বতৰৰ লোককথা (ইংৰাজী: Weather lore) বুলিলে বতৰ আৰু বতৰৰ ভৱিষ্যদ্বাণীৰ সৈতে জড়িত অনানুষ্ঠানিক লোককথাক বুজায়।
সাধাৰণ লোককথাৰ দৰেই বতৰৰ লোককথাটো বাহ্যিক জোখ-মাখৰ কোনো যন্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ সাধাৰণ মানুহৰ মুখৰ কথা আৰু লিখাৰ জৰিয়তে প্ৰচলন কৰা হয়। বতৰৰ লোককথাবোৰৰ উৎপত্তি আদিম পুৰুষ আৰু নৌ পৰিবহণৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰা তৰাৰ অধ্যয়নৰ পৰাই হ'ব পাৰে।[1] কিন্তু শেহতীয়াকৈ মধ্যযুগৰ শেষৰ ফালে দুজন গ্ৰীক দাৰ্শনিক-কবি ইৰেছাছৰ থিয়ফ্ৰাষ্টাছৰ আৰু মেচিডোনিয়াৰ আৰাটাছৰ ৰচনা বতৰৰ ভৱিষ্যদ্বাণী গঢ় দিয়াৰ বাবে জনাজাত। থিওফ্ৰাষ্টাছ আৰু আৰাটাছে তেওঁলোকৰ ৰচনাসমূহ দুটা মূল সংগ্ৰহত একত্ৰিত কৰিছিল: অন ৱেদাৰ চাইনছ (On Weather Signs) আৰু অন উইণ্ডছ (On Winds)। এই লোককথাবোৰ কৃষকক শস্য চপোৱাত সহায় কৰা, ব্যৱসায়ীক ব্যৱসায় চলোৱাত সহায় কৰা আৰু পিছদিনাৰ বতৰ নিৰ্ণয় কৰা আদি কামত ব্যৱহাৰ কৰা হৈছিল।[2]
প্ৰতিটো গ্ৰহ প্ৰায়ে বতৰৰ অৱস্থাৰ সৈতে জড়িত হোৱা বাবে জ্যোতিষ আৰু বতৰ বিজ্ঞান বহু বছৰ ধৰি ঘনিষ্ঠভাৱে জড়িত হৈ আছে। উদাহৰণস্বৰূপে মঙ্গল গ্ৰহ ৰঙা আৰু সেয়েহে গৰম আৰু শুকান হ’ব লাগিব। প্ৰাচীন ৰোমান চিন্তাধাৰাত প্ৰচলিত জ্যোতিষবিদসকলে বতৰৰ লোকজ্ঞান ব্যৱহাৰ কৰি সাধাৰণ লোকসকলক তৰা আৰু ডাৱৰৰ গঠন অধ্যয়ন কৰি ভৱিষ্যত বতৰ চাবলৈ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে শিকাইছিল।[2] ইয়াৰ পৰাই মধ্যযুগৰ শেষৰ ফালে বতৰ বিজ্ঞানৰ তিনিটা মূল শাখাৰ বিকাশ ঘটিছিল কাৰণ সমগ্ৰ ইউৰোপতে জ্যোতিষ বিজ্ঞান অধিক জনপ্ৰিয় হৈ পৰিছিল।[3] ইয়াৰে প্ৰথমটো বতাহ আৰু ডাৱৰৰ সৈতে জড়িত আৰু কিছু বৈজ্ঞানিক ভিত্তি আছিল। ঋষি-মুনিসকলৰ দিনৰ সৈতে জড়িত দ্বিতীয় প্ৰকাৰটো সন্দেহজনক আছিল যদিও মধ্যযুগত ই যথেষ্ট জনপ্ৰিয় আছিল। তৃতীয় প্ৰকাৰে চৰাই আৰু প্ৰাণীৰ আচৰণৰ (যিটো ভৱিষ্যতৰ প্ৰকৃত ইংগিত নহয়) অধ্যয়ন আৰু অতীত আৰু বৰ্তমানৰ বতৰৰ তুলনাৰ দ্বাৰা বতৰ নিৰ্ণয় কৰা দেখা গৈছিল।[1]
থাৰ্মোমিটাৰৰ দৰে উষ্ণতা জোখা যন্ত্ৰ আৱিষ্কাৰ কৰাৰ আগতে বতৰ সম্পৰ্কে ভৱিষ্যদ্বাণী কৰা, সংখ্যাগত তথ্য সংগ্ৰহ কৰা আদি কঠিন কাম আছিল। সেয়েহে সম্প্ৰদায়সমূহে নিজৰ চৌপাশৰ পৰিৱেশৰ গতিবিধি লক্ষ্য কৰি আগন্তুক দিনৰ বতৰৰ বিষয়ে ভৱিষ্যদ্বাণী আৰু ব্যাখ্যা কৰিছিল।[4]
