২০১৭ চনত অকজা নামৰ ছবিখনৰ জাপানী প্ৰিমিয়াৰৰ সময়ত জন্ম
১৪ ছেপ্টেম্বৰ , ১৯৬৯ (৫৫ বছৰ) ডায়েগো, দক্ষিণ কোৰিয়াশিক্ষা
জেমছিল হাইস্কুল য়নছেই বিশ্ববিদ্যালয় (কলাৰ স্নাতক কোৰিয়ন একাডেমি অৱ ফিল্ম আৰ্টছ পেচা
পৰিচালক প্ৰযোজক চিত্ৰনাট্যকাৰ উল্লেখযোগ্য কৰ্ম
মেমোৰিজ অৱ মাৰ্ডাৰ
দ্য হোষ্ট (২০০৬)
স্নৌপায়াৰ্চাৰ
'অ'কজা
পেৰাছাইট
শৈলী
একছ্যন
ব্লেক কমেডি
অপৰাধমূলক চলচ্চিত্ৰ
ড্ৰামা
দানৱ ছবি
থ্ৰিলাৰ
বং জোন-হো (ইংৰাজী : Bong Joon-ho , জন্ম- ১৪ ছেপ্টেম্বৰ, ১৯৬৯) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ৷ তেখেত তিনিটা অ'স্কাৰ বঁটাৰ প্ৰাপক৷ তেখেতৰ ছবিসমূহত সামাজিক, কল্পনাপ্ৰসূত, ব্লেক কমেডিৰ দৰে বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ [ 1]
২০০০ চনত মুক্তিলাভ কৰা ব্লেক কমেডি ছবি বাৰ্কিং ডগছ্ নেভাৰ বাইট ৰ জৰিয়তে বং জোন-হো চৰ্চালৈ আহে৷ এইখন আছিল তেখেতৰ প্ৰথমখন ছবি ৷ ইয়াৰ পিছত তেখেতে মেম'ৰিচ অৱ মাৰ্ডাৰ (২০০৩), দ্য হষ্ট (২০০৬), স্নৌপায়াৰ্ছাৰ (২০১৩) আৰু পেৰাছাইট (২০১৯) নিৰ্মাণ কৰে ৷ আটাইকেইখন ছবিয়েই উপাৰ্জনকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে৷ পেৰাছাইট ছবিখনে দক্ষিণ কোৰিয়াৰ চলচ্চিত্ৰ ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে অভিলেখ ৰচিছে ৷ [ 2]
দক্ষিণ কোৰিয়াৰ দায়েগোত বং জোন-হোৰ জন্ম হৈছিল৷ চাৰিটা সন্তানৰ পৰিয়ালটোত তেখেত আছিল কনিষ্ঠ৷ [ 3] তেখেতৰ পিতৃ বং জোন-হোৰ পিতৃ বং ছাং-গ্যোন আছিল এগৰাকী প্ৰথম প্ৰজন্মৰ গ্ৰাফিক ডিজাইনাৰ, উদ্যোগিক ডিজাইনাৰ আৰ য়ুংনাম বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ ইয়াৰ লগতে তেখেত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ কলা বিভাগৰ মুৰব্বীৰ পদত অধিষ্ঠিত আছিল৷ বং জোন-হোৰ মাতৃ পাৰ্ক ছো-ইয়ং আছিল এগৰাকী গৃহিণী৷[ 3] [ 4]
বং জোন-হোৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়তে ছিউললৈ স্থানান্তৰিত হয় ৷ হান নদীৰে কাষত জামছিল ডঙত তেওঁলোকে থাকিবলৈ লয়৷ [ 5] ১৯৮৮ চনত বঙে য়নছেই বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু সমাজতত্ত্ব বিষয়ত মেজৰ গ্ৰহণ কৰে৷ [ 3] কলেজৰ চৌহদবোৰ বিশেষকৈ য়নছেই সেইমুহূৰ্তত দক্ষিণ কোৰিয়াৰ গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ থলী আছিল৷ বঙে সেই আন্দোলনৰ এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী আছিল৷ প্ৰায়েই তেওঁলোক