ফৈজা দৰ্খানী | |
---|---|
জন্ম | প্ৰায় ১৯৯২ আফগানিস্তান |
শিক্ষানুষ্ঠান | বাদাখছান বিশ্ববিদ্যালয়], পুত্ৰা মালয়েছিআ |
পেচা | পৰিৱেশবিদ, মহিলা অধিকাৰ কৰ্মী, শিক্ষাবিদ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | বিবিচিৰ এশগৰাকী মহিলা (২০২১) |
ফৈজা দৰ্খানী (ইংৰাজী: Faiza Darkhani, জন্ম-প্ৰায় ১৯৯২) এগৰাকী আফগান পৰিৱেশবিদ, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ।[1] ২০২১ চনত তেওঁ বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাৰ অংশ আছিল, য'ত বিশ্বৰ আটাইতকৈ প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছে।[2] আফগানিস্তানৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ কেইগৰাকীমান পণ্ডিতৰ ভিতৰত দৰখানী অন্যতম।[2] পূৰ্বে তেওঁ বাদাখছান প্ৰদেশৰ ৰাষ্ট্ৰীয় পৰিৱেশ সুৰক্ষা সংস্থাৰ সঞ্চালিকা আছিল।[1]
বাদাখশান বিশ্ববিদ্যালয়ত পঢ়িছিল; তাৰ পিছত পুত্ৰা মালয়েছিয়া বিশ্ববিদ্যালয়ত (ইউনিভাৰ্চিটি পুত্ৰআ মালয়েছিয়া বুলিও জনা যায়) অধ্যয়ন কৰে য'ত তেওঁ লেণ্ডস্কেপ আৰ্কিটেকচাৰত বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] তেওঁৰ গৱেষণাই নগৰীয়া পৰিৱেশৰ বহনক্ষম ব্যৱস্থাপনা আৰু নগৰীয়া কৃষি আৰু খাদ্য সুৰক্ষাৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[3]