ফ্লোৰেন্স নাইটিংগেল | |||||||||
---|---|---|---|---|---|---|---|---|---|
ফ্লোৰেন্স নাইটিংগেল, ১৮৬০ | |||||||||
জন্ম | ১২ মে', ১৮২০ ফ্লোৰেন্স, গ্ৰেণ্ড ডিচ্চী অফ তুস্কেনি | ||||||||
মৃত্যু | ১৩ আগষ্ট, ১৯১০ (৯০ বছৰ) মেফেয়াৰ, লণ্ডন, ইংলেণ্ড, যুক্তৰাজ্য | ||||||||
জাতীয়তা | ব্ৰিটিছ | ||||||||
ক্ষেত্ৰ | চিকিৎসালয়ৰ স্বচ্ছতা আৰু অনাময় ব্যৱস্থা, পৰিসংখ্যা বিজ্ঞান | ||||||||
কৰ্মস্থান | চেলিমিয়ে বেৰেকছ, স্কুটাৰী কিংছ কলেজ লণ্ডন[1] | ||||||||
জনা যায় | ধাত্ৰীবিদ্যা | ||||||||
উল্লেখনীয় বঁটা | ৰয়েল ৰেডক্ৰছ (১৮৮৩) লেডী অফ গ্ৰেছ অফ দা অৰ্ডাৰ অফ চেইণ্টজন (১৯০৪) অৰ্ডাৰ অফ মেৰিট (১৯০৭) | ||||||||
স্বাক্ষৰ | |||||||||
টোকা
|
ফ্লোৰেন্স নাইটিংগেল (ইংৰাজী: Florence Nightingale; ১২ মে', ১৮২০ – ১৩ আগষ্ট, ১৯১০) এগৰাকী ব্ৰিটিছ সমাজ সংস্কাৰক, পৰিসংখ্যাবিদ আৰু ধাত্ৰীবিদ্যাৰ বাট-কটকীয়া। তেওঁক আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়। ১৮৫৩ চনৰ পৰা ১৮৫৬ চনলৈ চলা ক্ৰিমিয়াৰ যুদ্ধত সৈনিক সকলক কৰা সেৱা-শুশ্ৰূষাৰ বাবে তেওঁ জগত বিখ্যাত।[3] তেওঁ ধাত্ৰীবিদ্যাক এক সন্মানজনক পেচা হিচাপে দাঙি ধৰিছিল। চাকিৰ সৈতে নিশা আঘাতপ্ৰাপ্ত সৈনিক সকলৰ সেৱা কৰাৰ বাবে তেওঁক লেডী ৱিথ দা লেম্প বা 'চাকিৰ সৈতে মহিলা' বুলি বিখ্যাত।[4][5] ১৮৬০ চনত লণ্ডনৰ চেইণ্ট থমাছ হস্পিটেলত তেওঁ নাৰ্ছিং স্কুল প্ৰতিষ্ঠা কৰি পেশাদাৰী ধাত্ৰীবিদ্যাৰ পাতনি মেলিছিল। ই পৃথিৱীৰ প্ৰথম নিৰপেক্ষ আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠান আৰু বৰ্তমান লণ্ডনৰ কিংছ কলেজৰ অন্তৰ্গত।[6] তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ধাত্ৰীবিদ্যাৰ শিক্ষাৰ্থী সকলে নতুন নাৰ্ছ সকলে 'নাইটিংগেল শপত' গ্ৰহণ কৰে। ইয়াৰ লগতে আন্তৰ্জাতিক পৰ্যায়ত ধাত্ৰীবিদ্যাৰ সৰ্বোচ্চ সন্মান 'ফ্লোৰেন্স নাইটিংগেল পদক' তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। প্ৰতি বছৰে তেওঁৰ জন্মদিন ১২ মে' তাৰিখে গোটেই বিশ্বজুৰি আন্তৰ্জাতিক ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়।
তেওঁ ব্ৰিটিছ সমাজৰ সকলো বৰ্গৰ বাবে স্বাস্থ্যসেৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। তেওঁ ভাৰতৰ ক্ষুধাৰ্ত লোকসকলৰ বাবে সাহায্য, বেশ্যাবৃত্তিৰ অৱসান আৰু কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ হকে সদায় মাত মাতিছিল। তেওঁ এগৰাকী সুলেখিকা আছিল। তেওঁৰ জীৱনকালত কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰ লগতে তেওঁ পৰিসাংখ্যিক বিজ্ঞানৰ লেখৰ সহায়ত দৃশ্যমান তথ্যৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ ধৰ্ম আৰু অন্যান্য বিষয়ত ৰচনা সমূহ মৃত্যুৰ পিছত প্ৰকাশিত হৈছিল।