টিয়েৰ গেছৰ মুখামুখি হৈছিল৷[ 3] [ 6] দক্ষিণ কোৰিয়াৰ বাধ্যতামূলক দুবছৰীয়া সামৰিক সেৱাত তেখেত নিযুক্ত হৈ সেৱা আগবঢ়াইছিল৷ ১৯৯২ চনত পুনৰ বং জোন-হো মহাবিদ্যালয়লৈ ওভতি আহে৷ [ 3] ইয়াৰ পিছত বঙে ইয়েল্লো ডোৰ নামৰ চলচ্চিত্ৰ ক্লাৱ এটাৰ সহ-প্ৰতিষ্ঠা কৰে৷ লগত থাকে প্ৰতিৱেশী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল৷ [ 3] ক্লাৱৰ সদস্য হিচাপে বঙে ষ্টপ ম'ছন ছবি লুকিং ফৰ পেৰাডাইছ কে ধৰি কেইখনমান ছবি নিৰ্মাণ কৰে৷ [ 3] ১৯৯৫ চনত তেখেতে য়নছেই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ [ 3]
স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত বং জোন-হোৱে পৰৱৰ্তী পাঁচটা বছৰ বিভিন্ন পৰিচালকৰ লগত কাম কৰি অতিবাহিত কৰে ৷ ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত এখন এন্থালজি ছবি 'Seven Reasons Why Beer is Better Than a Loverৰ বাবে তেখেতক আংশিক চিত্ৰনাট্যত নামোল্লেখ (Credit) কৰা হয় ৷ ১৯৯৭ চনত পাৰ্ক কি-ইয়ঙৰ প্ৰথমখন ছবি Motel Cactusত তেখেতে সহকাৰী পৰিচালক আৰু চিত্ৰনাট্যৰ দায়িত্ব চম্ভালে ৷ [ 1]
বং জোন-হোৱে পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল Barking Dogs Never Bite (২০০০)৷ প্ৰযোজনাৰ দায়িত্বত আছিল চা ছিয়ু-জা৷ [ 7] ছবিখনত বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে প্ৰতিৱেশীৰ কুকুৰ এটাক অপহৰণ কৰাৰ কাহিনীটো উপস্থাপন কৰা হৈছিল ৷ [ 8] ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে হং কং আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন দুখনমান মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ [ 1]
বঙৰ দ্বিতীয়খন ছবি আছিল Memories of Murder (২০০৩)৷ ছবিখনৰ কাহিনীটো বাস্তৱভিত্তিক ৷ ১৯৮০ৰ দশকত এটা চিৰিয়েল কিলাৰে কিদৰে এখন চহৰত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু কিদৰে তাক কৰায়ত্ত কৰিবলৈ স্থানীয় আৰক্ষী-প্ৰশাসনে তদন্ত আৰম্ভ কৰিছিল-সেই প্ৰক্ৰিয়াটোক ছবিখনত উপস্থাপন কৰা হৈছে৷ ২০১৯ চনতহে এজন অভিযুক্তই অপৰাধৰ দায়বদ্ধতা স্বীকাৰ কৰে ৷ [ 9] ছবিখন ২০০৩ চনত মুক্তি দিয়া হৈছিল আৰু ছবিখনে বাণিজ্যিক সফলতাৰ লগতে যোগাত্মক সঁহাৰিও লাভ কৰে৷ [ 1]
২০১০ চনৰ ৫ মাৰ্চত অনুষ্ঠিত হোৱা পঞ্চবিংশতম ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটাৰ অনুষ্ঠানত বং
