ফুলৰেণু গুহ | |||||||||
---|---|---|---|---|---|---|---|---|---|
পেৰিচত ফুলৰেণু গুহ, ১৯৩৭ | |||||||||
লোকসভাৰ সদস্য | |||||||||
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |||||||||
পূৰ্বসূৰী | সুধীৰ কুমাৰ গিৰি | ||||||||
উত্তৰসূৰী | সুধীৰ কুমাৰ গিৰি | ||||||||
সমষ্টি | কণ্টাই লোকসভা সমষ্টি, পশ্চিম বংগ | ||||||||
Union Minister of State for Ministry of Social Welfare | |||||||||
কাৰ্যকাল ১৯৬৭ – ১৯৬৯ | |||||||||
ৰাজ্যসভাৰ সদস্য | |||||||||
কাৰ্যকাল ১৯৬৪ – ১৯৭০ | |||||||||
সমষ্টি | পশ্চিম বংগ | ||||||||
ব্যক্তিগত তথ্য | |||||||||
জন্ম | ফুলৰেণু দত্ত ১৩ আগষ্ট, ১৯১২ কলকাতা, ব্ৰিটিছ ভাৰত | ||||||||
মৃত্যু | ২৮ জুলাই, ২০০৬ (৯৩ বছৰ) | ||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ | ||||||||
আন ৰাজনৈতিক সম্পৰ্ক |
যুগান্তৰ ৰিভ’লুছনাৰী পাৰ্টি | ||||||||
দাম্পত্যসঙ্গী | বিৰেশ চন্দ্ৰ গুহ | ||||||||
মাতৃ | অবলাবালা দত্ত | ||||||||
পিতৃ | সুৰেন্দ্ৰনাথ দত্ত | ||||||||
সম্বন্ধীয় | শ্ৰেয়স সৰকাৰ, সুমিত্ৰা গুহ | ||||||||
শিক্ষানুষ্ঠান | কলকাতা বিশ্ববিদ্যালয় (স্নাতকোত্তৰ), পেৰিচ বিশ্ববিদ্যালয় (Ph.D) | ||||||||
পুৰস্কাৰ | পদ্মভূষণ | ||||||||
|
ফুলৰেণু গুহ (ইংৰাজী: Phulrenu Guha; জন্ম:দত্ত; ১৩ আগষ্ট ১৯১১-২৮ জুলাই ২০০৬) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৬৪ চনৰ এপ্ৰিলৰ পৰা ১৯৭০ চনৰ এপ্ৰিললৈকে পশ্চিম বংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আছিল। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈকে ইন্দিৰা গান্ধী চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা গুহই ১৯৮৪ চনত পশ্চিম বংগৰ কণ্টাই সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। ১৯৭৭ চনত পদ্মভূষণ বঁটা লাভ কৰে। [1][2][3][4][5]
১৯১১ চনৰ ১৩ আগষ্টত কলিকতাত উপ-দণ্ডাধীশ সুৰেন্দ্ৰনাথ দত্ত আৰু সমাজকৰ্মী অবালাবালা দত্তৰ ঘৰত গুহই জন্মগ্ৰহণ কৰে।এটা প্ৰগতিশীল পৰিয়ালত লালিত-পালিত হোৱা গুহই সমাজ সেৱা আৰু ন্যায়ৰ বাবে থিয় দিয়াৰ মানসিকতা পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। স্মৃতিগ্ৰন্থ এলো-মেলো মনে এলোত তেওঁ লিখিছে যে বংগ বিভাজনৰ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত তেওঁৰ পিতৃয়ে চৰাকাৰী চাকৰিৰ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল, অৱশ্যে বৰিশালৰ এজন নমস্য সমাজ সংস্কাৰক অশ্বিনী কুমাৰ দত্তই তেওঁক তেনে নকৰিবলৈ বুজাইছিল। [6] তথাপিও তেওঁৰ এই প্ৰত্যাহ্বানমূলক স্বভাৱটোৰ বাবে ব্ৰিটিছ বিষয়াসকলে তেওঁক অপছন্দ কৰিবলৈ লৈছিল; যাৰবাবে তেওঁক বহুবাৰ অসুবিধাজনক পোষ্টিং দিয়া হৈছিল। [7]
লণ্ডনত থকাৰ সময়ত ভাৰতৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশৰ সৈতে গুহৰ সংযোগ বিচ্ছিন্ন হোৱা নাছিল। ভাৰতৰ পৰা অহা চিঠি আৰু বাতৰি কাকতৰ যোগেদি দেশখনৰ খা-খবৰ ৰাখিছিল। [8] লণ্ডনত থকা অৱস্থাতে তেওঁ কমিউনিজমৰ প্ৰতি তেওঁ তীব্ৰ আগ্ৰহ জাগিছিল আৰু বৃটেইনৰ তেতিয়াৰ কমিউনিষ্ট নেতা বেন ব্ৰেডলীক লগ ধৰিছিল।[14] ১৯২৮ চনত ভৱিষ্যতৰ স্বামী বীৰেশে ইংলেণ্ড এৰি যোৱাৰ পিছত গুহই পেৰিছৰ ছৰবন বিশ্ববিদ্যালয়ত যোগদান কৰে। বীৰেশে লণ্ডন আৰু কেম্ব্ৰিজত ছাৰ জেক ড্ৰেমণ্ড আৰু ছাৰ ফ্ৰেডেৰিক গোলেণ্ড হপকিন্সৰ সৈতে কাম কৰি ভিটামিন আৱিষ্কাৰ কৰাত সহায় কৰিছিল।
গুহই ১৯৩৮ চনৰ জুন মাহত কলিকতা আহি পায়। কোৱা হয় যে তেওঁ ব্ৰিটেইনৰ পৰা ভাৰতত কমিউনিষ্ট পাৰ্টিৰ সাংগঠনিক কাম কৰিবলৈ ৩০০০টকা লৈ আহিছিল। [7][9]
কলিকতালৈ ঘূৰি অহাৰ পিছত গুহই এখন মহিলা মহাবিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয় আৰু খিদিৰপুৰৰ পাৰঘাট (dock) অঞ্চলত নিৰক্ষৰতা নিৰ্মূলকৰণৰ বাবে বিভিন্ন প্ৰকল্প গ্ৰহণ কৰে, য’ত তেওঁৰ বেশ্যাসকলৰ সৈতে ঘনিষ্ঠ যোগাযোগ হৈছিল আৰু তেওঁলোকৰ জীৱন ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছিল। এই অভিজ্ঞতাই পিছলৈ পিছলৈ নিঃস্ব মহিলাসকলৰ বাবে সংগঠন স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ বাবে সহায়ক হয়। [10] প্ৰথম অৱস্থাত তেওঁ গান্ধী দৰ্শনত প্ৰতি অবিশ্বাসী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুদ্ধ বিৰোধী আন্দোলনৰ বাবে কাম কৰাৰ সময়ত গান্ধীৰ অহিংসাৰ ধাৰণাসমূহৰ প্ৰতি তেওঁ আকৰ্ষিত হয় আৰু এই বিশ্বাসে তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ প্ৰেৰণা দিছিল। [11]