ফোঁট হৈছে এক ৰঙীন বিন্দু। মূলতঃ ভাৰতীয় উপমহাদেশৰ হিন্দু, বৌদ্ধ আৰু জৈনসকলে কপালৰ কেন্দ্ৰত প্ৰসাধনৰ বাবে ব্যৱহাৰ কৰা ষ্টিকাৰ জাতীয় অলংকাৰ। ফোঁট হৈছে কপালৰ সোঁমাজত অৰ্থাৎ দুয়োডাল চেলাউৰিৰ ঠিক মাজত লগাই লোৱা কিছুমান ৰঙৰ উজ্জ্বল বিন্দু। এই ফোঁট ভাৰতীয় উপমহাদেশত বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান আৰু শ্ৰীলংকাৰ হিন্দুসকলে বিশেষকৈ মহিলা সকলে পিন্ধা দেখা যায়।[1] আনহাতে দক্ষিণ-পূব এছিয়াৰ ভিতৰত বালিনী, ফিলিপিনো, জাভানীজ, সুন্দনীজ, মালয়েচিয়ান, ছিংগাপুৰ, ভিয়েটনামী আৰু বাৰ্মিজ হিন্দু সকলেও ফোঁট ব্যৱহাৰ কৰে। চীন দেশত শিশু সকলকো একে ধৰণৰ ফোঁটৰ দৰে চিহ্ন পিন্ধোৱা হয়। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ লোকসকলৰ মাজত এই ফোঁটৰ অৰ্থ অনুসৰি তৃতীয় নয়ন মুকলিক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস প্ৰচলিত।[2] হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিন্দী অজ্ঞা চক্ৰৰ সৈতে জড়িত।[3] বিন্দু হৈছে সেই বিন্দু বা চক্ৰ যাৰ চাৰিওফালে মণ্ডল সৃষ্টি কৰা হয় আৰু এই মণ্ডলে বিশ্বব্ৰহ্মাণ্ডক প্ৰতিনিধিত্ব কৰে।[4][5] বৃহত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত ফোঁটৰ ঐতিহাসিক আৰু সাংস্কৃতিক উপস্থিতি আছে।[6][7]
পৰম্পৰাগতভাৱে, ভ্ৰূৰ মাজৰ এলেকাটো (য'ত ফোঁটটো লোৱা হয়) ষষ্ঠ চক্ৰ অজনা অৰ্থাৎ "লুকাই থকা জ্ঞান"ৰ আসন বুলি কোৱা হয়। এই ফোঁট বা ফোঁটটোৱে শক্তি বৰ্তাই ৰাখি ব্যক্তি বিশেষক একাগ্ৰ শক্তিশালী কৰি ৰাখে বুলি কোৱা হয়।[8] এই বিন্দুৱে মানুহৰ তৃতীয় নয়নকো প্ৰতিনিধিত্ব কৰে।[9] প্ৰাচীনতম জ্ঞাত সংস্কৃত পাঠ ঋগ্ বেদৰ 'নাছাদিয়া সুক্তা'ত এই বিন্দু শব্দৰ উল্লেখ আছে।[10]
অজনা চক্ৰক দুটা পাহিৰ সৈতে এক পৱিত্ৰ পদুমৰ দ্বাৰা প্ৰতিকী ৰূপত প্ৰকাশ কৰা হয়, আৰু বেঙুনীয়া, নীল বা গাঢ় নীলা ৰঙৰ সৈতে দেখুওৱা হয়, অৱশ্যে পৰম্পৰাগতভাৱে এই চক্ৰৰ বৰণ বগা বুলি বৰ্ণনা কৰা হয়। এই চক্ৰৰ বৈশিষ্ট্য দ্বৈততা। এই চক্ৰৰ বাবে উচ্চাৰণ কৰিব লগা শব্দাংশ হৈছে ওঁম, আৰু প্ৰধান দেৱতা অৰ্ধনাৰীশ্বৰ। তেওঁ আধা পুৰুষ, আধা মহিলা অৰ্থাৎ শিৱ আৰু শক্তিৰ দ্বৈত ৰূপ। অজনা চক্ৰৰ শক্তি দেৱীক হাকিনী বুলি কোৱা হয়। অধিবিদ্যাত, এই বিন্দুটোক সেই বিন্দু বা মূল বুলি গণ্য কৰা হয় য'ত সৃষ্টি আৰম্ভ হয় আৰু এক নিৰ্দিষ্ট বিন্দুত পৰিণত হ'ব পাৰে। ইয়াক "ইয়াৰ অপ্ৰকাশিত অৱস্থাত বিশ্বৰ পৱিত্ৰ প্ৰতীক" বুলিও বৰ্ণনা কৰা হৈছে।