ফিনলেণ্ডৰ নাৰীসকলে পুৰুষ সমাজত "উচ্চ মানৰ সমতা" আৰু "পৰম্পৰাগত সৌজন্যতা" আহৰণ কৰে।[1] ১৯০৬ চনত ফিনলেণ্ডৰ নাৰীসমাজে ইউৰোপৰ প্ৰথম নাৰী হিচাপে ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।[2] ফিনলেণ্ডৰ বহু নাৰীয়ে ফিনলেণ্ডৰ সমাজত, শিক্ষা-বিদ্যাত, ব্যৱসায়ৰ ক্ষেত্ৰত[1] যথোপযুক্ত গুৰুত্ব লাভ কৰে৷ ইয়াৰ উপৰি তেওঁলোকে ফিনলেণ্ডৰ চৰকাৰত বিশিষ্ট পদবী লাভ কৰিছে। ফিনলেণ্ডৰ ৰাজনীতিত বিদ্যমান প্ৰভাৱশালী নাৰীৰ ভিতৰত এটা উদাহৰণ হ’ল টাৰ্জা হাল’নেন, যি দেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছিল৷ তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ আগতে ফিনলেণ্ডৰ বৈদেশিক মন্ত্ৰীৰ পদত আছিল। ধৰ্মৰ দিশত ফিনলেণ্ডৰ বেছিভাগ লোকেই ইভানজেলিকেল লুথাৰিয়ান চাৰ্চ অৱ ফিনলেণ্ডৰ সদস্য ৷ আনহাতে ফিনলেণ্ডৰ আনটো প্ৰধান খ্ৰীষ্টান ধৰ্মগোষ্ঠী হৈছে ইষ্টাৰ্ন অৰ্থডক্স চাৰ্চ৷ তেনে এক প্ৰেক্ষাপটত ফিনলেণ্ডৰ নাৰীসকলক পুৰোহিত হিচাপে নিযুক্তি দিব পাৰি। অৰ্থনীতিৰ ক্ষেত্ৰত ফিনলেণ্ডৰ নাৰীসকলক "সাধাৰণতে আৰ্থিকভাৱে স্বাধীন" বুলি অভিহিত কৰা হৈছে। ২০০৬ চনত টেলিগ্ৰাফে লিখিছিল যে:
ফিনলেণ্ডৰ মহিলাসকল পুৰুষতকৈ অধিক বৰ্হিমুখী আৰু তেওঁলোকৰ লগত সহজে সংযোজিত হ'ব পাৰি৷ তেওঁলোকৰ প্ৰায়ে তিনি-চাৰিটা ভাষাৰ ওপৰত দখল আছে। সমাজ আৰু ব্যৱসায়ত তেওঁলোকৰ স্থান আন বেছিভাগ সংস্কৃতিৰ নাৰীতকৈ সন্মানজনক আৰু উচ্চ।[3]
১৮৮০ৰ দশকত ফিনলেণ্ডৰ নাৰী আন্দোলন ছুওমেন নাইচিহডিষ্টীছত সংগঠিত হৈছিল। ই প্ৰথমটো ঢৌৰ নাৰীবাদক প্ৰতিনিধিত্ব কৰিছিল। ১৯০৬ চনত ভোটাধিকাৰৰ সৈতে নাৰীসকলক তেওঁলোকৰ মৌলিক সম অধিকাৰ প্ৰদান কৰা হৈছিল।
১৯৭০ চনত দ্বিতীয় ঢৌৰ নাৰীবাদৰ পৃষ্ঠপোষকতাত এক সংক্ষিপ্ত অথচ শক্তিশালী নাৰী আন্দোলন আৰম্ভ হয়। বৈবাহিক জীৱনত সংঘটিত হোৱা ধৰ্ষণক সেই সময়ত অপৰাধ বুলি গণ্য কৰা হোৱা নাছিল আৰু ঘৰুৱা হিংসাৰ বলি হোৱা লোকসকলেও সকলো ঠাইলৈ সহজে যাব পৰা নাছিল৷ নাৰীবাদীসকলে জনসাধাৰণৰ বাবে মুকলি হোৱা ডে-কেয়াৰ ব্যৱস্থাৰ বাবে যুঁজ কৰিছিল, আৰু কেৱল দৰমহা পোৱা প্ৰসূতিকালীন ছুটীৰ বাবেই নহয়, পিতৃত্বৰ ছুটীৰ অধিকাৰৰ বাবেও যুঁজিছিল। সম্প্ৰতি ফিনলেণ্ডত ২৬৩ দিনৰ বাবে পিতৃ-মাতৃক ছুটী দিয়াৰ নিয়ম আছে। কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে বৈষম্য প্ৰদৰ্শন কৰাটো ফিনলেণ্ডত বেআইনী। বিশেষ আন্দোলনটোক সহায় কৰিবলৈ দুটা নাৰীবাদী গোট গঠন কৰা হৈছিল৷ মাৰ্ক্সবাদী-নাৰীবাদী (মাৰ্ক্সবাদী-নাৰীবাদী) আৰু ৰঙা নাৰী (ৰডকাৰিংগাৰ্না, পুনা-আকত)। ফিনলেণ্ডৰ নাৰীবাদীসকল ইউৰোপৰ অন্যান্য দেশ যেনে- ছুইডেন আৰু ছুইজাৰলেণ্ডৰ পৰা অনুপ্ৰাণিত হৈছিল। ১৯৭০ চনত ফিনলেণ্ডৰ নাৰীসকলৰ বাবে আন গুৰুত্বপূৰ্ণ গোটসমূহৰ ভিতৰত ইউনিয়নি আৰু দ্য ফেমিনিষ্টছ (ফেমিনিষ্ট-ফেমিনিষ্টৰ্না) অন্যতম।