বড়ো–গাৰো | |
---|---|
ভৌগোলিক বিস্তৃতি: |
উত্তৰ-পূব ভাৰত, বাংলাদেশ |
ভাষাৰ শ্ৰেণীবিভাজন: | চীনা-তিব্বতীয় ভাষা |
উপশ্ৰেণীসমূহ: |
বড়ো–গাৰো ভাষাসমূহ হৈছে চীনা-তিব্বতীয় ভাষাৰ এটা শাখা, যি প্ৰধানকৈ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ কিছু অংশত কোৱা হয়।
বড়ো–গাৰো ভাষাসমূহ মুঠ চাৰিটা ভাগত বিভক্ত: বড়ো, গাৰো, কোচ আৰু দেউৰী। বড়ো–গাৰো ভাষাসমূহ ঐতিহাসিকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰ্তমানৰ উত্তৰ বাংলাদেশৰ অংশত বহুলভাৱে প্ৰচলিত আছিল[2]আৰু অনুমান কৰা হয় যে প্ৰটো-বড়ো-গাৰো ভাষা ব্ৰহ্মপুত্ৰ উপত্যকাৰ লিংগুৱা ফ্ৰেংকা আছিল, যি পাছলৈ অসমীয়া ভাষা হয়গৈ।
বড়ো-গাৰো ভাষাসমূহ গ্ৰীয়াৰছনৰ ভাৰতৰ ভাষা সমীক্ষাত চিনাক্ত কৰা হৈছিল, আৰু তলত দিয়া তালিকাত এই ভাষাসমূহৰ নাম আৰু আধুনিক ৰূপ দিয়া হৈছে।
এল. এছ. আই.ত নাম | আধুনিক নামসমূহ |
---|---|
বড়ো | বড়ো |
লালুং | তিৱা |
ডিমাচা | ডিমাচা |
গাৰো | গাৰো |
কোচ | কোচ |
ৰাভা | ৰাভা |
ত্ৰিপুৰী | ককবৰক |
চুতীয়া | দেউৰী |
মৰাণ | মৰাণ |
বড়ো-গাৰো ভাষাসমূহ বাৰ্লিংৰ দ্বাৰা চাৰি উপ-শাখাত বিভক্ত কৰা হৈছে।
পুৰণি হাজং হয়তো বড়ো-গাৰো ভাষা আছিল বুলি ভবা হয়।বৰ্মান হৈছে এটা নতুনকৈ আৱিষ্কৃত বড়ো-গাৰো ভাষা।[3]
বড়ো ভাষা হৈছে অসম ৰাজ্যৰ এটা সহযোগী চৰকাৰী ভাষা। ককবৰক (ত্ৰিপুৰী) হৈছে ত্ৰিপুৰা ৰাজ্যৰ এটা চৰকাৰী ভাষা। গাৰো হৈছে মেঘালয়ৰ এটা সহযোগী চৰকাৰী ভাষা। মেগাম খাচি ভাষাসমূহৰ দ্বাৰা বহুত প্ৰভাৱিত হৈছে, আৰু দেউৰী ভাষা ইডু মিশ্মি ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছে।
কন্যাক আৰু চিংফৌ ভাষাৰ সৈতে বড়ো–গাৰো ভাষাৰ সম্পৰ্কই বুজাই যে প্ৰটো-বড়ো-গাৰো উত্তৰ-পূৰ্বৰ পৰা অসমত প্ৰৱেশ কৰিছিল।[4] প্ৰস্তাৱ অনুসৰি প্ৰটো-বড়ো-গাৰো ভাষা এসময়ত বিভিন্ন ভাষাগত জনগোষ্ঠীৰ মাজত লিংগুৱা ফ্ৰেংকা আছিল, যাৰ সকলো সদস্যৰ মাতৃভাষা প্ৰটো-বড়ো-গাৰো নাছিল[5] আৰু ই এটা ক্ৰিঅ'লাইজড লিংগুৱা ফ্ৰেংকা হিচাপে আৰম্ভ হৈছিল।[6]