২০০৬ চনত বং জোন-হোৱে নিৰ্মাণ কৰা দ্য হষ্ট নামৰ ছবিখনৰ জৰিয়তে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালভাৱে কোৰিয়ান ছবি উদ্যোগো এঢাপ ওপৰলৈ যায়৷[ 10] কোৰিয়াৰ হান নদীৰ পৰা ওলাই অহা এটা কাল্পনিক সামুদ্ৰিক দৈত্যকায় জীৱই সৃষ্টি কৰা সন্ত্ৰাসৰ কাহিনী হৈছে ছবিখনৰ মুখ্য উপজীৱ্য৷ ছবিখনৰ বাজেট আছিল ১২ মিলিয়ন ডলাৰ৷ দক্ষিণ কোৰিয়াৰ মুঠ ১৮০০ স্ক্ৰীণৰ এক তৃতীয়াংশ স্ক্ৰীনতেই মুক্তি হয় আৰু ১ কোটি ২০ লাখ টিকট বিক্ৰীৰে অভিলেখ ৰচিবলৈ সক্ষম হয় ৷ ছবিখনৰ বাণিজ্যিক স্বত্ত্বসমূহ আমেৰিকান ষ্টুডিঅ' ইউনিভাৰ্ছেল পিকচাৰ্ছে ক্ৰয় কৰে৷ [ 1] [ 11]
২০১৩ চনত বঙৰ প্ৰথমখন ইংৰাজী ভাষাৰ ছবিয়ে মুক্তি পায়৷ ছবিখনৰ নাম আছিল স্নৌপায়াৰ্চাৰ ৷ ১৯৮২ চনৰ জেকুৱাছ লব আৰু জিয়ান-মাৰ্ক ৰছেটিৰ গ্ৰাফিক উপন্যাস Le Transperceneige ৰ ওপৰত ছবিখনৰ কাহিনীটো আধাৰিত৷ [ 12] [ 13] [ 14] [ 15] [ 16] ছবিখনৰ কাহিনীয়ে ভৱিষ্যতৰ পৃথিৱীত ভ্ৰমণৰত এখন দীঘল ৰে'ল আৰু তাৰ অভ্যন্তৰত থকা যাত্ৰীসকলৰ মাজত সামাজিক বৈষম্যকেন্দ্ৰিক সংঘাতক উপস্থাপন কৰিছে ৷ ২০১৩ চনৰ ২৯ জুলাই তাৰিখে দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত থকা টাইমছ স্কুৱেৰ মলত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয়৷ [ 17] ২০১৩ চনৰ ৭ ছেপ্টেম্বৰত ডিউভিলে আমেৰিকান চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ছবি হিচাপে স্নৌপায়াৰ্চাৰ প্ৰদৰ্শিত হয় ৷[ 18] ছবিখনে বাণিজ্যিক সাফল্য লাভ কৰাৰ উপৰি সমালোচকৰ নিৰ্বাচিত দহখন ছবিৰ তালিকাতো সন্নিৱিষ্ট হয় ৷ [ 19] [ 20] [ 21]
২০১৫ চনত বঙৰ পৰৱৰ্তী ছবি অ'কজা ঘোষণা কৰা হয় ৷ [ 22] ছবিখনৰ চিত্ৰগ্ৰহণকাৰী হিচাপে ২০১৬ চনৰ ফেব্ৰুৱাৰীত ডেৰিয়াছ খণ্ডিজীয়ে ছবিৰ কুশলী হিচাপে যোগদান কৰে৷ [ 23] ২০১৭ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয় ৷ ছবিখন প্ৰযোজনা কৰিছিল নেটফ্লিক্সে আৰু ইয়াৰ বাবে কিছ বিতৰ্কৰো সূচনা হৈছিল৷ [ 24] ২০১৭ চনৰ ২৮ জুনত নেটফ্লিক্সযোগে ছবিখনে মুক্তি লাভ কৰে আৰু ইতিবাচক সঁহাৰি পায়৷ [ 25] নিউ ইয়ৰ্ক টাইমছৰ সমালোচক এ.অ'. স্কট ছবিখনৰ বিষয়ে লিখিছে-: "Okja is a miracle of imagination and technique, and Okja insists, with abundant mischief and absolute sincerity, that she possesses a soul."[ 26]
২০১৯ চনৰ জুলাই মাহত মিউনিখ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বং জোন-হো
