ভাৰতত ফৰাচী বসতি Établissements français dans l'Inde (French) |
||||
---|---|---|---|---|
ৰাজধানী | পণ্ডিচেৰী | |||
চৰকাৰ | ঔপনিবেশিক প্ৰশাসন | |||
মুদ্ৰা | ফৰাচী ভাৰতীয় টকা |
ঔপনিৱেশিক ভাৰত | |
ওলন্দাজ ভাৰত | ১৬০৫–১৮২৫ |
---|---|
ডেনীয় ভাৰত | ১৬২০–১৮৬৯ |
ফৰাচী ভাৰত | ১৬৬৮–১৯৫৪ |
কাচা ডা ইণ্ডিয়া | ১৪৩৪–১৮৩৩ |
পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী | ১৬২৮–১৬৩৩ |
ইষ্ট ইণ্ডিয়া কোম্পানী | ১৬১২–১৭৫৭ |
ভাৰতত কোম্পানী ৰাজ | ১৭৫৭–১৮৫৮ |
ব্ৰিটিছ ৰাজ | ১৮৫৮–১৯৪৭ |
ব্ৰহ্মদেশৰ ব্ৰিটিছ ৰাজ | ১৮২৪–১৯৪৮ |
দেশীয় ৰাজ্য | ১৭২১–১৯৪৯ |
ভাৰত বিভাজন | ১৯৪৭ |
ফৰাচী ভাৰত (ইংৰাজী: French India) এখন ফৰাচী উপনিবেশ[টোকা 1] আছিল, যি ভাৰতীয় উপমহাদেশৰ পাঁচটা ভৌগোলিকভাৱে পৃথক ছিটমহলেৰে (enclave) গঠিত আছিল। এইবোৰ প্ৰথমতে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা আছিল। ১৯৫০ আৰু ১৯৫৪ চনত ফৰাচীৰ দখলত থকা অঞ্চলবোৰ ভাৰতীয় গণৰাজ্যত অন্তৰ্ভুক্ত কৰি লোৱা হয়। এই ছিটমহল কেইটা আছিল- ক'ৰ'মণ্ডল উপকূলৰ পণ্ডিচেৰী, কৰিকাল আৰু য়ানাম; মালাবাৰ উপকূলৰ মাহে আৰু বংগৰ চন্দৰনগৰ। ফৰাচীসকলৰ কিছুমান চহৰৰ ভিতৰত কেইবাটাও লজও আছিল যদিও ১৮১৬ চনৰ পিছত ব্ৰিটিছে এইবোৰৰ ওপৰত ফৰাচীসকলৰ সকলো দাবী অস্বীকাৰ কৰিছিল। (লজ হ’ল ক্ষুদ্ৰ সহযোগী ব্যৱসায়িক কেন্দ্ৰ।) ১৯৫০ চনলৈকে ফৰাচী উপনিবেশৰ মুঠ মাটিকালি আছিল ৫১০ কিলোমিটাৰ (২০০ বৰ্গমাইল), ইয়াৰে ২৯৩ কিলোমিটাৰ (১১৩ বৰ্গমাইল) পণ্ডিচেৰী ভূখণ্ডৰ অন্তৰ্গত। ১৯৩৬ চনত উপনিবেশখনৰ জনসংখ্যা আছিল মুঠ ২৯৮,৮৫১ জন; ইয়াৰে ৬৩% (১৮৭,৮৭০ জন) পণ্ডিচেৰী ভূখণ্ডত বাস কৰিছিল।[1]
বিশ্বাস কৰা হয় যে ভাৰতত প্ৰথম ফৰাচী বাণিজ্যিক উদ্যম ষোড়শ শতিকাৰ প্ৰথমাৰ্ধত, প্ৰথম ফ্ৰান্সিছৰ ৰাজত্বকালত লোৱা হৈছিল, যেতিয়া পূব সাগৰত ব্যৱসায় কৰিবলৈ ৰুৱানৰ কিছুমান ব্যৱসায়ীয়ে দুখন জাহাজ নিৰ্মাণ কৰিছিল। তেওঁলোকে লে হাভ্ৰেৰ পৰা যাত্ৰা অৰম্ভ কৰিছিল আৰু পিছত কেতিয়াও তেওঁলোকৰ কথা শুনা নগ’ল। ১৬০৪ চনত চতুৰ্থ হেনৰীৰ দ্বাৰা এটা কোম্পানীক লেটাৰ পেটেণ্ট প্ৰদান কৰা হৈছিল যদিও প্ৰকল্পটো বিফল হয়। ১৬১৫ চনত নতুন লেটাৰ পেটেণ্ট জাৰি কৰা হয় আৰু দুখন জাহাজ ভাৰতলৈ যায়। ইয়াৰে মাত্ৰ এখনহে উভতি আহে।[2]
