বইটা বন্দনা (ইংৰাজী: Boita Bandana) বা ডাংগা ভাছা ভাৰতৰ ওড়িশা প্ৰদেশত বাৰ্ষিকভাৱে উদযাপিত পৰম্পৰাগত সমুদ্ৰ আৰু নৌকা সম্পৰ্কীয় এক উৎসৱ।[1] এই নামটোৰ অৰ্থ হ'ব পাৰে "নাও ভঁহাই দিয়া লোকাচাৰ আৰু প্ৰজ্বলিত বন্তিৰে কৰা পূজা" আৰু ই আহিছে সজ্জিত নাও নিৰ্মাণৰ পৰম্পৰাৰ পৰা, যিবোৰ পূৰ্বপুৰুষৰ যাত্ৰাৰ প্ৰতীকী ইংগিত হিচাপে নদীত উটুৱাই দিয়া হয়।
বইটা বন্দনা ওড়িয়া কেলেণ্ডাৰমতে কাৰ্তিক পূৰ্ণিমাৰ পুৱাৰ ভাগত হয়। যিহেতু ই সৌৰ পঞ্জিকাৰ চান্দ্ৰ মাহ মতে পৰে, সেয়েহে প্ৰতি বছৰে উৎসৱৰ তাৰিখ সলনি হয়। গ্ৰেগৰিয়ান পঞ্জিকাত এই উৎসৱ সাধাৰণতে নৱেম্বৰ মাহত পৰে। এই উৎসৱটো সেইদিনা বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ বাবে সাধাবা(প্ৰাচীন ওড়িয়া ব্যৱসায়ী নাৱিক)সকলে মূল ভূখণ্ডৰ পৰা দক্ষিণ-পূব এছিয়া আৰু শ্ৰীলংকাৰ দৰে দূৰৈৰ দেশসমূহলৈ যাত্ৰা কৰাৰ স্মৃতিত উদযাপন কৰা হয়৷[2][3]
এই উৎসৱৰ এটা ডাঙৰ অংশ বালি যাত্ৰা নামৰ এক অনুষ্ঠান কটক ৰ মহানদী নদীৰ পাৰত গদাগদিয়া ঘাটত অনুষ্ঠিত হয়।[4][5]
এই উৎসৱৰ নামটো বইটা আৰু বন্দনা নামৰ দুটা পৃথক শব্দৰ সংমিশ্ৰণ। ওড়িয়া ভাষাত বইটাই প্ৰাচীন কলিংগ ৰাজ্যত সামুদ্ৰিক বাণিজ্যৰ বাবে ঐতিহাসিক যুগত নিৰ্মাণ কৰা বৃহৎ নাও আৰু জাহাজক বুজায়, আনহাতে বন্দনা অৰ্থাৎ সংস্কৃত: ৱन्दনৰ পৰা উদ্ভৱ হোৱা বন্দনাই বন্তি জ্বলাই পূজা কৰা বুজায়, সেয়ে, এই পৰম্পৰাৰ দ্বাৰা প্ৰাচীন ব্যৱসায়ীসকলৰ প্ৰতি দিয়া শ্ৰদ্ধাঞ্জলিক বুজায়।
ইয়াৰ আনটো নাম ডাংগা ভাছাও একেদৰেই দুটা শব্দৰ সংমিশ্ৰণ৷ পুৰণি ভাষাত ডাংগা মানে নাও আৰু ভাস মানে ভঁহাই দিয়া বা ভাসমান, গতিকে ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ‘ভাসমান নাও’।
এই উৎসৱৰ উৎপত্তি হৈছে সামুদ্ৰিক বাণিজ্য আৰু সাগৰ পাৰ হৈ এছিয়াৰ বিভিন্ন অঞ্চললৈ কৰা যাত্ৰাৰ এক প্ৰাচীন সামুদ্ৰিক পৰম্পৰাৰ পৰাই, যিটো প্ৰাচীন কালত কলিংগ নামেৰে জনাজাত এই অঞ্চলত সু-বিকশিত হৈছিল। এই প্ৰাচীন সামুদ্ৰিক পৰম্পৰা এই উৎসৱৰ জৰিয়তে সংৰক্ষণ কৰা হৈছে, যিয়ে তেওঁলোকৰ পূৰ্বপুৰুষৰ দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ প্ৰধানকৈ বৰ্তমানৰ বালি, জাভা, সুমাট্ৰা আৰু ইণ্ডোনেছিয়া, মালয়েছিয়া, শ্ৰীলংকা, থাইলেণ্ড, কম্বোডিয়া আৰু সকলো সামুদ্ৰিক পথকে ধৰি বৰ্নিও অন্তৰ্ভুক্ত ভিয়েটনামৰ চাম্পা অঞ্চললৈ কৰা যাত্ৰাক সোঁৱৰণ কৰে। স্থানীয় পৰম্পৰা অনুসৰি এই লোকাচাৰ পৰম্পৰাৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব প্ৰায় ৩য় শতিকাৰ পৰা বুলি কোৱা হয় কাৰণ কলিংগ আছিল মৌৰ্য যুগৰ এক সুপৰিচিত শক্তিশালী সামুদ্ৰিক বাণিজ্যৰ ঘাটি আৰু যাৰ দ্বাৰা শাসকসকলে এই অঞ্চলটোত প্ৰভাৱ বিস্তাৰ কৰাৰ আকাংক্ষা কৰিছিল।
