ফুলকাৰী(ইংৰাজী: Phulkari ,Gurmukhi: ਫੁਲਕਾਰੀ; Shahmukhi: پھلکاری) দক্ষিণ এছিয়াৰ পঞ্জাব অঞ্চল আৰু সিন্ধৰ গুলকাৰীৰ লোক এম্ব্ৰয়ডাৰীক বুজায়।[1][2][3] যদিও ফুলকাৰিৰ অৰ্থ হৈছে 'ফুলৰ কাম', ডিজাইনসমূহত কেৱল ফুলেই নহয়, আৱৰণৰ মটিফ আৰু জ্যামিতিক আকৃতিও অন্তৰ্ভুক্ত কৰা হৈছে।[4] ফুলকাৰি এম্ব্ৰয়ডাৰীৰ মূল বৈশিষ্ট্য হ’ল ৰঙীন ৰেচমী সূতাৰে মোটা কপাহী কাপোৰৰ ওলোটা ফালে ডাৰ্ণ চিলাই ব্যৱহাৰ কৰা।
পৰম্পৰাগতভাৱে ফুলকাৰি কাপোৰৰ বৃহৎ মহত্ব আছে আৰু ইয়াৰ ভিতৰত চোপ, টিলপাত্ৰ, নীলাক, বাগ আদি অন্তৰ্ভুক্ত। [5]কিছুমান ফুলকাৰী কম এম্ব্ৰয়ডাৰীৰ আৰু কিছুমান ফুলকাৰী সমগ্ৰ কাপোৰখন ঢাকি থকাকৈ এম্ব্ৰয়ডাৰী কৰা হয়। এনে ফুলকাৰীক বাগ('বৃহৎ বাগিচা') বুলি জনা যায়।[6][7][8]
যুগ যুগ ধৰি ফুলকাৰি শিল্পৰ পৰিৱৰ্তন ঘটিছে। পাল (১৯৬০)ৰ মতে, ফুলকাৰী এম্ব্ৰয়ডাৰীৰ পৰম্পৰাগত পদ্ধতি আৰু ভাৰতৰ পঞ্জাৱত ইয়াৰ ব্যাপক ব্যৱহাৰ ১৯৫০ চনৰ ভিতৰত হ্ৰাস পায়।[9] পৰম্পৰাগতভাৱে মহিলাসকলে ষ্টেনচিল ব্যৱহাৰ নকৰাকৈয়ে ফুলকাৰি এম্ব্ৰয়ডাৰ কৰিছিল। পালে(১৯৬০) কৈছে যে মহিলাসকলে নিজৰ চোতাললৈ বন্ধু-বান্ধৱ আৰু পৰিয়ালক আমন্ত্ৰণ জনাইছিল যাতে আনুষ্ঠানিকভাৱে ফুলকাৰী এম্ব্ৰয়ডাৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। এই উপলক্ষে লোকগীত গোৱা হ'য়।[10] "ইহ ফুলকাৰী মেৰী মান নে কাধি / ইছ নূ ঘুট ঘুট জাফিয়ান পাৱন" ('এই ফুলকাৰীখন মোৰ মায়ে এম্ব্ৰয়ডাৰী কৰিছিল, মই ইয়াক মৰমেৰে আকোৱালি লৈছো')। এই ধৰণৰ লোকগীতবোৰে মাক, আইতাক বা পেহীয়েকে এম্ব্ৰয়ডাৰী কৰা ফুলকাৰীৰ ছোৱালীজনীৰ আৱেগিক মোহ দেখুৱাই।[11]
ফুলকাৰী আৰু বাগ এম্ব্ৰয়ডাৰীৰ জ্যামিতিক মটিফে আৰু চিলাইৰ ব্যৱহাৰে গুজৰাটৰ এম্ব্ৰয়ডাৰীক প্ৰভাৱান্বিত কৰিছে আৰু ইয়াক 'হীৰ ভাৰত' নামেৰে জনা যায় ।[12]
ফুলকাৰী দুটা শব্দৰে গঠিত: 'ফুল' আৰু কাৰি । ফুল মানে ফুল ' আৰু কাৰি মানে 'আকৃতি'। ফুলকাৰীৰ অৰ্থ আছিল ফুলৰ আকৃতি/দিশ যিয়ে জীৱনৰ প্ৰতীক বুজায়। পঞ্জাৱত জনসাধাৰণৰ মতে পৰিয়ালত কন্যা সন্তানৰ জন্ম শুভ। মাক আৰু আইতাই জন্মৰ লগে লগে ফুলকাৰী দুপট্টা এম্ব্ৰয়ডাৰী কৰিবলৈ আৰম্ভ কৰিছিল কাৰণ তেওঁলোকৰ বিশ্বাস আছিল যে তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে সৃষ্টিকৰ্তা হ’ব। মূলতঃ ফুলকাৰী প্ৰকৃত ফুলেৰে কৰা হৈছিল। ৰেচম আৰু মুলমুল (কোমল কপাহী মছলিন) কাপোৰৰ বিশুদ্ধতা আৰু দীৰ্ঘায়ুৰ বাবে ব্যৱহাৰ কৰা হৈছিল। নাৰীৰ গুণ আৰু চৰিত্ৰই ফুলকাৰীক গঢ় দিছিল বুলি বিশ্বাস কৰা হৈছিল। [13]