কাৰ্ডিনেল ৰিচেলিউৰ (১৬৪২) তত্বাৱধানত লা কম্পানি ফ্ৰান্সেজ ডেছ ইণ্ডেছ অৰিয়েণ্টেলছ (ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী) গঠন কৰা হয় আৰু জিন-বেপ্টিষ্ট কলবাৰ্টৰ অধীনত (১৬৬৪) ইয়াক পুনৰ নিৰ্মাণ কৰা হয়, যেতিয়া তেওঁ মাদাগাস্কাৰলৈ অভিযান পঠিয়াইছিল।[3][4][2]
১৬৬৭ চনত ফ্ৰান্সোৱা কেৰনৰ (যাৰ লগত মাৰ্কাৰা নামৰ এজন পাৰ্চী লোক আছিল) কমাণ্ডত ফৰাচী ইণ্ডিয়া কোম্পানীয়ে আন এটা অভিযান পঠিয়াইছিল। ১৬৬৮ চনত অভিযাত্ৰী দলটোৱে চুৰাটত উপস্থিত হয় আৰু ভাৰতত প্ৰথম ফৰাচী কাৰখানা স্থাপন কৰে।[3][4]
১৬৬৯ চনত মাৰ্কাৰাই মাছুলিপাটামত আন এটা ফৰাচী কাৰখানা স্থাপন কৰাত সফল হয়। ১৬৭২ চনত ফৰাচীসকলে ফ’ৰ্ট চেণ্ট থমাছ দখল কৰে যদিও দীৰ্ঘদিনীয়া আৰু ব্যয়বহুল ঘেৰাওৰ অন্তত ওলন্দাজসকলে তেওঁলোকক খেদি পঠিয়াই দিয়ে। ১৬৯২ চনত বংগৰ মোগল গৱৰ্ণৰ নবাব ছায়েস্তা খাঁৰ অনুমতি সাপেক্ষে চন্দৰনগৰ (বৰ্তমানৰ চন্দননগৰ) প্ৰতিষ্ঠা কৰা হয়। ১৬৭৩ চনত ফৰাচীসকলে বিজাপুৰৰ চুলতানৰ অধীনত থকা বালিকোণ্ডাপুৰমৰ কিল্লাদাৰৰ পৰা পণ্ডিচেৰী অঞ্চল অধিগ্ৰহণ কৰে আৰু এইদৰে পণ্ডিচেৰীত ফৰাচী ভেটি স্থাপন কৰা হয়। ১৭২০ চনলৈকে ফৰাচীসকলে চুৰাট, মছুলিপট্টম আৰু বণ্টমত থকা কাৰখানা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত হেৰুৱাই পেলাবলগীয়া হৈছিল।
১৬৭৩ চনৰ ৪ ফেব্ৰুৱাৰীত ফৰাচী বিষয়া বেলেংগাৰ ডে ল’এস্পিনেই পণ্ডিচেৰীৰ ডেনিছ লজত বাস কৰিবলৈ লয় আৰু এনেকৈয়ে পণ্ডিচেৰীত ফৰাচী প্ৰশাসন আৰম্ভ হয়। ১৬৭৪ চনত প্ৰথম গৱৰ্ণৰ ফ্ৰাংকোইছ মাৰ্টিনে পণ্ডিচেৰীক এখন সৰু মাছমৰীয়া গাঁৱৰ পৰা এখন সমৃদ্ধিশালী বন্দৰ চহৰলৈ ৰূপান্তৰিত কৰাৰ বাবে অভিলাষী প্ৰকল্প আৰম্ভ কৰে। কিন্তু ফৰাচীসকলে ওলন্দাজ আৰু ইংৰাজৰ সৈতে নিৰন্তৰ সংঘাতত লিপ্ত হবলগীয়া হৈছিল। ১৬৯৩ চনত ওলন্দাজসকলে পণ্ডিচেৰী দখল কৰি দুৰ্গসমূহ বৃদ্ধি কৰে। ১৬৯৭ চনৰ ২০ ছেপ্টেম্বৰত স্বাক্ষৰিত ৰিছৱিক সন্ধিৰ জৰিয়তে ১৬৯৯ চনত ফৰাচীসকলে চহৰখন পুনৰ দখল কৰি লয়।
