বসন্তসেনা

The Indian painter Raja Ravi Verma made an oleographic print of Vasantasena depicting her the way she has been described in the play Mṛcchakaṭika. She is portrayed as a rich, beautiful and fine lady.
বসন্তসেনা, ৰাজা ৰবি বৰ্মাৰ চিত্ৰকৰ্ম
বসন্তসেনাৰ ভাস্কৰ্য, ৰাষ্ট্ৰীয় সংগ্ৰাহালয়, দিল্লী

বসন্তসেনা (ইংৰাজী: Vasantsena) শুদ্ৰকে ৰচনা কৰা মৃচ্ছকটিক নাটকৰ কেন্দ্ৰীয় চৰিত্ৰ। নাটকখনৰ বিষয়বস্তু, চৰিত্ৰ চিত্ৰন আৰু নাট্য বিন্যাসৰ এক চিৰকালীন আবেদন আছে আৰু যাৰবাবে এই নাটকখন পৃথিৱীৰ বহু দেশত, বিশেষকৈ পাশ্চাত্যত বহুভাষাত অনূদিত হৈ জনপ্ৰিয়তাৰ সৈতে বাৰেবাৰে মঞ্চস্থ হৈছে।[1][2] বসন্তসেনা এগৰাকী গণিকা বা নগৰবধূ। কিন্তু ৰূপ-সৌন্দৰ্য, ব্যক্তিত্ব আৰু মহানুভৱতাৰ গুণে এই চৰিত্ৰটো উজলি উঠিছে।[3]

চৰিত্ৰ চিত্ৰন

[সম্পাদনা কৰক]

নাটখনৰ নায়ক হৈছে চাৰুদত্ত উজ্জয়িনীৰ এজন বিত্তশালী ব্যৱসায়ী। কিন্তু তেওঁ বৰ্তমান তেওঁৰ মহানুভৱতা আৰু দানশীলতাৰ বাবে সকলো সম্পত্তি দান কৰি দাৰিদ্যৰ জীৱন-যাপন কৰি আছে। চাৰুদত্তৰ প্ৰকৃতি আৰু গুণৰ বাবে তেওঁ চহৰখনৰ লোকসকলৰ বাবে বিশেষ প্ৰিয় আছিল। চহৰখনৰ সুন্দৰী গণিকা বসন্তসেনাইও তেওঁৰ কাহিনী শুনি তেওঁক সন্মান কৰিছিল আৰু তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। আনফালে দেশৰ দুষ্ট আৰু অত্যাচাৰী ৰজা পালকৰ খুলশালীয়েক সংস্থানকেও তেওঁৰ যৌন আকাংক্ষা পূৰণ কৰিবলৈ নটী বসন্তসেনাক বিচাৰে। কিন্তু গণিকা হোৱা স্বত্বেও তেওঁ নিজকে সংস্থানকৰ ওচৰত সমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰে। বসন্তসেনাক তেওঁৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সংস্থানকে বিভিন্ন কৌশল অৱলম্বন কৰে।[1]

এবাৰ বসন্তসেনাই সংস্থানকৰ হাতৰ পৰা পলাবলৈ চাৰুদত্তৰ ঘৰত আশ্ৰয় লৈছিল। ঘৰলৈ উভতি যাওঁতে তেওঁ তেওঁৰ মূল্যবান অলংকাৰবোৰ চাৰুদত্তৰ হাতত দি থৈ যায়। বসন্তসেনাৰ প্ৰধান দাসী মদনিকাক দাসত্ত্বৰ পৰা উদ্ধাৰ কৰিবলৈ শাৰ্বিলক নামৰ চোৰ এটাই চাৰুদত্তৰ ঘৰৰ পৰা সেই অলংকাৰখিনি চুৰ কৰে। কিন্তু ঘটনাক্ৰমে সেই অলংকাৰখিনি পুনৰ বসন্তসেনাৰ হাতলৈ উভতি আহে।[1]

চাৰুদত্তৰ শিশু সন্তান ৰোহসেনে চুবুৰীয়া ল'ৰা এটাৰ সোণৰ খেলনা গাড়ী এখন দেখিছিল। ৰোহসেনেও তেনে গাড়ী এখন বিচাৰিছিল; কিন্তু ধন নথকাত চাৰুদত্তই তাক মাটিৰ গাড়ী এখন সাজি দিয়ে। ইয়াতে ৰোহসেনে কান্দি-কাটি অস্থিৰ হয়। বসন্ত সেনাই ব্যথিত হৈ তেওঁৰ অলংকাৰবোৰেৰে ৰোহসেনৰ মাটিৰ গাড়ীখন সজাই দিয়ে। বসন্তসেনা আৰু চাৰুদত্ত পৰস্পৰে পৰস্পৰৰ প্ৰতি অনুৰক্ত হয়।[1]

বসন্তসেনা যে চাৰুদত্তৰ প্ৰতি অনুৰক্ত সেই কথা সংস্থানকে জানিব পাৰি বসন্তসেনাক ডিঙি চেপি হত্যা কৰিবলৈ প্ৰচেষ্টা চলায় আৰু সেই হত্যাৰ অভিযোগ চাৰুদত্তৰ ওপৰত আৰোপ কৰে। চাৰুদত্তৰ ওপৰত বিচাৰ চলে আৰু বিচাৰত তেওঁক মৃত্যুদণ্ড দিয়া হয়। শিৰশ্ছেদ কৰিবলৈ প্ৰস্তুত হোৱাৰ মুহূৰ্ততে বসন্তসেনা ঘটনাস্থলীত আহি পায় আৰু প্ৰকৃত সত্যটো জনায়। ইফালে এক অভ্যুত্থানত অত্যাচাৰী ৰজা পালকক পৰাজিত কৰি আৰ্যই দেশৰ শাসনভাৰ লয়। নতুন ৰজা আৰ্যৰ আদেশত বসন্তসেনা আৰু চাৰুদত্তৰ বিবাহ স্থিৰ কৰা হয়।[1]

চলচ্চিত্ৰত বসন্তসেনা

[সম্পাদনা কৰক]

বসন্তসেনা বা মৃচ্ছকটিকক লৈ ভাৰতত বহু কেইখন চলচ্চিত্ৰ নিৰ্মিত হৈছে।

তথ্য উৎস

[সম্পাদনা কৰক]