ফা-চিন (আহোম: 𑜏𑜢𑜃𑜫, লাও: ສິ້ນ; থাই: ซิ่น, ผ้าซิ่น; টাই নুৱা: ᥔᥤᥢᥲ)[1] বা আহোম মেখেলা[2] হৈছে হাতেৰে নিৰ্মিত পৰম্পৰাগত টাই জাতিৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা মেখেলা। প্ৰায়ে ৰেচমৰ পৰা নিৰ্মিত এই মেখেলা লাও মহিলা, [3] আৰু থাই মহিলা (বিশেষকৈ উত্তৰ আৰু উত্তৰ-পূব থাই), অসম আৰু অৰুণাচল প্ৰদেশৰ আহোম আইতন, খাময়াং, ফাকে, টাই তুৰুং আদিমহিলাসকলে পিন্ধে। তুৰুংসকলে মহিলাই পিন্ধা মেখেলাখনক ’ন্বাপু’ বোলে৷ এওঁলোকৰ বেছিভাগ ফৈদৰে মেখেলা ক’লা ৰঙৰ বা ক’লাৰ লগত আন ৰঙ মিহলাই প্ৰস্তুত কৰা হয়৷ মেখেলা প্ৰস্তুত কৰোঁতে ক’লা ৰং থাকিবই৷ ক’লা ৰং এই জনগোষ্ঠীয় লোকৰ বৰ প্ৰিয়৷ ই এক প্ৰকাৰৰ দীঘলীয়া মেখেলা।[4] ইয়াৰ আৰ্হিই পিন্ধাজন কোন অঞ্চলৰ সেইটো সূচাব পাৰে। বৰ্তমানৰ থাইলেণ্ডত সাধাৰণতে বিশেষ অনুষ্ঠানত ফা চিন পিন্ধা হয়। কিন্তু লাওছত দৈনন্দিন জীৱনত সিনহবোৰ অধিক নিয়মিতভাৱে পৰিধান কৰা হয়। ইয়াৰ উৎপত্তি টাই জনগোষ্ঠীৰ পৰা (উদাহৰণস্বৰূপে টাই লাও, টাই বান্ধ, টাই লুৱে)। সিনহবোৰ অগণন ৰং, শৈলী আৰু আৰ্হিত পোৱা যায়, সাধাৰণতে স্কাৰ্ট বনোৱা অঞ্চল বা সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰে।
এটা চিন সাধাৰণতে তিনিটা উপাদানৰে গঠিত:
লাওছ গাঁৱৰ মহিলাসকল হাতেৰে উৎপাদিত, কাটি, ৰং কৰা, হাতেৰে বোৱা কপাহ আৰু ৰেচমৰ কাপোৰৰ বাবে বিখ্যাত; ভিয়েন্টিয়ানৰ ওচৰত ৰেচম আৰু কপাহ নিৰ্মাণ প্ৰক্ৰিয়া, ৰং কৰা আৰু বোৱা।
টাই তিৰোতাই ক’লা ৰং ঘৰতে প্ৰস্তুত কৰি লয়৷ ’ৰম’ গছৰ পৰা প্ৰস্তুত কৰা নীলা ৰঙৰ পানীত বৰাচিয়াকৰা লতাৰ বাকলি দি সিজাই নীলা ৰঙক ক’লালৈ ৰূপান্তৰ কৰে৷ উতলোৱাৰ পিছত মাটিৰ বা ধাতুৰ পাত্ৰত শীতল হ’বলৈ দি পিছত ইয়াতে ৰং কৰিবলগীয়া কাপোৰখন জুবুৰিয়াই থয়৷ তাৰপাছত উলিয়াই ৰ’দত শুকাবলৈ দিয়া হয়৷ ৰং ডাঠ কৰিবলৈ একেখন কাপোৰকে বাৰে বাৰে জুবুৰিয়াই তিয়াই পুনৰ শুকুৱায়৷ আজিকালি অৱশ্যে বহুতেই বজাৰৰ পৰা নিয়া ৰঙীন সূতা ব্যৱহাৰ কৰা দেখা যায়৷
