![]() | |
বিকাশক | ফিগমা, ইনক'ৰ্পৰেশ্যন |
---|---|
প্ৰথম মুক্তি | ২৭ ছেপ্টেম্বৰ ২০১৬ |
অপাৰেটিং চিষ্টেম | লিনাক্স, মেকঅ'এছ, ৱিণ্ড'জ, ক্ৰ'ম অ'এছ |
প্লেটফৰ্ম | ৱেব এপ্লিকেশ্যন |
প্ৰকাৰ | |
অনুজ্ঞাপত্ৰ | স্বত্বাধিকাৰী |
ৱেবছাইট | www |
ফিগমা হৈছে এক ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি। অথচ মেকঅ'এছ আৰু ৱিণ্ড'জৰ বাবে নিৰ্মিত ডেস্কটপ এপ্লিকেশ্যনত কিছুমান অতিৰিক্ত অফলাইন সুবিধা পোৱা যায়। এণ্ড্ৰইড আৰু আইঅ'এছ-ৰ বাবে নিৰ্মিত ফিগমা মিৰ'ৰ কম্পেনিয়ন এপৰ জৰিয়তে ম'বাইল ডিভাইচসমূহত বাস্তৱ-সময়ত ফিগমা প্ৰ'ট'টাইপসমূহ চাব পাৰি। বাস্তৱ-সময়ত সহযোগিতা কৰিব পৰা সুবিধা থকা এই এপ্লিকেশ্যনটো বিশেষভাৱে ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ আৰু ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণৰ বাবে তৈয়াৰ কৰা হৈছে।[1]
ডাইলান ফীল্ড আৰু ইভান ৱালেছে ২০১২ চনত ফিগমাৰ ওপৰত কাম কৰা আৰম্ভ কৰে।[2] ব্ৰাউন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে ফীল্ড আৰু ৱালেছে ২০১১ চনত আন কেইবাটাও প্ৰকল্পৰ লগতে ৱেব-ভিত্তিক ৰূপাংকণ সঁজুলি প্ৰস্তুত কৰাৰ কথা চিন্তা-চৰ্চা কৰে। ২০১২ চনত ৱালেছে ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ফীল্ডে বিশ্ববিদ্যালয় এৰি থিয়েল ফেল'শ্বিপ গ্ৰহণ কৰে যিয়ে তেওঁক নিজৰ ষ্টাৰ্টআপৰ ওপৰত কাম কৰিবলৈ $100,000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে। ফিগমাৰ ওপৰত পূৰ্ণকালীনভাৱে কাম কৰিবলৈ দুয়ো ছেন ফ্ৰাঞ্চিস্ক'লৈ গুচি যায়।[3]
ফিগমাই ৩ ডিচেম্বৰ, ২০১৫ তাৰিখে কেৱল আমন্ত্ৰিত লোকলৈ বিনামূলীয়া পূৰ্বলোকন কাৰ্যসূচী আগবঢ়োৱা আৰম্ভ কৰে।[4] ২০১৬ চনৰ ২৭ ছেপ্টেম্বৰত ৰাজহুৱাকৈ ফিগমা মুকলি কৰা হয়।[5]
২২ অক্টোবৰ, ২০১৯ তাৰিখে ফিগমাই ফিগমা কমিউনিটী মুকলি কৰে য'ত ডিজাইনাৰসকলে নিজৰ কাম প্ৰকাশ কৰিব পাৰে আৰু আনে সেইবোৰ চাব আৰু ব্যৱহাৰ কৰিব পাৰে।[6]