ইতিহাসৰ পাতত ফ্ৰান্সৰ নাৰীৰ (ইংৰাজী: Women in France) ভূমিকা পৰিৱৰ্তনশীল। ১৯৪৪ চনত ফৰাচী মহিলাই ভোটাধিকাৰ লাভ কৰিছিল। আন আন পশ্চিমীয়া দেশৰ দৰেই ১৯৬০ আৰু ১৯৭০ চনত নাৰীৰ ভূমিকাত বহু সামাজিক আৰু আইনী পৰিৱৰ্তন ঘটিছিল। ফৰাচী বিপ্লৱৰ পৰাই উৎপত্তি হোৱা ফৰাচী নাৰীবাদে বিমূৰ্ত মতাদৰ্শৰ ক্ষেত্ৰত বিশেষকৈ ছিমন ডি ব’ভ’ৰৰ লেখাৰ জৰিয়তে সমসাময়িক ঘটনাপ্ৰৱাহত যথেষ্ট প্ৰভাৱ পেলাইছে।
ফৰাচী সমাজত মহিলাৰ পৰম্পৰাগত ভূমিকাত ঘৰুৱা কৰ্তব্য যেনেঃ গৃহ পৰিচালনা,প্ৰথাগতভাৱে খাদ্য প্ৰস্তুত কৰা, শিশু লালন-পালন, শস্য চপোৱা,খেতি কৰা,আৰু জীৱ-জন্তুৰ যত্ন লোৱা আদি কাম জড়িত হৈ থাকে। ফ্ৰান্সত ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিৰ লগে লগে মহিলাসকলৰ ভূমিকা সলনি হৈ গ’ল আৰু তেওঁলোক ঘৰুৱা সহায়ক, কাৰখানাৰ শ্ৰমিক আৰু ধুবুনী হৈ পৰে। ইয়াত সাধাৰণতে "বুৰ্জোৱা" মৰ্যাদা থকা মহিলাসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, কাৰণ এই মহিলাসকল প্ৰায়ে স্বামীৰ আৰ্থিক সহায়ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। উচ্চ শ্ৰেণীৰ মৰ্যাদাসম্পন্ন মহিলাসকলৰো সন্তানক গাখীৰ এৰালৈকে ভিজা নাৰ্ছৰ ওচৰলৈ পঠোৱাৰ প্ৰৱণতা আছিল।[1]
গীৰ্জা আৰু ৰাজ্যত তেওঁলোকৰ ভৱিষ্যত প্ৰশাসক হিচাপে কাম কৰিবলৈ কাৰ্য্যকৰীসকলক যোগান ধৰাৰ ক্ষেত্ৰত শৈক্ষিক আকাংক্ষা বৃদ্ধি পাইছিল আৰু ক্ৰমান্বয়ে সেয়া প্ৰতিষ্ঠানিক হৈ পৰিছিল। ছোৱালীকো স্কুলীয়া শিক্ষা দিয়া হৈছিল। কিন্তু ৰাজনৈতিক দায়িত্ব ল’বলৈ তেওঁলোকক দিয়া হোৱা নাছিল। ছোৱালীক নেতৃত্বৰ পদৰ বাবে অযোগ্য আৰু সাধাৰণতে ভাতৃতকৈ বুদ্ধিমত্তাহীন বুলি গণ্য কৰা হৈছিল। সম্ভ্ৰান্ত আৰু বুৰ্জোৱা অভিজাত শ্ৰেণীৰ পুত্ৰ-কন্যাক লিংগ নিৰ্দিষ্ট শিক্ষা দিয়া হৈছিল। ল’ৰাক উচ্চ বিদ্যালয়লৈ পঠিওৱা হৈছিল। কেতিয়াবা তেওঁলোকক বিশ্ববিদ্যালয়লৈও পঠিওৱা হৈছিল আৰু তেওঁলোকৰ ভনীয়েকক সুযোগ-সুবিধা অথবা ভাগ্য মিলিলে তেন্তে কনভেণ্টত ব’ৰ্ডলৈ পঠিওৱা হৈছিল। বোধোদয়ৰ সময়ত এই আৰ্হিটোক প্ৰত্যাহ্বান জনোৱা হৈছিল যদিও নাৰী শিক্ষাৰ বাবে কোনো প্ৰকৃত বিকল্পৰ উপস্থাপন সেইসময়ত কৰা হোৱা নাছিল। ঘৰত শিক্ষাৰ জৰিয়তেহে জ্ঞানী মহিলা বিকশিত হৈছিল।[2][3]
ফ্ৰান্সত নাৰীবাদৰ উৎপত্তি ফৰাচী বিপ্লৱৰ পৰাই হৈছে। ১৯ শতিকাত লুইজ মিচেল, ৰাছিয়াত জন্মগ্ৰহণ কৰা এলিজাবেথ ডিমিট্ৰিফ আৰু নাথালি লেমেলকে ধৰি কেইগৰাকীমান বিখ্যাত ব্যক্তি উল্লেখযোগ্য আছিল। ফৰাচী নাৰীবাদে ১৯৭০ চনৰ পৰা ১৯৯০ চনলৈকে উদ্ভৱ হোৱা নাৰীবাদী তত্ত্ব আৰু দৰ্শনৰ এটা শাখাক সামৰি লৈছে। এংলোফোন নাৰীবাদৰ তুলনাত এই ফৰাচী নাৰীবাদী তত্ত্বটোক ব্যৱহাৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিয়াতকৈ অধিক দাৰ্শনিক আৰু সাহিত্যিক দৃষ্টিভংগীৰে পৃথক কৰা হৈছে। [4]
ফৰাচী লেখিকা, বুদ্ধিজীৱী, অস্তিত্ববাদী দাৰ্শনিক, ৰাজনৈতিক কৰ্মী আৰু সামাজিক তত্ত্ববিদ ছিমন ডি ব’ভ’য়াৰ এগৰাকী বিশিষ্ট নাৰীবাদী ব্যক্তি। ১৯৪৯ চনত নাৰীৰ অত্যাচাৰৰ বিশদ বিশ্লেষণ আৰু সমসাময়িক নাৰীবাদৰ মূল গ্ৰন্থ দ্য ছেকেণ্ড চেক্স নামৰ গ্ৰন্থখনৰ বাবে তেওঁ পৰিচিত।