২০১৯ চনত বং জোন-হোৱে দক্ষিণ কোৰিয়ান চলচ্চিত্ৰ পেৰাছাইট ৰ নিৰ্দেশনা কৰে৷ [ 27] এইখন এখন ব্লেক কমেডি থ্ৰিলাৰধৰ্মী ছবি য'ত এটা দৰিদ্ৰ আৰু প্ৰতিপত্তিশালী পৰিয়ালৰ মাজত সৃষ্টি হোৱা সংযোগ আৰু সংঘাতৰ দিশটো অৱলোকন কৰা হয় ৷ ২০১৯ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয় আৰু ইয়াত ছবিখনে পাম অ' ডিয়েৰ বঁটাৰে সন্মানিত হয়৷ এইটো সন্মান লাভ কৰা প্ৰথমখন কোৰিয়ান ছবি হিচাপে পেৰেছাইট চৰ্চিত হয় ৷ [ 28] ২০১৯ চনৰ ১৬ জুনত ছবিখনে ছিডনি চলচ্চিত্ৰ মহোৎসৱত ছিদনি ছবি বঁটা হিচাআপে ৬০,০০০ ডলাৰৰ ধনৰাশি লাভ কৰে৷ [ 29] [ 30]
পেৰেছাইট ছবিখনে বিপুল মাত্ৰাৰ প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ ছবিখনে মুঠ ৩৩০টা মনোনয়ন লাভ কৰি ১৯৭ টা শাখাত বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷ পৰিচালক হিচাপে বঙৰ কাম, চিত্ৰনাট্য, সম্পাদনা, প্ৰযোজনাগত মূল্যবোধ, অভিনেতাসকলৰ অভিনয়ে দৰ্শক আৰু সমালোচকক আকৃষ্ট কৰে৷ ৯২সংখ্যক একাডেমী বঁটা ত ছবিখনে ছটা শিতানত মনোনয়ন লাভ কৰে আৰু চাৰিটা শিতানত বঁটা লাভ কৰে৷ সেইকেইটা হৈছে-শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য, শ্ৰেষ্ঠ আন্তৰ্জাতিক চলচ্চিত্ৰ৷ একাডেমী বঁটাৰ স্বীকৃতি লাভ কৰা এইখন প্ৰথম দক্ষিণ কোৰিয়ান ছবি হিচাপে পৰিগণিত হয়৷ আনহাতে শ্ৰেষ্ঠ ছবি ৰ শিতানত বিজয়ী হোৱা প্ৰথমখন অ-ইংৰাজী ভাষা ছবিৰ তালিকাভুক্ত হয়৷ [ 31]
↑ 1.0 1.1 1.2 1.3 1.4 Paquet, Darcy (February 28, 2008). "The Bong Joon Ho Page" . Koreanfilm.org. http://www.koreanfilm.org/bongjoonho.html । আহৰণ কৰা হৈছে: November 18, 2012 .
↑ "Box Office: All Time" . Korean Film Council . http://www.koreanfilm.or.kr/jsp/news/boxOffice_AllTime.jsp?mode=BOXOFFICE_ALLTIME । আহৰণ কৰা হৈছে: March 11, 2018 .
↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 Jung, E. Alex (October 7, 2019). "Bong Joon-ho's Dystopia Is Already Here The Korean director's ruthless, bleak new film Parasite is the most fun you'll have in theaters this fall." . Vulture. https://www.vulture.com/2019/10/bong-joon-ho-parasite.html .
↑ "봉준호 감독 집안 알고보니 '로열패밀리" (ko ভাষাত). JoongAng Ilbo . February 18, 2009. Archived from the original on February 21, 2009. https://web.archive.org/web/20090221220642/http://www.koreadaily.com/news/read.asp?art_id=790752 .