১৭৪১ চনলৈকে ব্ৰিটিছৰ দৰে ফৰাচীসকলৰো উদ্দেশ্য আছিল সম্পূৰ্ণৰূপে বাণিজ্যিক। এই সময়ছোৱাত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শান্তিপূৰ্ণভাৱে ১৭২৩ চনত য়ানম (অন্ধ্ৰ উপকূলৰ পণ্ডিচেৰীৰ পৰা প্ৰায় ৮৪০ কিলোমিটাৰ উত্তৰ-পূবে), মালাবাৰ উপকূলৰ মাহে ১৭২৫ চনত আৰু কৰাইকল (পণ্ডিচেৰীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দক্ষিণে) ১৯৩৯ চনত অধিগ্ৰহণ কৰে। ১৮ শতিকাৰ আৰম্ভণিতে পণ্ডিচেৰী নগৰখন গ্ৰীডৰ আৰ্হিত নিৰ্মাণ কৰা হয় আৰু ইয়াৰ যথেষ্ঠ বিকাশ কৰা হয়। পিয়েৰ ক্রিষ্টোফ লে নোইৰ (১৭২৬–১৭৩৫) আৰু পিয়েৰ বেন’ইট ডুমাছৰ (১৭৩৫–১৭৪১) দৰে সক্ষম গৱৰ্ণৰসকলে পণ্ডিচেৰী অঞ্চলটো সম্প্ৰসাৰণ কৰি ইয়াক এখন বৃহৎ আৰু চহকী নগৰ হিচাপে গঢ়ি তুলিছিল।
.১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাই পূৰ্বৰ ব্ৰিটিছ ভাৰতৰ সমান্তৰালকৈ ফৰাচীৰ দখলত থকা ভাৰতীয় অঞ্চলসমূহকো একত্ৰিত হ’বলৈ গতি প্ৰদান কৰে। ১৯৪৭ চনৰ ৬ অক্টোবৰত মছলিপট্টনম, কোঝিকোড আৰু চুৰাটৰ লজসমূহ ভাৰতক অৰ্পণ কৰা হয়। [5] ১৯৪৮ চনত ফ্ৰান্স আৰু ভাৰতৰ মাজত হোৱা চুক্তিত ফ্ৰান্সৰ দখলত থকা ভাৰতীয় অঞ্চল ৰাজনৈতিক ভৱিষ্যত বাছি ল’বলৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সহমত প্ৰকাশ কৰা হয়। ১৯৫০ চনৰ ২ মে’ত ফ্ৰান্সে চন্দৰনগৰৰ শাসন ভাৰতৰ হাতত অৰ্পণ কৰে; তাৰ পিছত ১৯৫৪ চনৰ ২ অক্টোবৰত ইয়াক পশ্চিম বংগ ৰাজ্যৰ সৈতে একত্ৰিত কৰা হয়। ১৯৫৪ চনৰ ১ নৱেম্বৰত পণ্ডিচেৰী, য়ানম, মাহে– আৰু কৰিকলৰ চাৰিটা ছিটমহল বাস্তৱিকতে ভাৰতীয় গণৰাজ্যলৈ স্থানান্তৰিত হয় আৰু পুডুচেৰীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয়।
ৱিকিমিডিয়া কমন্সত ফৰাচী ভাৰত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |