ফুলমনি দাসী ধৰ্ষণ গোচৰ (ইংৰাজী: Phulmoni Dasi rape case) ১৮৮৯ চনত এজনী ১০ বছৰীয়া ছোৱালীৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত। ফুলমণি দাসী নামৰ ছোৱালী এজনীৰ সৈতে বাল্যবিবাহ আৰু তাৰপিছত বৈবাহিক ধৰ্ষণৰ ফলত তেওঁ মৃত্যু হৈছিল।[1] ১৮৯০ চনত ফুলমণি গোচৰত ছোৱালীজনীৰ স্বামীক দোষী সাব্যস্ত কৰা হয় আৰু তাৰ ফলস্বৰূপে ধৰ্ষণ আৰু বাল্যবিবাহৰ সৈতে জড়িত ভাৰতৰ বহুতো প্ৰচলিত আইনত সংস্কাৰ সাধনৰ পথ মুকলি হয়। [2] ফুলমণি দাসী নামৰ নামৰ ছোৱালীজনীৰ সৈতে হোৱা বলপূৰ্বক সংগমত প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল আৰু যিটো ছোৱালীজনীৰ মৃত্যুৰ কাৰণ আছিল। সেই সময়ত তেওঁৰ স্বামীৰ বয়স ত্ৰিশ বুলি অনুমান কৰা হৈছে (সঠিক বয়স অজ্ঞাত)।
ফুলমনি দাসী নামৰ এগৰাকী দহ বছৰীয়া বঙালী ছোৱালীৰ হৰি মোহন মাইতি নামৰ ত্ৰিশ বছৰীয়া এজন যুৱকৰ সৈতে বিবাহ হৈছিল। দুয়োৰে মাজত বয়সৰ পাৰ্থক্য প্ৰায় বিশ বছৰ হোৱা সত্ত্বেও হৰি মোহনৰ সন্মতি সাপেক্ষে এই বাল্য বিবাহ সংঘটিত হয়। তাৰপিছত বলপূৰ্বক বৈবাহিক ধৰ্ষণৰ ফলত ফুলমণিৰ মৃত্যু হয়। যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আঘাতপ্ৰাপ্ত যোনী মৃত্যুৰ কাৰণ হিচাপে স্পষ্টভাৱে উল্লেখ কৰা হৈছিল, পিছলৈ স্বামীক ধৰ্ষণৰ অভিযোগৰ পৰা মুক্ত কৰা হৈছিল; কাৰণ সেই সময়ত প্ৰচলিত ধৰ্ষণৰ আইনসমূহে বৈবাহিক ধৰ্ষণক শাস্তিমূলক আইনৰ পৰিসৰৰ পৰা বাদ দিছিল।[3] গোচৰটোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰটোৱে ধৰ্ষণৰ সৈতে জড়িত ভাৰতীয় দণ্ড বিধিৰ কেইবাটাও সংস্কাৰ সাধনত বিশেষ ভূমিকা লৈছিল।[1][4][5]
১৮৯০ চনৰ ৬ জুলাইত কলিকতা ছেচন আদালতত এই গোচৰৰ বিচাৰ চলে।[6] ছোৱালীজনীৰ মাকে স্বামীৰ বিৰুদ্ধে সাক্ষ্য দিছিল।[5] হৰি মোহন মাইতিক ভাৰতীয় দণ্ডবিধিৰ ৩৩৮ নং ধাৰাত “আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপন্ন কৰা কাৰ্য্য কৰি গুৰুতৰ আঘাত দিয়াৰ” অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল।[2] ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাৰ ১৮৬০ চনত প্ৰৱৰ্তন কৰা এটা ব্যতিক্ৰমী দফাৰ অধীনত নিজৰ পত্নীৰ সৈতে যৌন সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰা হোৱা নাছিল।[6] যিহেতু ফুলমণিৰ বয়স আইন সংগত আছিল আৰু মাইটিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, সেয়েহে তেওঁক ১২ মাহৰ কঠোৰ পৰিশ্ৰমৰ শাস্তি দিয়া হৈছিল।[5] এই গোচৰটোক সম্ৰাজ্ঞী বনাম হৰি মোহন মাইতি বুলি জনা যায়। উল্লেখযোগ্য যে সেই সময়ত ছোৱালীৰ বিবাহৰ আইন সংগত বয়স দহ বছৰ আছিল।[4]
১৮৯১ চনৰ ৯ জানুৱাৰীত ভাৰতৰ ভাইচৰয় লৰ্ড লেন্সডাউনে কাউঞ্চিল অফ ইণ্ডিয়াত এখন “সন্মতিৰ বয়স” নামেৰে বিধেয়ক উত্থাপন কৰে। তেতিয়া কাউঞ্চিলৰ প্ৰধান আছিল এণ্ড্ৰিউ স্কোব’ল। বিধেয়কখনৰ যোগেদি ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ নং ধাৰা সংশোধন কৰিব বিচৰা হৈছিল। ইয়াৰ পূৰ্বে ১৮৬০ চনত সন্মতিৰ বয়স ১০ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। ১৮৯১ চনৰ ২৯ মাৰ্চত এই বিধেয়কখন গৃহীত হোৱাৰ পিছত দণ্ডবিধিৰ ৩৭৬ নং ধাৰাত ১২ বছৰৰ তলৰ ছোৱালীৰ সৈতে, তেওঁ পত্নীয়ে হওক বা অন্যই হওক, যৌন সম্পৰ্ক কৰাটো ধৰ্ষণ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।[1]