ফুটুকলা Melastoma malabathricum | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Myrtales |
পৰিয়াল: | Melastomataceae |
গণ: | Melastoma |
প্ৰজাতি: | M. malabathricum |
বৈজ্ঞানিক নাম | |
Melastoma malabathricum L. | |
সমাৰ্থক | |
|
ফুটুকলা (Indian Rhododendron) ই এক গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদ বিধৰ অন্যান্য নাম সমূহ হৈছে- ফুটকলা, বনতেজপাত ইত্যাদি। ই এবিধ বনৌষধি।[2] সাধাৰণতে এই গছ বিধ বনৰীয়া। বাটৰ কাষ, এৰাবাৰী, বাকৰি আদি ঠাইত এই গছবিধ গজে।[3] ই সাধাৰণতে পাহাৰ বা ওখ ঠাইত বেচিকৈ গজে। ভাৰত, বাংলাদেশৰ বাদেও এই গছ বিধ দক্ষিণ-পূব এচিয়াৰ মালয়েছিয়া, ইণ্ডোনেছিয়া ইত্যাদি দেশ সমূহতো পোৱা যায়।
এই গাছবিধৰ উচ্চতা সাধাৰণতে ১-৩ মিটাৰ পৰ্যন্ত হয়। দেখাত তেজপাতৰ দৰে পাতবোৰৰ দৈঘ্য ৪-১১ চেণ্টিমিটাৰ আৰু প্ৰস্থ ১-২ চেণ্টিমিটাৰ পৰ্যন্ত হয়। পাতত ৫ৰ পৰা ৭ ডাললৈকে মুখ্য শিৰা থাকে। পাতবোৰ সাধাৰণতে খহটা। ইয়াৰ ফুলবোৰ গাঢ় বা পাতল বেঙুনীয়া ৰঙৰ।[4] ফল ৰঙচুৱা ভিতৰত ক'লা, পকিলে ফল ফাটি যায়। ফলবোৰ খোৱাৰ যোগ্য। এই গছৰ ফল খালে দাঁতত ৰঙা ৰঙ ধৰে বাবে এই গছক দাঁত ৰঙা বুলিও কোৱা হয়।
বনৌষধি হিচাপে এই গছৰ ব্যৱহাৰ হয়।[5] কোষ্ঠকাঠিন্য ৰোগৰ লগতে কেন্সাৰ, হৃদ ৰোগৰ বাবেও স্থানীয়ভাৱে এই গছৰ ব্যৱহাৰ হয়। ইয়াৰোপৰি পেটৰ বিষ, দাঁতৰ বিষ, উচ্চ ৰক্তচাপ চৰ্ম ৰোগ, মধুমেহ ইত্যাদি ৰোধৰ বাবেও এই গছ ঔষধি হিচাপে ব্যৱহাৰ হয়। অসমীয়া তথা বিভিন্ন লোক সাহিত্যত এই গছৰ নামৰ উল্লেখ দেখা যায়। এই গছৰ পাত জনজাতীয় পাৰম্পৰিক দেশীয় সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে। এৰাবাৰীৰ দৰে পৰিত্যক্ত ঠাইত এই গছবোৰ অধিক পৰিমাণে গজে বাবে অসমীয়া লোক সমাজত এই গছত প্ৰেত থাকে বুলি বিশ্বাস কৰে। এই গছৰ পাত বা ডালত এবিধ পতংগই মুখৰে থুঁইৰ দৰে ফেন কিছুমান উলিয়াই। অসমীয়া লোকে এয়া জখিনিৰ থুঁই বুলি সৰু ল'ৰা-ছোৱালীক ভয় খুৱায়।