বড়ো | |
---|---|
बर’ | |
থলুৱা অঞ্চল | উত্তৰ-পূব ভাৰত |
জাতীয়তা | বড়ো জনগোষ্ঠী |
স্থানীয় ভাষিক |
১৫.৪০ লাখ (২০০৭) |
ভাষা পৰিয়াল |
চীনা-তিব্বতীয়
|
ভাষা সংকেত | |
ISO 639-3 | brx |
বড়ো ভাষা (বড়ো: बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা। বড়ো ভাষী লোক অসমৰ উপৰিও পশ্চিমবংগ, নেপাল, ভূটান আৰু বাংলাদেশ পৰ্য্যন্ত ব্যাপ্ত বুলি জনা যায়। বড়ো এটা চীন-তিব্বতীয় মূলৰ তিব্বত-বৰ্মা পৰিয়ালৰ ভাষা আৰু উত্তৰ-পূব ভাৰতৰ আন সকলো তিব্বত-বৰ্মীয় ভাষাৰ ভিতৰত এই ভাষা কওঁতাৰ সংখ্যা বেছি। ২০০১ চনৰ তথ্যমতে ভাৰতত বড়ো ভাষা কোৱা লোকৰ জনসংখ্যা হ'ল ১,৩৫০,৪৭৮জন আৰু নেপালত ৩,৩০১ জন।
বড়ো ভাষা বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ চৰকাৰী ভাষা আৰু ভাৰতৰ ৰাজ্য অসমৰ সহ-চৰকাৰী ভাষা।[1] ই ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত ২২টা ভাষাৰ ভিতৰত এটা।[2] ১৯৭৫ চনৰ পৰা এই ভাষা লিখিবলৈ দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়। ইয়াক পূৰ্বতে ৰোমান আৰু অসমীয়া–বঙালী লিপি ব্যৱহাৰ কৰি লিখা হৈছিল। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে যে ভাষাটোৰ অতিজতে দেওধাই লিপিৰে লিখা হৈছিল যি বৰ্তমানে লুপ্ত।[3]
বড়োসকলক আনুষ্ঠানিকভাৱে ভাৰতৰ সংবিধানৰ অধীনত "বড়ো, বড়ো কছাৰী" অনুসূচীত জনজাতি হিচাপে চিনাক্ত কৰা হয়।[4] ১৯১৩ চনৰ পৰা বিভিন্ন বড়ো সংগঠনে আৰম্ভ কৰা সামাজিক-ৰাজনৈতিক জাগৰণ তথা আন্দোলনৰ ফলস্বৰূপে, ১৯৬৩ চনত বড়ো অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে বড়ো ভাষাটো প্ৰৱৰ্তন কৰা হৈছিল। বৰ্তমানে বড়ো ভাষা মাধ্যমিক পৰ্যায়লৈকে শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলিত আৰু ই অসমৰ এক সহ-চৰকাৰী ভাষা। বড়ো ভাষা আৰু সাহিত্যৰ অধ্যয়নক ১৯৯৬ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম হিচাপে আগবঢ়োৱা হৈছে। অসম চৰকাৰে ২০১৭ চনৰ এক বিধেয়ক অনুসৰী বড়ো ভাষাক জনজাতীয় অঞ্চলত দশম শ্ৰেণীলৈ এক বাধ্যতামূলক বিষয় হিচাপে শিক্ষাদান কৰাৰ সিদ্ধান্ত লয়।[5] এই বিধেয়কে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় বিদ্যালয়সমূহকো সাঙোৰি লৈছে।[5]
বডো ভাষাত সাহিত্য চৰ্চা হোৱা দেখা যায়। বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভাৰ গঠন কৰা হয়।[6] সাহিত্য অকাডেমিয়ে বড়ো ভাষাত ৰচিত সাহিত্যকৰ্মক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যেৰে ২০০৫ চনৰ পৰা এই ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰি আহিছে।[7] প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল কবি মংগলসিং হাজোৱাৰীয়ে।[7]
