ফ্ৰান্জ কাফ্কা Franz Kafka | |
---|---|
![]() ১৯০৬ চনত কাফ্কা | |
জন্ম | ৩ জুলাই, ১৮৮৩ প্ৰাগ, বহেমিয়া, অষ্ট্ৰিয়া-হাংগেৰী (এতিয়াৰ চেক গণৰাজ্য) |
মৃত্যু | ৩ জুন, ১৯২৪ (৪০ বছৰ) কিৰ্লিং, ক্ল'ষ্টাৰনিউবাৰ্গৰ অংশ, নামনি অষ্ট্ৰিয়া |
নাগৰিকত্ব | Austria, Czechoslovakia[1][2] |
শিক্ষানুষ্ঠান | German Charles-Ferdinand University, প্ৰাগ |
পেচা |
|
উল্লেখযোগ্য কৰ্ম |
|
শৈলী | আধুনিকতাবাদী |
পিতৃ-মাতৃ |
|
স্বাক্ষৰ | |
![]() |
ফ্ৰান্জ কাফ্কা[টোকা 1] (বা চেক ভাষাত কেতিয়াবা František Kafka চেক উচ্চাৰণ: [ˈfrancɪʃɛk ˈkafka]; ৩ জুলাই ১৮৮৩ – ৩ জুন ১৯২৪) এজন জাৰ্মান ভাষাৰ ঔপন্যাসিক আৰু চুটি গল্প লেখক। তেখেতক বিংশ শতিকাৰ সাহিত্যৰ অন্যতম লেখক হিচাপে গণ্য কৰা হয়। বাস্তৱবাদ আৰু ফেণ্টাছীৰ উপাদান থকা তেখেতৰ কৰ্মত[3] প্ৰায়েই অকলশৰীয়া প্ৰটাগনিষ্টক অদ্ভুত বা অধিবাস্তৱিক দুৰ্দশা আৰু অবোধগম্য সামাজিক-কূটনৈতিক শক্তিয়ে আৱৰি ধৰে। এনে কাহিনীৰ জৰিয়তে সামাজিক বিচ্ছিন্নতা, অস্তিত্ব সম্পৰ্কীয় উদ্বেগ, দোষ আৰু অযৌক্তিকতাৰ দৰে বিষয় বিশ্লেষণ কৰা হৈছে।[4] তেখেতৰ শ্ৰেষ্ঠ কৰ্মসমূহ হৈছে "Die Verwandlung" ("দ্য মেটাম'ৰ্ফচিছ"), Der Process (দ্য ট্ৰায়েল), আৰু Das Schloss (দ্য কেষ্টল)। তেখেতৰ লেখাত পোৱাৰ দৰে অৱস্থা বুজাবলৈ Kafkaesque শব্দটো ইংৰাজী ভাষাত অন্তৰ্ভুক্ত কৰা হৈছে। [5]
কাফ্কাৰ জন্ম এক মধ্যশ্ৰেণীৰ জাৰ্মান কোৱা প্ৰাগৰ (বহেমিয়া ৰাজ্যৰ ৰাজধানী, তেতিয়াৰ অষ্ট্ৰিয়া-হাংগেৰী সাম্ৰাজ্য, এতিয়াৰ চেক গণৰাজ্য) এটা ইহুদী পৰিয়ালত হৈছিল। তেখেতে উকিলতাৰ প্ৰশিক্ষণ লোৱাৰ পাছত এটা বীমা প্ৰতিষ্ঠানত কামত সোমায় আৰু আজৰি সময়ত লিখিবলৈ লয়। জীৱনকালত কাফ্কাই দেউতাককে ধৰি পৰিয়াল আৰু অন্তৰংগ বন্ধুবৰ্গলৈ শ শ চিঠি লিখিছিল। দেউতাকৰ লগত তেখেতৰ সম্পৰ্ক কষ্টফলিত আৰু আনুষ্ঠানিক বিধৰ আছিল। কেইবাগৰাকী নাৰীৰ সৈতে সম্পৰ্ক আছিল যদিও তেখেতে বিয়া নকৰালে। ১৯২৪ চনত যক্ষ্মাত ভুগি তেখেতৰ মৃত্যু ঘটে।
