এই সাঁচটো ইছলাম ধৰ্মৰ ধাৰাবাহিক নিবন্ধ অংশ যাৰ বিষয় হ’ল |
![]() |
ইছলাম |
বিশ্বাস সমূহ |
---|
আল্লাহ • একত্ববাদ • পয়গম্বৰ • আচমানী কিতাপ • ফৰিষ্টা |
ইছলামৰ পঞ্চস্তম্ভ |
ৰোজা • জাকাত • হজ্জ |
গ্ৰন্থ আৰু আইন |
ফিকহ • শ্বৰীয়ত • কালাম • চুফীবাদ |
ইতিহাস আৰু নেতৃত্ব |
সময়ৰেখা • ইছলামৰ বিস্তাৰ ইমামত |
সংস্কৃতি আৰু সামাজিক বিষয় আদি |
শিক্ষা • চিত্ৰকলা ৰাজনীতি • দাওয়াত |
ইছলাম আৰু অনান্য ধৰ্ম |
হিন্দুবাদ • সিকিমবাদ • জৈনবাদ |
আৰু চাওক |
ইছলামী পৰিভাষা |
ফৰিষ্টা বা ফৰিস্তা বা ফেৰেস্তা (আৰবীক: ملائكة , Malāʾikah; (singular) ملاك Malāk) হ'ল ইছলাম ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ফৰিষ্টাৰ প্ৰতি বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। খ্ৰীষ্টান ধৰ্ম , ইহুদী আনকি হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে। ফৰিষ্টাসকল মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। সিহঁতে নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহলেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে: সেই কেইজন হল-
এওঁ আল্লাহৰ দূত আৰু সৰ্বশ্ৰেষ্ঠ ফৰিষ্টা। এই ফৰিষ্টাৰ নাম তিনিবাৰ কোৰআনত উল্লেখ কৰা হৈছে।[1]। কোৰআনৰ এঠাইত জিব্ৰাইল ফৰিষ্টাক পাকৰূহবা ৰুহুল কুদ্দুছ বোলা হৈছে।[2] আল্লাহৰ আদেশ-নিষেধ আৰু সংবাদ আদান-প্ৰদান যিবোৰ ফৰিষ্টাৰ দায়িত্ব, জিব্ৰাইল তেওঁলোকৰ প্ৰধান। জিব্ৰাইলেই আল্লাহৰ নবীসকলৰ কাষত গমনাগমন কৰে।
কোৰআনৰ এটা আয়াতত এই ফৰিষ্টাৰ নাম উল্লেখ কৰা হৈছে।[3] এওঁ বৃষ্টি আৰু খাদ্য উৎপাদনৰ দায়িত্বপ্ৰাপ্ত।
এই ফৰিষ্টাই কিয়ামত বা বিশ্বপ্ৰলয় ঘোষণা কৰিব। তেওঁৰ কথা কোৰআনত নাথাকিলেও হাদিছত উল্লেখ কৰা হৈছে।
এওঁ মৃত্যুৰ ফৰিষ্টা আৰু প্ৰাণ হৰণ কৰে।
ইছলাম, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।