সিনহ ৰেচম বা হাতেৰে বোৱা কপাহেৰে তৈয়াৰ কৰা হয়। বিভিন্ন টেক্সচাৰ আৰু ডিজাইনত পোৱা যায়, সঘনাই গ্ৰাম্য অঞ্চলত সৃষ্টি কৰা হয়। প্ৰিমিয়াম ৰেচমৰ সংস্কৰণ প্ৰতিটো টুকুৰাত ৫০,০০০ বাটতকৈ অধিক হ'ব পাৰে, বিশেষকৈ যদি কোনো সুপৰিচিত পৰম্পৰাগত বয়নকাৰীয়ে সৃষ্টি কৰে। কম দামী কাপোৰৰ দাম প্ৰায় ৩,০০০ বাট।
টাই তিৰোতাই কঁকালত বন্ধা তাঁতশালতে ফা-চিন বৈ উলিয়ায়৷ মেখেলাখনৰ দীঘ ক’লা সূতাৰে কৰি তাত হালধীয়া, উজ্জ্বল বেঙুনীয়া ক’লা সেউজীয়া ৰঙেৰে বাণি বয়৷ বাণিত বিভিন্ন ৰঙেৰে একোটা নক্সা সৃষ্টি কৰে৷ লতাজাতীয় ফুলতকৈ সৰু সৰু বুটা থকা ডায়মণ্ড নক্সা বছা হয়৷ গাভৰুসকলে ক’লা মেখেলাত ফুল, ফুলৰ কলি আৰু পাতেৰে সৈতে গোলাপ ফুল হাতেৰে এম্ব্ৰইডাৰী কৰি লোৱা দেখা যায়৷ মেখেলাখনৰ পাতলিত বা একেবাৰে তলৰ অংশত আধা ইঞ্চি সেউজীয়া আৰু আধা ইঞ্চি বেঙুনীয়া-এনেদৰে ছয় ইঞ্চিমান বৈ হালধীয়া বয়৷ তাৰপাছত পুনৰ ছয় ইঞ্চি বহল কৰি বেঙুনীয়া সূতাৰে বোৱা হয়৷ ইয়াৰ পাছত বিভিন্ন ৰঙৰ সূতাৰে সৰু সৰু আঁচ দি কঁকালৰ ওচৰৰ অংশত ক’লা, হালধীয়া আৰু বেঙুনীয়াৰে ঘন ঘন আঁচ দি মেখেলাখন শেষ কৰে৷
টাই তিৰোতাসকলে সদায়ে কঁকালত ডেৰ মিটাৰ দীঘল আৰু ১১/১২ ছেঃমিঃ বহল বেল্ট পিন্ধে৷ ইয়াক ’চাইৰেং’ বা ’চাইচেং’ বোলে৷ বেল্টডাল ৰঙা-হালধীয়া, ৰঙা-হালধীয়া- এইদৰে দীঘ দিয়ে আৰু পিছত বাণিত হালধীয়া বোৱা হয়৷ বেল্টডালৰ দুইমূৰে তিনি চাৰিশাৰীমানৰ একোটা নক্সা দিয়া হয়৷ এই বেল্টডাল কঁকালত খোচনি মৰা মেখেলাখনৰ ওপৰত টানকৈ মাৰে আৰু তাত ৰিহা খুচি লয়৷[5] টাই তিৰোতাই পিন্ধা মেখেলাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ এওঁলোকে পিন্ধা মেখেলাখনৰ পৰাই জনগোষ্ঠীটোৰ চিনাকি পাব পাৰি৷ অতীজতে সকলো টাই তিৰোতাই ক’লা মেখেলা পিন্ধিছিল যদিও আজিকালি কেৱল বয়সস্থ মহিলাসকলেহে ক’লা মেখেলা পিন্ধে৷ এনে মেখেলাত ফুল বা নক্সা নাথাকে৷ আন কমবয়সীয়া মহিলাই পিন্ধা মেখেলাৰ পাতলিত বিভিন্ন ৰঙৰ সূতাৰে বিভিন্ন নক্সা বা বুটা বছা থাকে৷