Bajjika | |
---|---|
बज्जिका | |
অঞ্চল | Bihar of India and Terai (Madhesh Province) of Nepal |
স্থানীয় ভাষিক |
c. 20 million (2013 estimate) |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | vjk |
ভাষাতাত্বিক |
mai-baj |
বজ্জিকা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি পূৰ্বী ভাৰত আৰু নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়।[1] এই ভাষা মৈথিলীৰ সৈতে ওচৰেৰে সম্বন্ধিত আৰু ইয়াক অনেকে মৈথিলীৰ উপভাষাও জ্ঞান কৰে।
বজ্জিকা মুখ্যতঃ ভাৰতৰ বিহাৰ ৰাজ্য উত্তৰ-পশ্চিম ভাগত কোৱা হয়। সেই ঠাইক বজ্জিকাঞ্চল নামেৰে জনা যায়। এই অঞ্চলত সমষ্টিপুৰ, সীতামঢ়ী, মুজফ্ফৰপুৰ, বৈশালী আৰু শেওহৰ জিলা আছে। ই চুবুৰীয়া দৰভংগা জিলাতো কিছু পৰিমাণে কোৱা হয়।[2] ২০১৩ চনৰ এটি অনুমান অনুযায়ী (যি ২০০১ চনৰ ভাৰতীয় জনগণনাৰ ওপৰত আধাৰিত) বজ্জিকা ভাষী লোকৰ সংখ্যা প্ৰায় ২ কোটি (যাৰেই প্ৰায় ১১ কোটি নিৰক্ষৰ)।[3]
বজ্জিকা নেপালতো কোৱা হয়, য'ত ২০০১ চনৰ লোকপিয়ল অনুযায়ী ২৩৭৯৪৭জন লোকে এই ভাষাক মাতৃভাষা জ্ঞান কৰিছিল।[4]
বেজিকাক মৈথিলী ভাষাৰ এটা উপভাষা হিচাপে গণ্য কৰা হৈছে অনেক উৎসত।[5][6][7] বজ্জিকাক মৈথিলীৰ উপভাষা বুলিব পৰা যায় নে নাযায় সেই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে "মৈথিলী" শব্দেৰে উত্তৰ বিহাৰত কথিত মানক মৈথিলী উপভাষাক সম্বোধন কৰা হৈছে নে সম্বন্ধিত উপভাষাৰ গোট হিচাপে গোটেই ভাষাটোক।
বিংশ শতিকাৰ আগৰ ভাগত যেতিয়া মৈথিলী ভাষী লোকে মৈথিলী ভাষাক প্ৰাথমিক শিক্ষাৰ মাধ্যম কৰাৰ দাবী তুলিছিল, বজ্জিকা ভাষী লোকে তাৰ বিৰোধ কৰি হিন্দী ভাষাকহে মাধ্যম কৰাৰ সমৰ্থন কৰিছিল।[8] যেতিয়া ১৯৬০ আৰু ৭০ৰ দশকৰ মৈথিলী ভাষী লোকে পৃথক মিথিলা ৰাজ্যৰ দাবী কৰিছিল, তেতিয়াও অংগিকা আৰু বজ্জিকা ভাষী লোকে তাৰ বিৰোধ কৰিছিল আৰু নিজৰ নিজৰ ভাষাৰ স্বীকৃতি দাবী কৰিছিল।[9]
মৈথিলী ভাষাক সমৰ্থন কৰা অনেকে বিশ্বাস কৰে যে বিহাৰ চৰকাৰ আৰু হিন্দীবাদী বিহাৰ ৰাষ্ট্ৰভাষা পৰিষদেহে অংগিকা আৰু বজ্জিকাক পৃথক ভাষা বুলি দাবী কৰিবলৈ উক্ত ভাষা কোৱা লোকসকলক প্ৰৰোচিত কৰিছিল যাতে মৈথিলী ভাষা আন্দোলনৰ শক্তি হ্ৰাস পাওক। তাৰেই অনেকে বৰ্তমানেও অংগিকাক মৈথিলীৰ উপভাষা বুলি মানি চলে।[8] মুখ্যতঃ মৈথিল ব্ৰাহ্মণ আৰু কৰণ কায়স্থ জাতৰ লোকে মৈথিলী ভাষা আন্দোলনক সমৰ্থন কৰি আহিছে, যাৰ বিপৰীতে অঞ্চলটোৰ অন্য জাতৰ লোকে অংগিকা বা বজ্জিকাকহে নিজৰ মাতৃভাষা বুলি কৈ আহিছে আৰু মৈথিলী পৰিচয়ৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছে।[10]
লক্ষ্মী এলথিন হাম্মাৰ অংগনা (২০০৯) বজ্জিকা ভাষাত মুক্তি লাভ কৰা এখন আনুষ্ঠানিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি। তাৰ পাছত সজন ঐহা ডোলী লে কে নামৰ ছবি এখনেও মুক্তি লাভ কৰিছে।[11]