কিছু পণ্ডিতৰ মতে বড়ো আৰু ডিমাছা ভাষাই দেওধাই নামৰ এক লুপ্ত লিপি ব্যৱহাৰ কৰিছিল, পিছে এয়া প্ৰমাণিত নহয়।[3] ১৮৪৩ চনত যেতিয়া বড়ো ভাষাত প্ৰথম এখন প্ৰাৰ্থনা পুথি প্ৰকাশ কৰা হৈছিল তেতিয়া ৰোমান লিপিকেই প্ৰথমে ভাষাটো লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছত ১৮৮৪ চনৰ পৰা আৰু ১৯০৪ চনলৈ শিশুসকলক ভাষাটো শিকোৱাৰ বাবে ৰোমান লিপি ব্যৱহাৰ কৰা হৈছিল। অসমীয়া লিপিৰ ব্যৱহাৰ প্ৰথমে দেখা যায় ১৯১৫ চনত ‘ব'ড়'নি ফিচা অ' আয়েন’-ত আৰু বড়ো ভাষাৰ প্ৰথম আলোচনী ‘বিবাৰ’-ত (১৯২৪-১৯৪০)। ‘বিবাৰ’ আছিল বড়ো, অসমীয়া আৰু বঙালী ভাষাৰ ত্ৰিভাষিক আলোচনী য'ত বড়ো অংশটো লিখা হৈছিল অসমীয়া লিপিত। ১৯৫২ চনত বড়ো সাহিত্য সভাই ভাষাটোৰ বাবে কেৱল অসমীয়া লিপি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়।[8] ১৯৬৩ চনত যেতিয়া বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে বড়োৰ প্ৰচলন আৰম্ভ হয়, তেতিয়া অসমীয়া লিপিয়েই ব্যৱহাৰ কৰা হৈছিল।[9] ১৯৬০-ৰ দশকত বড়ো ভাষা প্ৰধানতঃ অসমীয়া লিপিত লিখা হৈছিল, যদিও খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলে বড়োৰ বাবে ৰোমান লিপি ব্যৱহাৰ কৰিছিল।[10][11]
১৯৬০-ৰ দশকত অসমত অসমীয়া ভাষা আন্দোলন তুংগত উপনীত হোৱাৰ লগে লগে বড়ো সম্প্ৰদায়ে ভাবুকি অনুভৱ কৰে আৰু অসমীয়া লিপি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লয়।[12] কেইবাটাও প্ৰস্তাৱনা আৰু বিশেষজ্ঞ সমিতি মতামতৰ পাছত, ১৯৭০ চনত বড়ো সাহিত্য সভাই পূৰ্বৰ সিদ্ধান্ত সলনি কৰি সৰ্বসন্মতিক্ৰমে ইয়াৰ একাদশ বাৰ্ষিক সন্মিলনত ভাষাটোৰ বাবে ৰোমান লিপি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।[13] বড়ো সাহিত্য সভাই ১৯৭১ চনত অসম চৰকাৰৰ ওচৰত এই দাবী দাখিল কৰে, পিছে ৰোমান লিপি বিদেশী মূলৰ বুলি বিবেচনা কৰি চৰকাৰে এই দাবী নাকচ কৰে। ইয়াৰ ফলতে বড়ো ভাষাৰ বাবে ৰোমান লিপিৰ আন্দোলনৰ সূচনা হয় যি পাছলৈ অসমৰ সমতল জনজাতীয় পৰিষদ (Plain Tribals Council of Assam, পিটিচিএ)-ৰ নেতৃত্বত চলা ‘উদয়াচল’ নামৰ এখন পৃথক ৰাজ্যৰ দাবীত কৰা আন্দোলনৰ অংশ হৈ পৰে। এই সন্দৰ্ভত, বড়ো নেতাসকলক তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰোমান লিপিৰ বাহিৰে আন যিকোনো ভাৰতীয় লিপি বাছনি কৰিবলৈ পৰামৰ্শ দিছিল।[14]
