বড়োলেণ্ড পিপলছ ফ্ৰন্ট | |
---|---|
![]() | |
সভাপতি | হাগ্ৰামা মহিলাৰী |
সংসদীয় সভাপতি | |
লোকসভাত নেতা | চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ২০০৫ |
মূখ্য কাৰ্যালয় | কোকৰাঝাৰ, অসম |
ৱেবছাইট | http://www.bpfassam.in/ |
বড়োলেণ্ড পিপলছ ফ্ৰন্ট (ইংৰাজী: Bodoland Peoples Front (BPF)) (চমুকৈ বি পি এফ) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বি টি এ ডি (Bodoland Territorial Areas District) অঞ্চলত সক্ৰিয়। এই দলটো ২০০৫ চনত প্ৰতিষ্ঠিত হৈছিল আৰু হাগ্ৰামা মহিলাৰী আৰু ইমানুৱেল মুচাহাৰী ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।[1] ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী কোকৰাঝাৰ সমষ্টিৰ পৰা পঞ্চদশ লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০০৮ চনৰ মে' মাহত এই দলৰে বিশ্বজিৎ দৈমাৰী ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। দ্বাদশ অসম বিধানসভাত বি পি এফ দলৰ ১০ জন বিধায়ক আছিল। এই দলটোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জোঁট গঠন কৰি বৰ্তমানৰ অসম চৰকাৰৰ শাসনভাৰ চলাই আছে। [2] ২০১১ চনৰ নিৰ্বাচনত বি পি এফৰ পৰা ১২ জন বিধায়ক অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।