↑ Jung, Ji-youn (2009). Bong Joon-ho . Seoul Selection. পৃষ্ঠা. 160. ISBN 9788991913929 . https://books.google.com/books?id=UYP8CAAAQBAJ&pg=PT160 .
↑ Russell, Mark (May 28, 2006). "Unlike His Peers, the Director Bong Joon-ho Likes Ideas and Metaphors" . The New York Times . https://www.nytimes.com/2006/05/28/movies/28russ.html .
↑ "Bong Joon Ho: Writing New Chapter in Korean Film History" . Korean Broadcasting System . November 15, 2006. http://english.kbs.co.kr/Archives/index.html?sec=people&No=5391 । আহৰণ কৰা হৈছে: November 18, 2012 .
↑ Paquet, Darcy. "Barking Dogs Never Bite" . Koreanfilm.org. http://koreanfilm.org/kfilm00.html#dogs । আহৰণ কৰা হৈছে: October 11, 2012 .
↑ Page, Thomas (January 13, 2020). "Bong Joon Ho had a big year. And not just because of 'Parasite'" . CNN . https://www.cnn.com/2020/01/13/entertainment/bong-joon-ho-interview-parasite/index.html .
↑ "The Bong Joon-ho Page" . Koreafilm. February 14, 2008. https://www.koreanfilm.org/bongjoonho.html । আহৰণ কৰা হৈছে: February 9, 2020 .
↑ Sedia, Giuseppe (February 14, 2008). "An Interview with Bong Joon Ho" . Koreanfilm.org. http://www.koreanfilm.org/bongjh.html । আহৰণ কৰা হৈছে: November 18, 2012 .
↑ Kim, Young-gyo (May 27, 2008). "Film adaptation of French dystopian comic to go global: Bong" . Yonhap News Agency . http://english.yonhapnews.co.kr/Features/2008/05/27/93/0801000000AEN20080526006100315F.HTML । আহৰণ কৰা হৈছে: November 18, 2012 .
↑ Noh, Jean (July 17, 2012). "Bong Joon Ho wraps Snowpiercer in Prague" . Screen International . http://www.screendaily.com/news/asia-pacific/bong-joon-ho-wraps-snow-piercer-in-prague/5044425.article । আহৰণ কৰা হৈছে: November 18, 2012 .
↑ Schou, Solvej (October 29, 2012). "Coming to America: South Korea's top directors on hitting Hollywood with English language films" . Entertainment Weekly . http://insidemovies.ew.com/2012/10/29/south-korea-top-directors-park-chan-wook-kim-jee-woon-bong-joon-ho/ । আহৰণ কৰা হৈছে: November 18, 2012 .
↑ Paquet, Darcy (April 30, 2013). "What SNOWPIERCER Means to the Korean Film Industry: PART 1 – The summit of KOREAN Film's ambition" . Korean Cinema Today. http://koreanfilm.or.kr/webzine/sub/news.jsp?mode=A_VIEW&wbSeq=218 । আহৰণ কৰা হৈছে: June 7, 2013 .
↑ Bechervaise, Jason (April 30, 2013). "Bong Joon-ho, Director of SNOWPIERCER: PART 2 – INTERVIEW "I wanted to make a very exciting train and sci-fi movie"" . Korean Cinema Today. http://koreanfilm.or.kr/webzine/sub/interview.jsp?mode=A_VIEW&wbSeq=45 । আহৰণ কৰা হৈছে: June 7, 2013 .
↑ "Snowpiercer VIP premiere to be held on July 28" . Yahoo! . July 30, 2013. Archived from the original on October 27, 2014. https://web.archive.org/web/20141027000731/https://ph.celebrity.yahoo.com/news/snowpiercer-vip-premiere-to-be-held-on-july-031303090.html .
