এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় | |
---|---|
জন্ম | ২৬ জুন, ১৮৩৮[1] নৈহাটী |
মৃত্যু | ৮ এপ্ৰিল, ১৮৯৪ (৫৫ বছৰ) কলকাতা |
পেচা | লেখক, কবি, উপন্যাসিক, গীতিকাৰ |
ভাষা | বঙালী, ইংৰাজী |
মাতৃশিক্ষায়তন | কলকাতা বিশ্ববিদ্যালয় |
বিষয় | সাহিত্যিক |
সাহিত্যিক বিপ্লৱ | বংগ পুণৰ্জাগৰণ |
উল্লেখনীয় কৰ্মৰাজি | দুৰ্গেশনন্দিনী কপালকুণ্ডলা দেবী চৌধুৰাণী আনন্দমঠ বন্দে মাতৰম্ |
বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।[2] তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্ গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।[3]
১৮৩৮ চনৰ ২৬ জুন তাৰিখত যাদবচন্দ্ৰ চট্টোপাধ্যায়ৰ ঔৰস আৰু দুৰ্গাসুন্দৰীৰ গৰ্ভত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হয়।[1] পশ্চিমবঙ্গ ৰাজ্যৰ বৰ্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্ৰাম তেঁওৰ জন্মস্থান। পাঁচ বছৰ বয়সতে তেওঁলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচাৰ্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয়। শিশু কালৰ পৰা তেওঁৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল। তেওঁৰ কনিষ্ঠ সহোদৰ পুৰ্ণচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল, "শুনিছো, বঙ্কিমচন্দ্ৰ এদিনতেই বঙালী বৰ্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।[4][5] তেওঁ গাঁৱৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্ৰাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্ৰাণ দেৱৰ শিক্ষাৰ পৰা তেওঁ বিশেষ উপকৃত হোৱা নাই[6]। তেওঁ লিখিছিল,"আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো"।
১৮৪৪ চনত মেদিনীপুৰত তেওঁৰ প্ৰকৃত শিক্ষাৰ সূচনা হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্ৰধান শিক্ষক এফ টিডৰ পৰামৰ্শত যাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্ৰক ইংৰাজী স্কুলত নামভৰ্তি কৰায়। ইয়াতেও তেওঁ নিজ মেধাৰ পৰিচয় দিছিল। পুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰদৰ্শন কৰি এফ টিড মহোদয় তেওঁক ডবল প্ৰম'চন দিবলৈ উদ্যত হয়।[4][7] ১৮৪৯ চনত তেওঁ পুনৰায় কাঁঠালপাৰাত উভতি আহে। ইয়াত তেওঁ শ্ৰীৰাম ন্যায়বাগীচৰ পৰা বঙালী আৰু সংস্কৃত ভাষাৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ খুব ভাল আবৃত্তিকাৰ আছিল।
সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুৰঞ্জনত প্ৰকাশিত বহু কবিতা তেওঁ এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল। ভাৰত ৰায়চন্দ্ৰ ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবৰ্ণন আৰু জয়দেৱ প্ৰণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল। পণ্ডিত হলধৰ তৰ্কচুড়ামণিৰ পৰা তেওঁ মহাভাৰত শ্ৰবণ কৰিছিল। পণ্ডিত হলধৰ মহোদয় শিক্ষা দিছিল," শ্ৰীকৃ্ষ্ণ আদৰ্শ পুৰুষ আৰু আদৰ্শ চৰিত্ৰ"। এই শিক্ষা তেওঁৰ বিভিন্ন ৰচনাত প্ৰতিফলিত হৈছিল।[8]
১৮৪৯ চনত তেওঁ হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভৰ্তি কৰায়। ইয়াত তেওঁ সাত বছৰ অধ্যয়ণ কৰে। হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্ৰথম স্থান লাভ কৰি প্ৰতি মাহে আঠ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত সংবাদ প্ৰভাকৰ কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে। হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেওঁ কবিবৰ ঈশ্বৰচন্দ্ৰ গুপ্তৰ সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল। পৰবৰ্তী সময়ত তেওঁৰ বহু ৰচনা এই কাকতত প্ৰকাশিত হৈছিল। ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰি দুবছৰৰ বাবে প্ৰতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্ৰেচিডেঞ্চি কলেজত নামভৰ্তি কৰায়। ১৮৫৭ চনত কলকাতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্ৰাঞ্চ বা প্ৰবেশিকা পৰীক্ষাৰ প্ৰবৰ্তন কৰিছিল। প্ৰেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ১৮৫৮ চনত প্ৰথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্ৰ আৰু যদুনাথ বসু উত্তীৰ্ণ হৈছিল।
পিতাৰ ন্যায় তেওঁ ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল। অতি নিষ্ঠাৰ সহিত তেওঁ কৰ্তব্য পালন কৰিছিল। ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অৰ্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত ব্ৰিটিছ চৰকাৰ তেওঁক বিভূষিত কৰিছিল। কিন্তু তেওঁ চৰকাৰী কৰ্মচাৰীৰূপত নহয় প্ৰকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা ভাৰতৰ নবজাগৰণৰ প্ৰমুখ ব্যক্তি ৰূপত বিখ্যাত।
নাৰায়ণপুৰ গাঁওৰ পঞ্চম বৰ্ষীয়া বালিকাৰ সৈতে ১৮৪৯ চনত মাত্ৰ ১১ বছৰ বয়সত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ প্ৰথম বিবাহ হয়। কিন্তু দুৰ্ভাগ্যবশঃ ১৮৫৯ চনত তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। ১৮৬০ চনৰ জুন মাহত হালি চহৰৰ বিখ্যাত চৌধুৰী বংশৰ কন্যা ৰাজলক্ষীৰ সৈতে তেওঁৰ বিবাহ হৈছিল।
উপন্যাস
|
প্ৰবন্ধ গ্ৰন্থ
|
বিবিধ
|
সম্পাদিত গ্ৰন্থাবলী
|
তেঁওৰ বিখ্যাত আৰু জনপ্ৰিয় ৰচনা বন্দে মাতৰম্।