১৯১২ চনত কাফ্কাৰ বন্ধু মেক্স ব্ৰডৰ ঘৰত প্ৰথম বাৰৰ বাবে জাৰ্মান ৰমনী ফেলিচ বেয়াৰৰ সান্নিধ্যলৈ আহে। ফেলিছৰ প্ৰেম আৰু সান্নিধ্যই কাফ্কাৰ জীৱনলৈ নতুন গতি আনিলে। ফেলিছলৈ প্ৰথমখন চিঠি পঠিওৱাৰ দুদিন পিছতে এৰাতিৰ ভিতৰতে 'The Judgment' গল্পটো লিখি উলিয়াই। ইয়াৰ এমাহৰ পিছত 'Amerika' উপন্যাসখনৰ প্ৰথম অধ্যায়টো আৰু দুমাহৰ ভিতৰত বাকী পাঁচটা অধ্যায় লিখি শেষ কৰে। এইখন উপন্যাস লিখি শেষ কৰিয়েই কাফ্কাই তেওঁৰ সাহিত্য জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি 'The Metamorphosis' লিখি উলিয়াইছিল। ডোৰা ডায়মণ্ড নামৰ এগৰাকী ৰমনীয়ে কাফ্কাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিবলৈ যত্ন কৰিছিল, কিন্তু এই সমন্ধ স্থায়ী হোৱাৰ আগতেই কাফ্কাৰ মৃত্যু হয়। তেওঁৰ বন্ধু মেক্স ব্ৰডে নিসঙ্গতাৰ ত্ৰিলজী ৰূপে পৰিচিত 'The Trail', 'The Castle' আৰু 'Amerika' নামৰ উপন্যাস তিনিখন প্ৰকাশ কৰাৰ পিছতে কাফ্কাৰ সাহিত্যিক কৃতি চৌদিশে বিয়পি পৰে।
কাফ্কাৰ জীৱনকালত বেছি লেখা প্ৰকাশিত হোৱা নাছিল: গল্প সংকলন Betrachtung (কণ্টেপ্লেচন) আৰু Ein Landarzt (এ কাউণ্ট্ৰী ডক্টৰ), আৰু একক গল্প (যেনে "Die Verwandlung") সাহিত্য আলোচনীত প্ৰকাশিত হ'লেও পাঠকৰ আদৰ পোৱা নাছিল। কাফ্কাৰ অসমাপ্ত কৰ্ম Der Process, Das Schloss আৰু Amerika (বা Der Verschollene, The Man Who Disappeared), আদি উপন্যাস ধ্বংস কৰি পেলাবলৈ তেখেতে বন্ধু মেক্স ব্ৰডক আদেশ দিছিল কিন্তু ব্ৰডে নামানি কাফ্কাৰ মৃত্যুৰ পাছত সেইবোৰ প্ৰকাশ কৰে। কাফ্কাৰ কৰ্মৰাজীয়ে বিংশ শতিকাৰ বহু লেখক, সমালোচক, শিল্পী আৰু দাৰ্শনিকক প্ৰভাৱিত কৰিছে।
ফ্ৰান্জ কাফ্কা প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
![]() |
শব্দৰ অৰ্থ ৱিকিঅভিধানত |
![]() |
চিত্ৰ আৰু মিডিয়া কমন্সত |
![]() |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত |
![]() |
কিতাপ, লিখনি আদি ৱিকিউৎসত |
![]() |
মুক্ত অভিধান ৱিক্সনেৰীত Kafkaesque শব্দৰ অৰ্থ চাওক। |
![]() |
German ৱিকিউৎসত এই লেখাটোৰ সৈতে সম্পৰ্কিত মূল কথাংশ আছে। |