হিন্দু ধৰ্মত বসু (সংস্কৃত: वसु) হৈছে ইন্দ্ৰৰ, আৰু পিছলৈ বিষ্ণুৰ আঠজন পৰিচাৰক দেৱতা।[Note 1] [Note 2][3] অষ্ট বসুসকলক ৰামায়ণত কাশ্যপ আৰু অদিতিৰ সন্তান আৰু মহাভাৰতত মনু বা ব্ৰহ্মা প্ৰজাপতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। প্ৰকৃতিৰ দিশসমূহক প্ৰতিনিধিত্ব কৰা আঠ মৌলিক দেৱতাই লগতে মহাজাগতিক প্ৰাকৃতিক পৰিঘটনাকো প্ৰতিনিধিত্ব কৰে (সূৰ্য, চন্দ্ৰ আৰু তৰা)। বসু নামৰ অৰ্থ হৈছে ‘উজ্জ্বলতা’ বা ‘ধন দাতা’। তেত্ৰিশ প্ৰকাৰৰ দেৱতাৰ ভিতৰত তেওঁলোক আঠজন।
বিভিন্ন গ্ৰন্থত অষ্ট বসুৰ তালিকাত ভিন্নতা আছে। বৃহদাৰণ্যক উপনিষদ, বিষ্ণু পুৰাণ আৰু মহাভাৰতত সাধাৰণতে এই সংখ্যা আৰু নামৰ ক্ষেত্ৰত সমতা দেখিবলৈ পোৱা যায়। এই নাম আৰু অৰ্থ তলত উল্লেখ কৰা ধৰণৰ-
বৃহদাৰণ্যক | বিষ্ণু পুৰাণ[4] | মহাভাৰত[5] | |||
---|---|---|---|---|---|
নাম | অৰ্থ | নাম | নাম | অৰ্থ | |
পৃথ্বী | ![]() |
ভূমি | ধৰা | "পৃথিৱী" | |
বৰুণ | ![]() |
সমূদ্ৰ | অপ | "পানী" | |
অগ্নি | ![]() |
অগ্নি | অনল | "জুই" | |
বায়ু | ![]() |
বায়ু | অনিল | "বতাহ" | |
আদিত্য | "চিৰন্তন", সূৰ্য্যৰ এটা একেবাৰে সাধাৰণ নাম | অংশুমান | প্ৰত্যুষ | "সূৰ্য" | |
আকাশ | ![]() |
আকাশ | প্ৰভাস | "আকাশ বা ইথাৰ" | |
চন্দ্ৰমা | ![]() |
চন্দ্ৰ | সোম | "জোন" | |
নক্ষত্ৰ | ![]() |
প্ৰভাস | ধ্ৰুৱ | "গতিহীন", ধ্ৰুৱ তৰাৰ নাম |