![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
![]() | |
![]() ফেব্ৰুৱাৰী,২০০৬ সংখ্যাৰ বেটুপাতত শ্বাহৰুখ খান, অমিতাভ বচ্চন আৰু অন্যান্য চলচ্চিত্ৰ শিল্পী | |
প্ৰকাশনৰ হাৰ | পষেকীয়া |
---|---|
বিতৰণ | ১.৪ লাখ |
প্ৰথম সংখ্যা | ১৯৫২[1] |
কোম্পানী | ৱৰ্ল্ডৱাইড মিডিয়া |
ভিত্তি | মুম্বাই |
ভাষা | ইংৰাজী |
ৱেবচাইট | আধিকাৰিক ৱেবছাইট |
ফিল্মফেয়াৰ (ইংৰাজী: Filmfare) হ’ল হিন্দী চলচ্চিত্ৰৰ (সততে বলীউড হিচাপে পৰিচিত) বিষয়ে এখন ইংৰাজী ভাষাৰ, টেবলয়ড আকাৰৰ আলোচনী। এই আলোচনীখন দ্য টাইম গ্ৰুপৰ দ্বাৰা প্ৰকাশিত হয়। ফিল্মফেয়াৰ ভাৰতৰ এক জনপ্ৰিয়[উদ্ধৃতিৰ প্ৰয়োজন] বিনোদনধৰ্মী আলোচনী।
ফিল্মফেয়াৰ ভাৰতৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ আলোচনী আৰু লগতে ইয়াৰ বঁটা সমূহো[উদ্ধৃতিৰ প্ৰয়োজন]।
প্ৰথমতে ই দ্য টাইম গ্ৰুপৰ এটা অংশ আছিল যিয়ে দ্য টাইমছ অৱ ইণ্ডিয়া, দ্য ইকনমিক টাইমছ,নৱভাৰত টাইমছ আৰু মহাৰাষ্ট্ৰ টাইমছো প্ৰকাশ কৰিছিল। ২০০৫ চনত ফিল্মফেয়াৰ আৰু অন্য কিছুমান প্ৰকাশন , বিশেষকৈ ফেমিনা, এক সহায়ক গোটত ভাগ হৈ যায়। ইয়াৰ নতুন মালিকগোষ্ঠী , ৱৰ্ল্ডৱাইড মিডিয়া আছিল দ্য টাইমছ গ্ৰুপ আৰু বিবিচি মেগাজিনছৰ মাজত এক ৫০:৫০ ব্যৱসায়।
ফিল্মফেয়াৰে দুই ধৰণৰ চলচ্চিত্ৰ বঁটাৰ প্ৰৱৰ্তন কৰিছে: হিন্দী ভাষাৰ চলচ্চিত্ৰৰ বাবে “ফিল্মফেয়াৰ এৱাৰ্ডছ” আৰু কানাডা,মালায়ালম,তামিল আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰৰ বাবে “ফিল্মফেয়াৰ এৱাৰ্ডছ ছাউথ”।