ফ্ৰণ্টলাইন (আলোচনী)

ফ্ৰণ্টলাইন
সম্পাদক বৈষ্ণ ৰয়
প্ৰকাৰ ৰাজনীতি, বিশ্বপৰিক্ৰমা, সংস্কৃতি
প্ৰকাশক হিন্দু গোষ্ঠী
প্ৰথম সংখ্যা ডিচেম্বৰ, ১৯৮৪
দেশ ভাৰত
ভিত্তি চেন্নাই, ভাৰত
ভাষা ইংৰাজী
ৱেবচাইট https://frontline.thehindu.com/
ISSN সংখ্যা 0970-1710

ফ্ৰণ্টলাইন (ইংৰাজী: Frontline) হ’ল হিন্দু গোষ্ঠীৰপৰা প্ৰকাশিত ইংৰাজী ভাষাৰ এখন পষেকীয়া আলোচনী৷ ইয়াৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত৷ বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল বৈষ্ণ ৰয়৷[1] আলোচনীখনত ৰাজনৈতিক, বিশ্ব পৰিক্ৰমা, সংস্কৃতি, বিজ্ঞান, স্থাস্থ্য, বাণিজ্য, ব্যক্তিত্ব আদি বিভিন্ন বিষয়ৰ সংবাদ আৰু গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন বিশ্লেষণ প্ৰকাশ পায়৷[2] আলোচনীখনে ভাৰতৰ উন্নয়নমূলক বিষয়বোৰ আৰু শ্ৰমিক শ্ৰেণী, অসংগঠিত শ্ৰেণী, জনজাতীয় অঞ্চল আৰু অন্য অনুন্নত অঞ্চলৰ মানুহৰ সমস্যাবোৰৰ ওপৰত আলোকপাত কৰে৷[1]

ফ্ৰণ্টলাইন প্ৰথম প্ৰকাশ পাইছিল ১৯৮৪ চনৰ ডিচেম্বৰ মাহত৷ ইয়াক প্ৰথমে বাতৰিকাকত হিচাপে প্ৰকাশ কৰাৰ পৰিকল্পনা আছিল৷ বিষয়বস্তু আৰু প্ৰকাশনা লৈ প্ৰতিষ্ঠাপকসকলৰ মাজত মতভেদ ঘটাত আলোচনীখন পি.এল. ইনভেষ্টমেণ্ট লিমিটেডক বিক্ৰী কৰি দিয়ে৷ পি.এল. ইনভেষ্টমেণ্ট লিমিটেডে পিছত হিন্দু গোষ্ঠীক বিক্ৰী কৰি দিয়ে৷[1]

লেখকসকল

[সম্পাদনা কৰক]

আৰ. বিজয় শংকৰ আলোচনীখনৰ দীৰ্ঘ দিন সম্পাদক হৈ আছিল৷ তেওঁ ২੦২২ চনৰ মে’ত অৱসৰ গ্ৰহণ কৰে৷ আলোচনীখনৰ নিয়মীয়া লেখকসকলৰ ভিতৰত চি. পি. চন্দ্ৰশেখৰ, প্ৰফুল বিডৱাই, জয়তী ঘোষ, হাসনেইন ৰিজা, ভাস্কৰ ঘোষ, ইজাজ আহমেদ, বিজয় প্ৰসাদ, এ. জি. নুৰানী আদি অন্যতম৷ মাৰ্ক্সবাদী ইতিহাসবিদ বিজয় প্ৰসাদে ‘আমেৰিকাৰ চিঠি’ শীৰ্ষক শিতানটো লিখে৷ আলোচনীখনে কোনো বিষয়ৰ পুংখানুপুংখ আলোচনা, দীঘলীয়া সাক্ষাৎকাৰ, প্ৰবন্ধ আৰু স্তম্ভৰ বাবে জনাজাত৷ ইজাজ আহমেদে আলোচনীখনক “পৃথিৱীৰ এখন শ্ৰেষ্ঠ সংবাদ-আলোচনী”[3] বুলি কৈছে৷

আলোচনীখনৰ নিয়মীয়া সংবাদদাতা ডিয়নি বুন্সাই পৰিৱেশ বিষয়ক ক্ষেত্ৰখনত অসাধাৰণ সংবাদসেৱা আগবঢ়োৱাৰ বাবে ২੦੦৭ চনত ৰামনাথ গোয়েংকা বঁটা লাভ কৰে৷ সাংবাদিক পি ছাইনাথ আলোচনীখনৰ এগৰাকী নিয়মীয়া সাংবাদিক৷ তেৱোঁ ২੦੦৭ চনত সৃষ্টিশীল কলা, সাংবাদিকতা আৰু যোগাযোগ শিতানত ৰমণ মেগাছেছে বঁটা লাভ কৰে৷[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 https://en.wikipedia.org/wiki/Frontline_(magazine)#cite_note-The_Invisible_Intellectual-2
  2. https://frontline.thehindu.com/aboutus/
  3. https://web.archive.org/web/20070929135538/http://www.zmag.org/sustainers/content/2004-03/11deshpande.cfm