[1][4] এই বিন্দুক কেন্দ্ৰ কৰিয়েই মণ্ডলৰ সৃষ্টি হয়, এই মণ্ডলে বিশ্বব্ৰহ্মাণ্ডক প্ৰতিনিধিত্ব কৰে।[5] ভ্ৰুমধ্য বুলি জনা জাত ভ্ৰূৰ মাজৰ স্থানটো হৈছে য'ত এজন ব্যক্তিয়ে তেওঁৰ দৃষ্টিশক্তি কেন্দ্ৰীভূত কৰে, যাতে ই একাগ্ৰতাত সহায় কৰে। [5] দক্ষিণ এছিয়াত, বিন্দী প্ৰায় সকলো ধৰ্মীয় মহিলাই লোৱা দেখা যায়। এই ফোঁট কোনো নিৰ্দিষ্ট ধৰ্ম বা অঞ্চলত সীমাবদ্ধ নহয়।
পৰম্পৰাগত ফোঁটৰ ৰং ৰঙা বা মেৰুন। বিবাহিত মহিলাই ফোঁট এটা তৈয়াৰ কৰিবলৈ অনামিকা আঙুলিৰে এক চিকুট সেন্দূৰ গুৰি ব্যৱহাৰ কৰে। অন্যান্য বিভিন্ন সামগ্ৰী যেনে লাক, চণ্ডন, অগুৰু, মাইকা, 'কস্তুৰী', কুমকুম (ৰঙা হালধিৰে নিৰ্মিত) আৰু সেন্দূৰৰ ৰঙৰে ফোঁট লোৱা হয়।[11][12] ফোঁটটো ৰং বা আকৃতিত সীমাবদ্ধ নহয়।[13][14] হিন্দু ধৰ্মৰ বিবাহৰ ক্ষেত্ৰত এই ফোঁটে স্বামী জীয়াই থকা বা পত্নী গৰাকীক ভাগ্যৱান বুলি প্ৰতিনিধিত্ব কৰে। বিবাহৰ সময়ত সাধাৰণতে কন্যাৰ কপালত ৰঙা সেন্দূৰৰ ফোঁট লগোৱা হয় আৰু পাত্ৰ গৰাকী জীয়াই থকালৈ এইদৰে ফোঁট লোৱাৰ নিয়ম।[14] অবিবাহিত ছোৱালীবোৰে বৈকল্পিকভাৱে তেওঁলোকৰ কপালত সৰু আলংকাৰিক বা অন্য ৰঙৰ ফোঁট লয়। সামাজিক ভাৱে বিধবা মহিলাক বিবাহিত মহিলাৰ সৈতে সম্পৰ্কিত ফোঁট বা কোনো অলংকাৰ আদি পিন্ধিবলৈ অনুমতি দিয়া হোৱা নাছিল।[14] ফোঁটৰ উপৰিও ভাৰতত বিবাহিত মহিলা সকলে কপালৰ ঠিক ওপৰৰ সেওঁতাত স্বামীৰ দীৰ্ঘজীৱন আৰু কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতি হিচাপে দীঘলীয়াকৈ সেন্দূৰ লয়। হিন্দু বিবাহ অনুষ্ঠানৰ সময়ত, দৰাই কইনাৰ সেওঁতাত সেন্দূৰ দিয়াৰ নিয়ম প্ৰচলিত।[15]
দক্ষিণ-পূব এছিয়াত, ইণ্ডোনেছিয়াৰ বালিনীজ, জাভানীজ আৰু চুণ্ডানিছ সকলেও ফোঁট লয়। ঐতিহাসিকভাৱে, ইয়াক দক্ষিণ-পূব এছিয়াৰ বহুতো ভাৰতীয় ৰাজ্যই ব্যৱহাৰ কৰিছিল। জাভা আৰু ইণ্ডোনেছিয়াৰ অন্যান্য অংশৰ বিবাহৰ কইনা আৰু দৰায়ো ফোঁট ব্যৱহাৰ কৰিছিল, আনকি আন ধৰ্মৰ লোকেও ফোঁট লয়। সাংস্কৃতিক উদ্দেশ্যৰ বাবেও প্ৰসাধনৰ সময়ত ফোঁট পৰিধান কৰা হয়। কিয়নো ইণ্ডোনেছিয়া এসময়ত ভাৰতীয় হিন্দু ৰাজ্যৰ দ্বাৰা শাসিত অঞ্চল আছিল। এনেদৰে প্ৰবাহিত হোৱা সংস্কৃতি আজিও ইণ্ডোনেছিয়াত বৰ্তি আছে। ইণ্ডোনেছিয়াৰ বিন্দীবোৰ সাধাৰণতে বগা বা সেউজীয়া ৰঙৰ।
ভাৰতৰ বিভিন্ন অঞ্চলত ফোঁটৰ বাবে বিভিন্ন অভিধা ব্যৱহাৰ কৰা হয়: [16]