বঙাইগাঁও | |
উক্ত চহৰী, ধ্ৰ নগৰ | |
— পৌৰপতি — | |
স্থানাঙ্ক | 26°28′N 90°34′E / 26.47°N 90.57°E |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | বঙাইগাঁও |
উপায়ুক্ত | এচ. পি. নন্দি (IAS) |
জনসংখ্যা |
1,74,810 (44) (2011[update]) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
• 54 m (177 ft) |
ৱেবছাইট | bongaigaon.nic.in |
বঙাইগাঁও (ইংৰাজী: Bongaigaon) হৈছে বঙাইগাঁও জিলাৰ সদৰ আৰু নামনি অসমৰ এক উল্লেখযোগ্য গাঁও ৰ প্ৰতিষ্ঠান। এই নগৰ অতীতত কোচ ৰাজ্যৰ ৰাজধানী আছিল। এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত, সেয়া হৈছে - বঙাইগাঁও মূল নগৰ আৰু নতুন বঙাইগাঁও। এই চহৰখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৮০ কি.মি. দূৰত পশ্চিমে অৱস্থিত। বড়ো সকলৰ দাবীত ২০০৫ চনত বঙাইগাঁও চহৰে ইয়াৰ এটা বিশাল অংশ চিৰাং জিলাক অৰ্পণ কৰিছে। বঙাইগাঁৱত অসম তথা ভাৰতৰ এটা মুখ্য তেল শোধানাগাৰ আছে। বঙাইগাঁও নগৰখন ১৯০৮ চনতেই ভাৰতীয় ৰেলৰ তালিকাত স্থান পাইছিল।
বঙাইগাঁও পৌৰসভা ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল। বৰ্তমানে এই চহৰ অঞ্চলত ২৫টা ভাগ আছে।
২০১১ চনৰ লোকপিয়ল অনুসৰি বঙাইগাঁও চহৰখনত সৰ্বমুঠ ১,৭৪,৮১০ জন লোক আছে। উক্ত নগৰখন অসম চৰকাৰৰ অধীনৰ নগৰ উন্নয়ন কমিটিত আছে। এই চহৰৰ বেছি ভাগ লোক বাঙালী আৰু কোচ ৰাজবংশী সকল। এই চহৰত এওঁলোকৰ বাহিৰে আন নানান জনগোষ্ঠীৰ লোক আছে।
Bongaigaonৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 30 (86) |
33 (91) |
38 (100) |
40 (104) |
38 (100) |
40 (104) |
37 (99) |
37 (99) |
37 (99) |
35 (95) |
32 (90) |
28 (82) |
40 (104) |
গড় উষ্ণতা - উচ্চ °C (°F) | 23 | 25 | 30 | 31 (88) |
31 (88) |
31 (88) |
32 (90) |
32 (90) |
31 (88) |
30 (86) |
27 (81) |
24 (75) |
29 (84) |
গড় উষ্ণতা - নিম্ন °C (°F) | 10 (50) |
12 (54) |
15 (59) |
20 (68) |
22 (72) |
25 (77) |
25 (77) |
25 (77) |
24 (75) |
21 (70) |
16 (61) |
11 (52) |
19 (66) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | 5 (41) |
6 (43) |
6 (43) |
11 (52) |
16 (61) |
18 (64) |
20 (68) |
21 (70) |
20 (68) |
15 (59) |
10 (50) |
5 (41) |
5 (41) |
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 11.4 (0.449) |
12.8 (0.504) |
57.7 (2.272) |
142.3 (5.602) |
248.0 (9.764) |
350.1 (13.783) |
353.6 (13.921) |
269.9 (10.626) |
166.2 (6.543) |
79.2 (3.118) |
19.4 (0.764) |
5.1 (0.201) |
1,717.7 (67.626) |
উৎস: wunderground.com[1] |
অসমৰ আন আন ঠাইৰ দৰেই বঙাইগাঁও চহৰৰ যাতায়ত ব্যৱস্থা অতি সুচল। বঙাইগাঁও চহৰখন ভাৰতীয় ৰেল, স্থল সেৱাৰ দ্বাৰা অসমৰ আন আন চহৰ যেনে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, মঙলদৈ, তেজপুৰ আদিৰ লগতে ভাৰতৰ আন আন ঠাইৰ লগত সংযোগ হৈ আছে।
বঙাইগাঁও চহৰখন উত্তৰে আৰু দক্ষিণে ক্ৰমে ৩১ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত অৱস্থিত। সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰধান পথ আৰু উপপথেৰে সংযোগ হৈ আছে।
বঙাইগাঁও চহৰখন ৰেল সেৱাৰ দ্বাৰা অতি সুচল সংযোগ স্থাপন কৰি আছে, ইয়াৰ কাৰণ উক্ত চহৰখনত দুটা ৰেল ষ্টেচন আছে। সেই দুটা হ'ল -
নিউ বঙাইগাঁও ৰেল জংচনটো[3] বঙাইগাঁও চহৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহৎ আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনটোত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।
বঙাইগাঁও চহৰৰ পৰা বিমানেৰে যাতায়ত কৰিবলৈ ১৬৫ কি.মি. পূৱত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাব লাগিব।
অসমীয়া প্ৰতিদিন[4] নামৰ অতি জনপ্ৰিয় বাতৰি কাকতখন গুৱাহাটী, উত্তৰ লখিমপুৰ আৰু ডিব্ৰুগড়ৰ লগতে বঙাইগাঁৱৰ পৰাও প্ৰকাশিত হয়।
বঙাইগাঁও চহৰখন পৰ্যটন কেন্দ্ৰ স্বৰূপ হোৱাৰ লগতে বঙাইগাঁও তেল শোধানাগাৰৰ তথা আন আন উদ্যোগ্ৰ বাবে যথেষ্ট লোক অহা যোৱা কৰে। বঙাইগাঁও চহৰত থকা উল্লেখ যোগ্য হোটেল কেইখন মানৰ নাম -
ইয়াৰ উপৰিও বঙাইগাঁৱত বহু সৰু ডাঙৰ হোটেল আছে।
বঙাইগাঁও চহৰখনত প্ৰধান বিশ্ববিদ্যালয় নাই যদিও ইয়াত দুখন শাখা বিশ্ববিদ্যালয় আছে। সেই কেইখন হ'ল -
বঙাইগাঁও চহৰত মানুহৰ মনোৰঞ্জনৰ উদ্দেশ্যে মায়াপুৰী ছবিঘৰ নামেৰে এটি ছবিঘৰ আছে।
বঙাইগাঁও চহৰ নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ৰ্থ বৃহত নগৰ হিচাপে ইয়াত ক্ৰয়-বিক্ৰয়ৰ অত্যধিক সুবিধা উপলব্ধ আছে। ইয়াৰ কেইখন মান উল্লেখযোগ্য বজাৰৰ তলত উল্লেখ কৰা হ'ল -
বঙাইগাঁও চহৰত থকা উল্লেখযোগ্য অত্যধিক সা-সুবিধাযুক্ত বজাৰ গৃহ কেইটাৰ নাম -
|
|