বইটা নামেৰে জনাজাত জাহাজত সাধাবা বা বণিক নাৱিকসকলে এই যাত্ৰা কৰিছিল। তেওঁলোকে এটা সময়ত মাহৰ পিছত মাহ ধৰি যাত্ৰা কৰি দক্ষিণ-পূব এছিয়াৰ সাগৰৰ সিপাৰে থকা দূৰৈৰ দেশবোৰৰ মানুহৰ সৈতে ব্যৱসায় কৰিছিল। তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে কাৰ্তিক পূৰ্ণিমাক শুভ বুলি গণ্য কৰা হৈছিল। মাহৰ এই সময়ছোৱাত নৱেম্বৰৰ পৰা উত্তৰ-পূবৰ মৌচুমী বতাহ বলিবলৈ আৰম্ভ কৰে, যিটো বণিক নাৱিকসকলৰ বাবে অনুকূল আছিল; কাৰণ বতাহে তেওঁলোকৰ নাওৰ পালক সাগৰ পাৰ কৰি সহজে দক্ষিণ দিশলৈ শ্ৰীলংকাৰ ফালে লৈ গৈছিল। ইয়াৰ পিছত সাগৰৰ সোঁত ব্যৱহাৰ কৰি ভাৰত মহাসাগৰ পাৰ হৈ দক্ষিণ-পূব এছিয়াত উপনীত হয়, য’ত তেওঁলোকে বাণিজ্যৰ বাবে বিভিন্ন অঞ্চলৰ মাজেৰে জাহাজেৰে গতি কৰে। তাত ব্যৱসায় কৰাৰ পিছত জাহাজবোৰে সাগৰৰ প্ৰতি-প্ৰবাহ লৈ সময়মতে শ্ৰীলংকালৈ উভতি আহে আৰু মে' মাহৰ আশে-পাশে দক্ষিণ-পশ্চিম মৌচুমীৰ সুবিধা লৈ সুকলমে ঘৰলৈ উভতি যায়।[6] সেয়েহে, ভ্ৰমণকাৰী নাৱিকসকলৰ পৰিয়ালৰ মহিলাসকলে কাৰ্তিক পূৰ্ণিমাৰ দিনা নিজৰ গৃহস্থৰ নিৰাপদ যাত্ৰা আৰু সুকলমে উভতি অহাৰ বাবে অনুষ্ঠান পালন কৰিছিল, যিটো আজিকালি বইটা বন্দনা (নাও পূজা)ৰ পৰম্পৰাত পৰিণত হৈছে।[7][8]
কাৰ্তিক পূৰ্ণিমাত এই উৎসৱ পালন কৰা হয় যিটো ওড়িয়া পঞ্জিকাত কাৰ্তিক মাহৰ পূৰ্ণিমাৰ দিন। পৰম্পৰাগত পঞ্জিকাত কাৰ্তিক মাহক আটাইতকৈ শুভ আৰু পৱিত্ৰ বুলি গণ্য কৰা হয়। দিনটোৰ পুৱাৰ ভাগত মানুহে নদী, পুখুৰী, জলাশয় আৰু সাগৰৰ পাৰত একত্ৰিত হয় আৰু কাগজ, কল-মধুনা আদিৰে নিৰ্মিত, তামোল পাত আৰু ফুলেৰে সজ্জিত ক্ষুদ্ৰ নাও ভাঁহি উঠে আৰু জ্বলোৱা বন্তিৰে নাওবোৰক লোকাচাৰ অনুসৰি পূজা কৰা হয় যিয়ে সেই বিশেষ দিনটোত সাধাবা নামেৰে জনাজাত কলিংগৰ বণিকসকলে কৰা সাগৰীয় যাত্ৰাৰ কথা মনত পেলায়। নাওৰ পৰম্পৰাগত ভাসমানে তেওঁলোকৰ পূৰ্বপুৰুষৰ সাগৰ পাৰ হোৱা যাত্ৰাৰ প্ৰতীকী ইংগিতক বুজায়।[9] নাওখনৰ ভঁহাই দিয়া অনুষ্ঠানৰ লগত এই বাক্যাংশটো গোৱা হয়:[10]
Phrase | Transliteration |
---|---|
ଆ କା ମା ବୈ, ପାନ ଗୁଆ ଥୋଇ, ପାନ ଗୁଆ ତୋର, ମାସକ ଧରମ ମୋର । |
আ কা মা বাই, পানা গুআ থই, পানা গুআ তোৰা, মাচাকা ধৰমঅ মোৰা |
এই কথাখিনিৰ সাধাৰণ ব্যাখ্যা হ’ল, সাগৰলৈ তামোল আৰু তামোলপাতৰ প্ৰসাদে কাৰ্তিক মাহত মাহজোৰা পূজাৰ সকলো আশীৰ্বাদ আনে আৰু দীঘলীয়া সাগৰীয় যাত্ৰাৰ পৰা পৰিয়ালৰ সদস্যসকলক নিৰাপদে উভতি অহাটো নিশ্চিত কৰে। ଆ କା ମା ବୈ (আ কা মা বাই) বাক্যাংশই আষাৰ, কাৰ্তিক, মাঘ আৰু ব’হাগ- চাৰিটা পৱিত্ৰ মাহক বুজায় যিয়ে প্ৰাচীন কালত দক্ষিণ-পূব এছিয়াৰ দ্বীপ দেশলৈ জাহাজৰ যাত্ৰাৰ সময়-সীমাক চিহ্ণিত কৰে৷