আজি বতৰৰ গৰিষ্ঠসংখ্যক লোকজ্ঞান প্ৰবাদসমূহত পোৱা যায়। বৰ্তমান যুগত প্ৰচলিত বহু ঋতুভিত্তিক দিনপঞ্জীটো বতৰৰ লোককথাৰ কল্পনা সন্নিবিষ্ট কৰা দেখা যায়, যেনে সাধু-সন্তসকলৰ বাৰ্ষিক তিথি, বিবাহৰ দিন, শস্য সিঁচা বা চপোৱাৰ দিন, জন্তুৰ আচৰণৰ পৰা বতৰৰ ভৱিষ্যদ্বাণী আদি উল্লেখ কৰা হৈছে। বেবিলনৰ পৌৰাণিক কাহিনীত জ্যোতিষৰ চিনসমূহৰ সৃষ্টিৰ কাৰণো তৰাৰ অধ্যয়ন আৰু বতৰৰ লোকজ্ঞানৰ সৈতে ইয়াৰ সম্পৰ্ক বুলি ক'ব পাৰি।[2]
ফকৰা যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক “দহৰ জ্ঞান একৰ বাণী’’ বোলা হয়৷ ফকৰা-যোজনা, পটন্তৰ আদি মুখে মুখে চলি অহা বাবে এইবোৰক লোকোক্তিও বোলে৷ ওপৰত দিয়া ফকৰা-যোজনাটোত নিমাওমাও পৰিৱেশৰ কথা বুজোৱা হৈছে। যুদ্ধ-বিগ্ৰহ বা বিপদৰ ফলত পৰিত্যক্ত পৰিৱেশৰ কথা বুজাবলৈ ব্যৱহাৰ কৰা হয়।
মাঘ মাহৰ শেষৰ ফালে বৰষুণ দিলে তাৰ পৰবৰ্তী মাহবোৰত কম বৰষুণ হয় বুলি অসমীয়া ডাকৰ বচনত পোৱা যায়। এই ডাকৰ বচনবোৰ হৈছে অসমৰ মৌখিক সাহিত্যৰ উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য।[5] ডাকৰ বচনবোৰতো বতৰ সম্পৰ্কীয় বহু প্ৰৱচন পোৱা যায়।
আকাশত ভাসে পানীৰ গছা।
পৃথিৱী বুড়াইব জানিবা সঞ্চা॥
আকাশত পানীৰ গছা দেখা দিলে বানপানী হোৱাৰ সম্ভাৱনা থাকে বুলি বিশ্বাস কৰা হয়।
ইংৰাজী ভাষাত এটা প্ৰৱচন পোৱা যায়:
ডাঠ, আৰ্দ্ৰতাৰে ভৰা ক’লা ডাৱৰে সূৰ্যৰ পোহৰ শোষণ কৰে। ইয়াৰ ফলত ডাৱৰবোৰে কিছু পৰিমাণে ক’লা ধোঁৱাৰ সৈতে মিল থকা এটা ৰূপ লয়।
ৰাতিপুৱা বা গধূলি বায়ুমণ্ডলত থকা উচ্চ চাপৰ বায়ুয়ে ধূলি কণাবোৰ আৱদ্ধ কৰি ৰখাৰ ফলত ৰঙা আকাশ দেখা যায়। বায়ুৰ অণুৱে সূৰ্যৰ পোহৰৰ চুটি নীলা তৰংগদৈৰ্ঘ্য বিকিৰণ কৰে, কিন্তু ধূলি আৰু অন্যান্য বায়বীয় কণিকাবোৰে কৰা বিকিৰণৰ ফলত সূৰ্য্যৰ পোহৰৰ দীঘলীয়া ৰঙা তৰংগদৈৰ্ঘ্য বিকিৰণ কৰে। সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ অধিক দূৰত্ব কৰিবলগীয়া হোৱাৰ বাবে আকাশৰ ৰং ৰঙা হৈ পৰে।[7] এই প্ৰভাৱ আৰু অধিক বৃদ্ধি পায় যেতিয়া এই পোহৰক পুনৰ মাটিলৈ প্ৰতিফলিত কৰিবলৈ অন্ততঃ কিছুমান উচ্চস্তৰৰ ডাৱৰ থাকে।[8]
যেতিয়া বায়ু প্ৰধানকৈ পশ্চিমৰ পৰা পূবলৈ গতি কৰে, তেতিয়া দেখা দিয়া ৰাতিৰ ৰঙা আকাশে পশ্চিম দিশত উচ্চ চাপৰ বায়ু (আৰু ভাল বতৰ) থকাৰ ইংগিত দিয়ে। ৰাতিপুৱা পোহৰ পূব দিশলৈ যায়, আৰু সেয়েহে তাৰ পিছত ৰঙা আকাশখনে উচ্চ চাপৰ বায়ু (আৰু ভাল বতৰ) ইতিমধ্যে পাৰ হোৱাৰ ইংগিত দিয়ে, আৰু পশ্চিম ফালে নিম্ন চাপৰ বায়ু থকাৰ ইংগিত দিয়ে।
পূব দিশত মেঘে গাজিলে খৰাং হয় আৰু পশ্চিম দিশত গাজিলে বৰষুণ দিয়ে বুলি ডাকৰ বচনত পোৱা যায়।