি ৰখা। এই ভাস্কৰ্যৰ লগত সংলগ্ন স্মাৰক ফলিখন স্কটে নিজাববীয়াকৈ আৰ্হি নিৰ্মাণ আৰু প্ৰস্তুত কৰে। ভাস্কৰ পল ভেন হুইডংক-ক এই ভাস্কৰ্য নিৰ্মাণৰ সময়ত কেইটামান বাধ্য-বাধকতা মানি চলিবলৈ কোৱা হৈছিল। ভাস্কৰ্যটো হ'বলগীবা সৰু আৰু কম ওজনৰ অথচ মজবুত যাতে চন্দ্ৰপৃষ্ঠৰ প্ৰচণ্ড শীত-তাপ ই সহিব পাৰে, ইয়াক দেখিলে পুৰুষ নে স্ত্ৰী ধৰিব নোৱৰা হ'ব লাগিব, বা কোনো বিশেষ জনগোষ্ঠীৰ ছাপ থাকিব নোৱাৰিব। স্কটৰ মতে মহাকাশ যাতে বজাৰৰ পণ্য হৈ নুঠে তাৰ বাবে হুইডংকৰ নাম ৰাজহুৱা কৰা নহ'ব। অৱশ্যে এই কথা হুইডংকে সম্পূৰ্ণৰূপে মানি লোৱা নাছিল।[1]
ভেন হুইডংকে বেলজিয়ামৰ কাকত 'লা ছয়ৰ'-ক দিয়া সাক্ষাৎকাৰত কয় যে ভাস্কৰ্যটো মহাকাশচাৰী হ'ব লাগিব বুলি ভবা হোৱা নাছিল, বৰং ই সমগ্ৰ মানৱ-জাতিকে প্ৰতিফলিত কৰাটোহে বিচৰা হৈছিল। তেখেতে উল্লেখ কৰা মতে, তেওঁ নাজানিছিল যে ভাস্কৰ্যটো মৃত্যু হোৱা মহাকাশচাৰীৰ প্ৰতিভূ হ'ব। আনকি দিয়া নামটোও তেখেতৰ পছন্দ হোৱা নাছিল। তেখেতে ভাস্কৰ্যটো থিয়কৈ ৰখাতো বিচাৰিছিল।[1][2] দুয়োজনৰে বিৱৰণী ষ্টেট আলোচনীত ২০১৩ চনত একেলগে প্ৰকাশ হৈছিল।[1]
১৯৭১ চনৰ ১ আগষ্ট তাৰিখে[3] Fallen Astronaut শীৰ্ষক ভাস্কৰ্যটো চন্দ্ৰপৃষ্টত স্থাপন কৰে এপ'লো-১৫ মহাকাশ অভিযানৰ কৰ্মীসকলৰে। ইয়াৰ কাষতে আঠগৰাকী আমেৰিকান আৰু ছয় গৰাকী ৰাছিয়ান মহাকাশচাৰীৰ নাম খোদিত এক স্মাৰক ফলি ৰখা হয়। কেউজন মহাকাশচাৰীৰে মৃত্যু হৈছিল। স্মাৰক ফলিত নাম থকা মহাকাশচাৰীসকল হ'ল:
এপ'ল'-১৫ অভিযানৰ নায়ক স্কটে কৈছিল দুগৰাকী ব্যক্তি ক্ৰমে ভেলেণ্টিন ব'ন্দাৰেনকো আৰু গ্ৰিগ'ৰি নেলুবভ-ৰ নাম উল্লেখ কৰিবলৈ ৰৈ গ'ল, কাৰণ ৰাছিয়াই নিজৰ মহাকাশ অভিযানৰ ক্ষেত্ৰত অৱলম্বৱনৰ কৰা গোপনীয়তাৰ বাবে তেওঁলোকৰ মৃত্যুৰ কথা জানিব পৰা হোৱা নাছিল।
দুগৰাকী আমেৰিকাৰ বায়ু-সেনা বিভাগৰ নভোচৰ-ৰ নামো উক্ত স্মাৰকত উল্লেখ কৰা হোৱা নাই। মাইকেল জে. এডাম্ছ আৰু ৰবাৰ্ট হেন্ৰি লৰৱন্স, দুয়োৰে মৃত্যু হৈছিল ১৯৬৭ চনত। দুয়োৰে নাম Space Mirror Memorial-ত উল্লেখ কৰা হৈছে।
