বহুজন সমাজ পাৰ্টি | |
---|---|
![]() | |
সভাপতি | মায়াৱতী |
সংসদীয় সভাপতি | |
লোকসভাত নেতা | কুঁৱৰ দানিছ আলী |
ৰাজ্যসভাত নেতা | ৰামজী গৌতম |
প্ৰতিষ্ঠা | ১৪ এপ্ৰিল ১৯৮৪ |
মূখ্য কাৰ্যালয় | ১২, গুৰুদ্বাৰা ৰাকবগঞ্জ ৰোড, নতুন দিল্লী, ভাৰত-১১০০০১ |
দলীয় ৰং | নীলা |
ৱেবছাইট | bahujansamajparty |
বহুজন সমাজ পাৰ্টি (ইংৰাজী: Bahujan Samaj Party; সংক্ষিপ্ত ৰূপত. বসপা) ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল, যিটো বহুজন (আক্ষৰিক অৰ্থত সংখ্যাগৰিষ্ঠতা থকা সম্প্ৰদায়)ক প্ৰতিনিধিত্ব কৰিবলৈ গঠন কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে অনুসূচিত জাতি, অনুসূচিত জনজাতি, আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC), লগতে সংখ্যালঘুসকলক ৰাজনৈতিক ক্ষমতা প্ৰদান কৰা।[1] কাংশী ৰামৰ মতে, ১৯৮৪ চনত যেতিয়া তেওঁ দলটো প্ৰতিষ্ঠা কৰিছিল, তেতিয়া ভাৰতৰ জনসংখ্যাৰ ৮৫ শতাংশ বহুজন আছিল যদিওবা সেয়া ৬,০০০টা ভিন্ন জাতিত বিভক্ত হৈছিল।[2][3]
এই দলটোৱে গৌতম বুদ্ধ, বি আৰ আম্বেদকাৰ, মহাত্মা জ্যোতিবা ফুলে, নাৰায়ণ গুৰু, পেৰিয়াৰ ই ভি ৰামাছামী আৰু ছাত্ৰপতি শ্বাহুজী মহাৰাজৰ দৰ্শনৰ পৰা অনুপ্ৰাণিত হোৱা বুলি দাবী কৰে।