↑ Richford, Rhonda (August 20, 2014). "Deauville American Film Festival Adds 'Snowpiercer' as Closing Film" . The Hollywood Reporter . http://www.hollywoodreporter.com/news/deauville-american-film-festival-adds-609669 .
↑ "Snowpiercer (2014)" . Metacritic . http://www.metacritic.com/movie/snowpiercer । আহৰণ কৰা হৈছে: June 27, 2014 .
↑ "Box Office: July 25 – August 7, 2013" . http://www.koreanfilm.or.kr/jsp/news/reports.jsp?pageIndex=2&blbdComCd=601008&seq=257&mode=VIEW । আহৰণ কৰা হৈছে: April 12, 2014 .
↑ "Best of 2014: Film Critic Top Ten Lists" . Metacritic . Archived from the original on July 10, 2019. https://web.archive.org/web/20190710180015/https://www.metacritic.com/feature/film-critic-top-10-lists-best-movies-of-2014 । আহৰণ কৰা হৈছে: December 6, 2014 .
↑ Jones, Julie (April 8, 2015). "Bong Joon Ho Will Film His Next Project In The U.S. And Korea" . KDrama Stars. http://www.kdramastars.com/articles/80958/20150408/bong-joon-ho-will-film-his-next-project-in-the-u-s-and-korea.htm .
↑ Stellarise (February 3, 2016). "Bong Joon-ho, Netflix and Darius Khondji join forces for Okja" . Asian Movie Pulse. Archived from the original on December 8, 2019. https://web.archive.org/web/20191208025628/https://asianmoviepulse.com/2016/02/bong-joon-ho-netflix-darius-khondji-join-forces-okja/ । আহৰণ কৰা হৈছে: May 26, 2019 .
↑ Sharf, Zack (June 7, 2017). "'Okja' Rejected By 93% of South Korean Movie Theaters Over Netflix Controversy" (en ভাষাত). IndieWire . https://www.indiewire.com/2017/06/okja-south-korea-rejected-netflix-bong-joon-ho-1201838682/ । আহৰণ কৰা হৈছে: January 22, 2020 .
↑ "First Teaser for Bong Joon-ho's Okja, Coming to Netflix" . ComingSoon.net. February 28, 2017. http://www.comingsoon.net/movies/trailers/819645-first-teaser-for-bong-joon-hos-okja-coming-to-netflix । আহৰণ কৰা হৈছে: February 28, 2017 .
↑ Scott, A. O. (June 27, 2017). "Review: In 'Okja,' a Girl and Her Pig Take on the Food Industrial Complex" (en ভাষাত). The New York Times . ISSN 0362-4331 . https://www.nytimes.com/2017/06/27/movies/review-okja-bong-joon-ho.html .
↑ Hong, You-kyoung (January 24, 2018). "Bong Joon-ho's next film has a cast" . Korea JoongAng Daily . http://koreajoongangdaily.joins.com/news/article/article.aspx?aid=3043679 । আহৰণ কৰা হৈছে: January 24, 2018 .
↑ Sharf, Zack (May 25, 2019). "Bong Joon-ho Makes Cannes History As First Korean Director to Win Palme d'Or" . IndieWire . https://www.indiewire.com/2019/05/bong-joon-ho-palme-dor-first-korean-director-cannes-1202144821/ । আহৰণ কৰা হৈছে: May 25, 2019 .
↑ "AWARDS" . Sydney Film Festival . https://www.sff.org.au/program/awards/ । আহৰণ কৰা হৈছে: June 16, 2019 .
↑ Jefferson, Dee (June 16, 2019). "Bong Joon-ho's Parasite wins Sydney Film Festival official competition prize" . Sydney Film Festival . https://www.abc.net.au/news/2019-06-16/sydney-film-festival-winners-parasite-erica-glynn-documentary/11174160 । আহৰণ কৰা হৈছে: June 16, 2019 .
↑ The Artist , http://www.imdb.com/title/tt1655442/ , আহৰণ কৰা হৈছে: 2020-02-10