বহুচৰা মাতা | |
---|---|
নিৰ্বোধতা, ক্ষমা,দয়া, সততা, স্বতন্ত্ৰতা, আত্মবিশ্বাস, কন্যা, নপুংসক, অখণ্ডতা আৰু জনকল্যাণ | |
![]() | |
অন্য নাম | বহুচৰ, ষষ্ঠী, শক্তিপুত্ৰী |
সম্পৰ্ক | দেৱী, শক্তি |
নিবাস | মণিদ্বীপ |
দেৱী মাহাত্ম্য, ত্ৰিশূল, তৰোৱাল আৰু গোলাপ ফুলৰ মালা | |
বাহন | ডাকোৱাল কুকুৰা |
উৎসৱ | বহুচৰা নৱমী |
বহুচৰা মাতা (হিন্দী: बहुचरा माता) হৈছে সতীত্ব আৰু উৰ্বৰতাৰ এগৰাকী হিন্দু দেৱী। তেওঁ হিংলাজ বা হিংগুলা দেৱীৰ অৱতাৰ। গুজৰাট আৰু ৰাজস্থানৰ অন্যান্য দৈৱিক চৰিত্ৰৰ দৰে বহুচৰা মাতা চাৰণ কুলজাত। দেৱী বহুচৰা বাপলদানজী দেথাৰ জীয়ৰী আছিল। তেওঁক হিজৰা সম্প্ৰদায়ৰ পৃষ্ঠপোষক বুলিও গণ্য কৰা হয়। .[1] তেওঁৰ প্ৰধান মন্দিৰ ভাৰতৰ গুজৰাটৰ মেহছানা জিলাৰ বেচাৰাজী চহৰত অৱস্থিত।
বহুচৰাৰ জন্ম চাৰণ বা গধ্বী সমাজত হৈছিল। দেৱী বহুচৰা আছিল বাপলদন দেঠাৰ জীয়ৰী। বহুচৰা মাতাক এগৰাকী নাৰী হিচাপে চিত্ৰায়িত কৰা হয় আৰু তেওঁ বাওঁহাতৰ তলফালে তৰোৱাল আৰু ওপৰৰ ফালে শাস্ত্ৰৰ পাঠ ধাৰণ কৰে। তেওঁৰ সোঁহাতৰ তলফালে অভয় হস্তা মুদ্ৰা আৰু ওপৰফালে ত্ৰিশূল ধাৰণ কৰে। দেৱীৰ বাহন এটা ডাকোৱা কুকুৰা যি নিৰ্বোধতাৰ প্ৰতীক।
এক তত্ত্ব অনুসাৰে বহুচৰা মাতা শ্ৰী চক্ৰৰ এগৰাকী দেৱী। তেওঁৰ বাহনৰ প্ৰকৃত প্ৰতীক হৈছে কুৰকুট যাৰ অৰ্থ হ'ল দুমুখীয়া সৰ্প। বহুচৰা চক্ৰৰ নিম্ন প্ৰান্তত অৱস্থান কৰে আৰু ইয়াৰ আনটো মূৰ সহস্ৰৰা চক্ৰগামী। যাৰ অৰ্থ হৈছে যে বহুচৰা কুণ্ডলিনী জাগৃত কৰা দেৱী আৰু অৱশেষত তেওঁ মুক্তি বা মোক্ষৰ পথলৈ লৈ যায়।[2]
প্ৰাচীন পৰম্পৰা অনুসৰি, দন্ধাসুৰ নামৰ এজন অসুৰৰ পূৰ্বপুৰুষ ধুম্ৰলোচনক দুৰ্গাৰ ৰূপ লৈ দেৱী পাৰ্বতীয়ে পৰাজিত কৰি বধ কৰে। দন্ধাসুৰে তেওঁৰ পূৰ্বপুৰুষৰ মৃত্যুৰ প্ৰতিশোধ ল'ব বিচাৰে সেয়েহে তেওঁ শিৱৰ আৰাধনাত বহে। ভগৱান শিৱ দন্ধাসুৰৰ আৰাধনাত সন্তুষ্ট হয় আৰু তেওঁক এটা বৰ দিবলৈ বিচাৰে। দন্ধাসুৰে কয় যে তেওঁৰ পূৰ্বপুৰুষ ধুম্ৰলোচনক হত্যা কৰা দেৱী তেওঁৰ সন্মুখলৈ আহিব লাগে। ভগৱান শিৱই তেওঁক এই বৰ প্ৰদান কৰে যে ধুম্ৰলোচনক হত্যা কৰা দেৱী এগৰাকী সৰু ছোৱালীৰ ৰূপত তেওঁৰ সন্মুখলৈ আহিব। বৰদান লাভ কৰাৰ পিছত দন্ধাসুৰে পৃথিৱীৰ লগতে পাতাল আৰু মৃত্যুলোক জয় কৰে। তাৰ পিছত তেওঁ স্বৰ্গলৈ যুদ্ধ কৰিবলৈ ৰাওনা হয়। তেতিয়া সকলো দেৱতা দন্ধাসুৰৰ পৰা সুৰক্ষাৰ বাবে শিৱ আৰু দেৱী পাৰ্বতীৰ কাষ চাপে। তেওঁলোকৰ প্ৰাৰ্থনা শুনি পাৰ্বতীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে যে শিৱৰ বৰ অনুসৰি, তেওঁ এগৰাকী সৰু ছোৱালীৰ ৰূপ ল'ব আৰু দন্ধাসুৰক পৰাজিত কৰিব। তেওঁ লগতে কয় যে য'ত দেৱী সতীৰ হাতৰ একাংশ পৃথিৱীত পতিত হৈছিল তাতেই তেওঁৰ উত্থান হ'ব আৰু তেওঁৰ নাম হ'ব বহুচৰা। এইদৰেই পাৰ্বতীয়ে বহুচৰাৰ অৱতাৰ লয় আৰু দন্ধাসুৰক বধ কৰে।
এক মহাকাব্যিক কাহিনী অনুসৰি এজন ৰজাই বহুচাৰাক পুত্ৰৰ বাবে প্ৰাৰ্থনা কৰিছিল। বহুচৰাই দিয়া আশীৰ্বাদ অনুসৰি ৰজাৰ এটি সন্তান জন্ম হয় যদিও ৰাজকুমাৰ ডাঙৰ হৈ নপুংসক হৈ পৰে। এদিন ৰাতি বহুচৰা ৰাজকুমাৰৰ সপোনত আৱিৰ্ভাৱ হয় আৰু তেওঁক তেওঁৰ যৌনাঙ্গ কাটিবলৈ, মহিলাৰ পোচাক পৰিধান কৰি তেওঁৰ সেৱক হ'বলৈ আদেশ দিছিল। বহুচৰাই নপুংসক পুৰুষসকলক চিনাক্ত কৰি তেওঁলোকক এনে কৰিবলৈ আদেশ দিছিল আৰু যদি তেওঁলোকে অস্বীকাৰ কৰে, তেন্তে তেওঁ তেওঁলোকক শাস্তি স্বৰূপে পৰৱৰ্তী সাতটা অৱতাৰৰ বাবে নপুংসক হ'ব বুলি অভিশাপ দিছিল। এই মহাকাব্যখনক বহুচৰা মাতা পন্থাৰ মূল বুলি ধৰা হয়, সেই অনুসৰি তেওঁৰ ভক্তসকলে স্ব-যৌনাগচ্ছেদ কৰি ব্ৰহ্মচাৰী হৈ থকাৰ প্ৰয়োজন। [3]