বশিষ্ঠ হিন্দু পৰম্পৰাৰ এক শ্ৰদ্ধাৰ ঋষি। প্ৰাচীন আৰু মধ্যযুগত ৰচনা কৰা অসংখ্য গ্ৰন্থ তেওঁৰ নামেৰে শ্ৰদ্ধাৰে নামকৰণ কৰা হৈছে। [15] তেওঁৰ নামেৰে নামকৰণ কৰা বা তেওঁৰ বাবে উৎসৰ্গিত কিছুমান গ্ৰন্থ:
বশিষ্ঠ সংহিতা হৈছে মধ্যযুগীয় যোগ পাঠ্য।[16] একেটা নামেৰে এক আগমাও আছে।
বশিষ্ঠ ধৰ্মসূত্ৰ হৈছে আন এক প্ৰাচীন পাঠ্য আৰু আধুনিক যুগতো বৰ্তি থকা ধৰ্ম-সম্পৰ্কীয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। এই ধৰ্মসূত্ৰ (৩০০-১০০ খ্ৰীষ্টপূৰ্ব) এক স্বতন্ত্ৰ পাঠ্য। [17] ইয়াত ১,০৩৮টা সূত্ৰ আছে। [18]
যোগ বশিষ্ঠ হৈছে এক সংমিশ্ৰিত মধ্যযুগীয় পাঠ্য যি বেদান্ত আৰু যোগ দৰ্শনক উপস্থাপন কৰিছে। ইয়াক জীৱনৰ প্ৰকৃতি, মানুহৰ দুখ-কষ্ট, স্বাধীন ইচ্ছা, মানৱৰ সৃষ্টিশীল শক্তি আৰু আধ্যাত্মিক মুক্তিৰ বিষয়ে বশিষ্ঠ আৰু ৰামায়ণ খ্যাত ৰাজকুমাৰ ৰামৰ মাজত এক সংবাদৰ ৰূপত লিখা হৈছে। [19][20] যোগ বশিষ্ঠৰ শিক্ষাবোৰ কাহিনী হিচাপে[21] অদ্বৈত বেদান্তত পোৱাৰ দৰে এক দাৰ্শনিক ভেটিৰ সৈতে কাহিনী হিচাপে ৰচনা কৰা হৈছে। [22][23][24] যোগৰ আলোচনাৰ বাবেও এই পাঠ্য উল্লেখযোগ্য।[25][26] যোগ আৰু ভাৰতীয় ধৰ্মৰ বিশেষজ্ঞ ইণ্ডিক অধ্যয়নৰ অধ্যাপক ক্ৰিষ্টোফাৰ চেপলৰ মতে, যোগ বশিষ্ঠ দৰ্শনৰ সাৰাংশৰ বিষয়ে এনেদৰে ক'ব পাৰি, "মানৱ প্ৰচেষ্টাক আত্ম-উন্নতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু দেৱতাসকলে আৰোপ কৰা বাহ্যিক ভাগ্য ৰ দৰে কোনো বস্তু নাই।" [27]
↑কাশ্যপৰ বিষয়ে ৯.১১৪.২, অত্ৰিৰ বিষয়ে ৫.৭৮.৪, ভৰদ্বাজৰ বিষয়ে ৬.২৫.৯, বিশ্বামিত্ৰৰ বিষয়ে ১০.১৬৭.৪, গৌতমৰ বিষয়ে ১.৭৮.১, জমদগ্নিৰ বিষয়ে ৩.৬২.১৮ নং শ্লোকত ইত্যাদি[6] মূল সংস্কৃত: प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे। सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे॥४॥[7]
↑Rigveda, http://www.sacred-texts.com/hin/rigveda/rv07033.htm, "A form of lustre springing from the lightning wast thou, when Varuṇa and Mitra saw thee; Tliy one and only birth was then, Vashiṣṭha, when from thy stock Agastya brought thee hither. Born of their love for Urvasi, Vashiṣṭha thou, priest, art son of Varuṇa and Mitra; And as a fallen drop, in heavenly fervour, all the Gods laid thee on a lotus-blossom"