মহাকাশ অভিযানৰ পাছত দিয়া প্ৰেছ-সন্মিলনত এই ভাস্কৰ্য স্থাপন কৰাৰ কথা মহাকাশচাৰীসকলে ব্যক্ত কৰে। 'নেশ্যনেল এয়াৰ আৰু স্পেছ মিউজিয়াম'-য়ে এই ভাস্কৰ্যৰ ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে এক প্ৰতিলিপি নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰে। মহাকাশচাৰীৰ দলটোৱে সন্মতি প্ৰদান কৰে যদিও চৰ্ত ৰাখে যে উক্ত ভাস্কৰ্য 'প্ৰচাৰৰপৰা দূৰৈত আৰু সন্মান সহকাৰে'হে প্ৰদৰ্শন কৰিব লাগিব। ১৯৭২ চনৰ এপ্ৰিল মাহৰ ১৭ তাৰিখে উক্ত ভাস্কৰ্যৰ নকল স্মিথছনিয়ান ইনষ্টিটিউট-লৈ প্ৰদান কৰা হয়। ইয়াৰ আগদিনা চিবিএছ টেলিভিছনৰ পৰিৱেশক ৱাল্তাৰ ক্ৰংকাইটে উক্ত ভাস্কৰ্যৰ কথা ৰাজহুৱা কৰে আৰু এপ'ল-১৬ অভিযানৰ আগে আগে প্ৰদৰ্শিত এই অনুষ্ঠানত ইয়াত চন্দ্ৰপৃষ্ঠত স্থাপিত প্ৰথমটো কলা-নিদৰ্শন বুলি অভিহিত কৰে।[4] বৰ্তমান 'নেশ্যনেল মল' মিউজিয়ামত 'মহাকাশ দৌৰ অংশ, গেলেৰী ১১৪'-ত এই ভাস্কৰ্যৰ প্ৰতিলিপি ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে।
১৯৭২ চনৰ মে মাহত ডেভিদ স্কটে জানিব পাৰে যে ভেন হুউডংকে এই ভাস্কৰ্যৰ প্ৰতিলিপি নিৰ্মাণ কৰি বিক্ৰী কৰিবলৈ মনস্থ কৰিছে। এনে কৰিলে ভাস্কৰ্যটোৰ মূল উদ্দেশ্য বিনস্ত হ'ব বুলি তেওঁ আশংকা কৰিছিল আৰু হুইডংকক তেনে নকৰিবলৈ আহ্বান জনাইছিল। 'Art in America' আলোচনীত এটা সম্পূৰ্ণ পৃষ্ঠা জোৰা বিজ্ঞাপন প্ৰকাশ কৰি ভেন হুইডংকে ভাস্কৰ্যটোৰ প্ৰতিলিপি বিক্ৰীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল।[5][6][7]
বিক্ৰী কাৰ্যত নাছাৰ তৰফৰপৰাও আপত্তি অহাত হুইডংকে বিক্ৰীৰ অনুমতি ৰদ কৰে আৰু এটাও প্ৰতিলিপি বিক্ৰী কৰা নহ'ল।[8]
২০০৭ চনত লিখিত এখন পত্ৰত ভেন হুইডংকে প্ৰকাশ কৰা মতে ৫০টা প্ৰতিলিপি নিৰ্মাণ কৰা হৈছিল যদিও তাৰে প্ৰায় সকলোবোৰেই তেখেতৰ হাততে আছে। মাত্ৰ এটা প্ৰতিলিপি বিক্ৰী হৈছিল যদিও সেইটোৰ বাবেও তেওঁ কোনো পইচা লাভ কৰা নাছিল। বিক্ৰীৰ বাবে বহু অনুৰোধ অহাৰ পাছতো তেখেতে এটা প্ৰতিলিপিও বিক্ৰি কৰা নাছিল।[9]