বলকান শপত গ্ৰহণ কৰা কুমাৰী বুলিলে উত্তৰ আলবেনীয় সমাজ, কছোভো আৰু মণ্টেনিগ্ৰোত পুৰুষ হিচাপে জীয়াই থাকিবলৈ সতীত্বৰ প্ৰতিজ্ঞা লোৱা মহিলা সকলক বুজোৱা হয়। তেওঁলোকে নিজৰ পুৰুষতান্ত্ৰিক সমাজত পুৰুষৰ পোছাক পৰিধান কৰি বসবাস কৰে। কিছু পৰিমাণে, বছনিয়া, ডালমাটিয়া (ক্ৰোৱেছিয়া), ছাৰ্বিয়া আৰু উত্তৰ মেচিডোনিয়াকে ধৰি পশ্চিম বলকানৰ অন্যান্য অংশত এই প্ৰথা প্ৰচলিত হৈ আছে।[1] নেট জিঅ'ৰ টাবু অনুষ্ঠান (২০০২) অনুসৰি আলবেনীয় শপত গ্ৰহণ কৰা কুমাৰীৰ বৰ্তমানৰ পৰিসংখ্যা প্ৰায় ১০২ গৰাকী। [2]
আলবেনিয়াত শপত গ্ৰহণ কৰা কুমাৰীসকলৰ পৰম্পৰাটোৰ বিকাশ ঘটে কানুনি আই লেক ডুকাগজিনিত(ইংৰাজী: The Code of Lekë Dukagjini, বা সহজকৈ Kanun)-ৰ পৰা। (১৫ শতিকাৰ পৰা বিংশ শতিকাৰ আগলৈকে উত্তৰ আলবেনিয়া আৰু কছোভোত বিকাশ ঘটা আৰু ব্যৱহাৰ হোৱা সংহিতা আৰু আইনৰ এক সংহতি)[3] অৱশ্যে কানুন কোনো ধৰ্মীয় দস্তাবেজ নহয়। আলবেনীয় অৰ্থোডক্স, কেথলিক আৰু মুছলমান আদি বিভিন্ন গোটে ইয়াক অনুসৰণ কৰে।[4]
কানুনৰ নিৰ্দেশ অনুসৰি পৰিয়ালবোৰ পিতৃতান্ত্ৰিক হ'ব লাগিব অৰ্থাৎ পৰিয়ালৰ পুৰুষ সকল সম্পদৰ উত্তৰাধিকাৰী হ'ব লাগিব আৰু বিবাহৰ পিছত এগৰাকী মহিলা তেওঁৰ স্বামীৰ পৰিয়ালৰ ঘৰলৈ যাব লাগিব।[5] ইয়াত মহিলাসকলক পৰিয়ালৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা হয়। কানুনৰ অধীনত, মহিলাসকলৰ বহুতো অধিকাৰ প্ৰত্যাহাৰ কৰা হয়। তেওঁলোকে ধূম্ৰপান কৰিব নোৱাৰে, ঘড়ী পিন্ধিব নোৱাৰে, বা স্থানীয় নিৰ্বাচনত ভোট দিব নোৱাৰে। তেওঁলোকে মাটি ক্ৰয় কৰিব নোৱাৰে, আৰু এনে কিছুমান কাম আছে যিবোৰত অংশগ্ৰহণৰ বাবে তেওঁলোকক অনুমতি দিয়া নহয়। এনে কিছুমান সামাজিক প্ৰতিষ্ঠানো আছে যিবোৰত তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰে।[4][6]
শপত গ্ৰহণ কৰা এই কুমাৰীত্বৰ প্ৰথা প্ৰথমে উনবিংশ আৰু বিংশ শতিকাৰ আৰম্ভণিতে উত্তৰ আলবেনিয়াৰ পৰ্বতমালা ভ্ৰমণ কৰা মিছনেৰী, ভ্ৰমণকাৰী, ভূগোলবিদ আৰু নৃতত্ত্ববিদসকলে সৃষ্টি কৰিছিল।[7]
এজন ব্যক্তি যিকোনো বয়সতে কুমাৰীত্বৰ শপত গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ লগে লগে তেওঁ ব্যক্তিগত আৰু পিতৃ-মাতৃৰ ইচ্ছা আকাংক্ষাক ত্যাগ কৰিব লাগিব।[8] বাৰখন গাওঁ বা জনজাতীৰ জ্যেষ্ঠ ব্যক্তিৰ সন্মুখত এক অপৰিৱৰ্তনীয় শপত গ্ৰহণ কৰি এই গোটৰ সদস্যভুক্ত হ'ব পাৰে আৰু এই ভূমিকা গ্ৰহণ কৰি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰে। ইয়াৰ পিছত, শপত গ্ৰহণ কৰা কুমাৰীসকলে সমাজত পুৰুষৰ নামলৈ পুৰুষৰ দৰে বাস কৰে যদিও আনলোকে সাধাৰণতে তেওঁলোকক [9] সম্বোধন কৰিবলৈ পুৰুষবাচক সৰ্বনাম ব্যৱহাৰ নকৰিবও পাৰে।[10] এই সকল কুমাৰীয়ে পুৰুষৰ দৰে পোছাক পিন্ধিব পাৰে, পুৰুষৰ নাম ব্যৱহাৰ কৰিব পাৰে, বন্দুক লৈ ঘূৰা-ফুৰা কৰিব পাৰে, ধূম্ৰপান কৰিব পাৰে, সুৰা পান কৰিব পাৰে, পুৰুষৰ কাম কৰিব পাৰে, ঘৰৰ মুৰব্বী হিচাপে কাম কৰিব পাৰে (উদাহৰণ স্বৰূপে, ভগ্নী বা মাতৃৰ সৈতে বাস কৰা), গান গাব বা বজাব পাৰে আৰু পুৰুষৰ সৈতে সামাজিকভাৱে কথা পাতিব পাৰে।[6][7][9]
মেৰিনা ৱাৰ্ণাৰৰ মতে, শপত গ্ৰহণ কৰা কুমাৰীগৰাকীৰ প্ৰকৃত যৌন পৰিচয় কেতিয়াও কোনো পৰিস্থিতিত উল্লেখ কৰা নহয়।[11] আমেৰিকাৰ থলুৱা লোকসকলৰ কিছুমান সমাজতো একে ধৰণৰ প্ৰথা প্ৰচলিত আছিল।[7]
প্ৰতিজ্ঞা ভংগ কৰাটো এসময়ত মৃত্যুদণ্ডযোগ্য আছিল, অৱশ্যে বৰ্তমানো এই শাস্তি বৰ্তী থকাটো সন্দেহজনক।[6] আজিও বহুতো এইদৰে শপত গ্ৰহণ কৰা কুমাৰীয়ে তেওঁলোকৰ শপত ভংগ কৰিবলৈ অস্বীকাৰ কৰে কিয়নো তেওঁলোকৰ সম্প্ৰদায়ে তেওঁলোকক শপত ভংগ কৰাৰ বাবে প্ৰত্যাখ্যান কৰে।[6] অৱশ্যে, কেতিয়াবা পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা আৰু কিছুমান এৰাব নোৱাৰা সমস্যাৰ বাবে শপত ঘূৰাই লোৱা সম্ভৱ।