অসম চৰকাৰক অমান্য কৰি ১৯৭৪ চনৰ এপ্ৰিল মাহত বড়ো সাহিত্য সভাই ৰোমান লিপিত ‘বিথোৰাই’ নামৰ বড়ো পাঠ্যপুথি প্ৰকাশ কৰে আৰু বিদ্যালয়সমূহক ইয়াক অনুসৰণ কৰিবলৈ কয়।[15] এই একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া স্বৰূপে অসম চৰকাৰে ৰোমান লিপি ব্যৱহাৰ কৰি বিদ্যালয়সমূহৰ অনুদান বন্ধ কৰি দিয়ে। ইয়াৰ ফলত আন্দোলন অধিক সক্ৰিয় হৈ পৰে আৰু ইয়াত সদৌ বড়ো ছাত্ৰ সন্থা আৰু পিটিচিএ-য়ে যোগদান কৰে। ১৯৭৪ চনৰ নৱেম্বৰ মাহত এক সংকটজনক পৰিস্থিতিৰ উদ্ভৱ হয় যেতিয়া আৰক্ষীৰ গুলীত আন্দোলনৰ ১৫ জন অংশগ্ৰহণকাৰীৰ মৃত্যু হয় আৰু আন বহুতো লোক আহত হয়। সমস্যাটো সমাধান কৰিব নোৱাৰি অসম চৰকাৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে।[16] আলোচনাত কেন্দ্ৰীয় চৰকাৰে সমস্যাটোৰ সমাধান হিচাপে দেৱনাগৰী লিপি ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। এই পৰমৰ্শত বড়ো সাহিত্য সভাই সন্মতি প্ৰকাশ কৰি ১৯৭৫ চনৰ এপ্ৰিলত বুজাবুজি চুক্তিত সাক্ষৰ কৰে আৰু সেই বছৰৰ বাৰ্ষিক সন্মিলনত ইয়াক গ্ৰহণ কৰে।[17] ইয়াৰ ফলশ্ৰুতিত বড়ো লিপি আন্দোলনৰ সমাপ্তি ঘটে।
বড়ো ভাষাৰ বাবে দেৱনাগৰী লিপিৰ ব্যৱহাৰ এক অপ্ৰত্যাশিত সিদ্ধান্ত আছিল আৰু ইয়াক বড়ো সম্প্ৰদায়ৰ সকলো লোকে তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব পৰা নাছিল।[18] বড়ো সাহিত্য সভাই দেৱনাগৰী লিপিৰ ব্যৱহাৰ কাৰ্যকৰী কৰাত ব্যৰ্থ হয়, আৰু লেখকসকলে অসমীয়া–বঙালী লিপি আৰু ৰোমান লিপি ব্যৱহাৰ কৰি থাকে।[19] ১৯৮২ চনত সদৌ বড়ো ছাত্ৰ সন্থাই ইয়াৰ দাবীৰ চাৰ্টাৰত বড়ো বিদ্যালয়সমূহত ৰোমান লিপিৰ ব্যৱহাৰৰ দাবী অন্তৰ্ভুক্ত কৰে। বড়ো সাহিত্য সভাৰ দ্বাৰা গঠন কৰা এক বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পাছত, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদে ইয়াত অন্তৰ্ভুক্ত অঞ্চলসমূহত ৰোমান লিপি ব্যৱহাৰ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰে, য'ত অসম চৰকাৰেও সহমত পোষন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
পৰবৰ্তী সময়ত বড়ো লিবাৰেচন টাইগাৰ্ছৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত বড়ো ভাষা অন্তৰ্ভুক্ত কৰিব লগা হ'লে দেৱনাগৰী লিপিৰ ব্যৱহাৰ সন্দৰ্ভত বড়ো সাহিত্য সভাৰ সৈতে হোৱা পূৰ্বৰ চুক্তি ৰূপায়ণৰ দাবী জনায়। ইয়াৰ পাছত সদৌ বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই বড়ো ভাষাৰ বাবে কেৱল দেৱনাগৰী লিপি ব্যৱহাৰ কৰিবলৈ সন্মত হয় আৰু অৱশেষত বিষয়টো নিষ্পত্তি হয়।
ৱিকিমিডিয়া ইনকুবেটৰত বড়ো ভাষাৰ ৱিকিপিডিয়াৰ পৰীক্ষা-নিৰীক্ষা হৈ আছে। |
|