![]() | |
সুষিৰ বাদ্য | |
---|---|
শ্ৰেণী | সুষিৰ বাদ্য |
আনুষঙ্গিক বাদ্য | |
পেঁপা, সুতুলী |
বাঁহী (ইংৰাজী: Flute) অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, বাঁশী আদি বহু নামেৰে জনা যায়।[1] বাঁহী বিহুৰ এক উল্লেখযোগ্য বাদ্য। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ। বৈষ্ণৱ সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন।[1]
বাঁহী মূলতঃ বৈষ্ণৱ সংগীতৰ অংগ হলেও আন বহুতো অসমীয়া লোক সংগীতত বাঁহী ব্যৱহাৰ হয়। বিহু গীতৰ সৈতেও বাঁহী বজোৱা হয়। গোৱালপাৰা অঞ্চলৰ মনসা পূজাত বমবাঁশী নামেৰে একধৰণৰ বাঁহী ব্যৱহাৰ কৰা হয়। অসমত বসবাস কৰা মিচিং ,ৰাভা, বড়ো আদি সকলো জনগোষ্ঠীৰ সংগীতত বাঁহীৰ ব্যৱহাৰ হয় যদিও নিৰ্মাণ প্ৰণালী তথা ব্যৱহাৰৰ বিভিন্নতা আছে। অসমৰ দেওধনী নৃত্যত বাঁহী ব্যৱহাৰ কৰা হয়। বাঁহী অসমৰ বৰগীত, বিহুগীত , কামৰূপীয়া লোকগীত, আদিৰ উপৰিও ভাওনা বা ৰাসত বাঁহীৰ প্ৰয়োগ অপৰিহাৰ্য্য। বাঁহী এবিধ স্থিৰ সুৰৰ (Fixed Tune) বাদ্য হোৱা বাবে বিভিন্ন উদেশ্যত ব্যৱহাৰ হোৱা বাঁহীৰ আকাৰ তথা নিৰ্মাণ প্ৰণালীৰ প্ৰভেদ দেখা পোৱা যায়।[1]
দীঘল, পাতল আৰু সুষম ব্যাসৰ এটা বাঁহৰ পাবৰ পৰা বাঁহী তৈয়াৰ কৰা হয়। কেতিয়াবা দীঘল বাঁহী তৈয়াৰ কৰিবলৈ বাঁহৰ গাঁঠি লোৰ শলা গৰম কৰি ফুটাই লোৱাও দেখা যায়। বাঁহীৰ এটা মূৰ সোপা মাৰি বন্ধ কৰা হয়। আৰু সোপাটোৰ ওচৰতে এটা বৃত্তাকাৰ ফুটা কৰা হয়। এই ফুটাত ফুঁ দি বাঁহীৰ মাত উলিওৱা হয়। গতিকে ইয়াক ইংৰাজীত "ট’ন হ’ল" (Tone Hole) বুলিব পাৰি। ফুটা কৰিবলৈ লোৰ বিন্ধনা ব্যৱহাৰ হয়। আকৌ ইয়াৰ আনফালে থিক মাজ অংশৰ পৰা সমদূৰত্বত একেধৰণে আৰু ছটা বিন্ধা কৰা হয়। এই কেইটাত আঙুলি বোলাই বাঁহীৰ সুৰ নিয়ন্ত্ৰণ কৰা বাবে এই ছটা ফুটাক ইংৰাজীত "কী হ’ল" ( Key Hole) বুলিব পাৰি। কেতিয়াবা দীঘল বাঁহীৰ একেবাৰে তলৰ ফালে আৰু এটা অতিৰিক্ত ফুটা কৰা দেখা যায়। এই অতিৰক্ত ফুটাটোৱে বাঁহী মাত্ৰা বা স্কেল নিৰ্ধাৰণ কৰে[1]।
বাঁহীৰ দৈৰ্ঘ্য, Tone Hole ৰ পৰা সোপাটোৰ দূৰত্ব , বাঁহীৰ ব্যাস আদি চলক বিলাকৰ ওপৰত বাঁহীৰ সুৰ আৰু মাত্ৰা নিৰ্ভৰ কৰে।
অসমত আন এবিধ বাঁহীৰ প্ৰচলনো দেখা পোৱা যায়। এই বাঁহীৰ মুখখন ধেনুভিৰিয়াকৈ কাটি তাত এটা কাঠৰ খোপ লগোৱা হয়। খোপটো শেষ হোৱা ঠাইত বাঁহীটোত ওপৰৰ ফালে এটা ফুটা থাকে। ইয়াত আৰু বেলেগে Tone Hole ৰ আৱশ্যক নহয়। ইয়াৰ গঠন Clarinet বাদ্যৰ Mouthpiece ৰ লগত ৰিজাব পাৰি। বাকী অংশ আন বাঁহীৰ লগত একেই। অৱশ্যে পেচাদাৰী বাঁহীবাদকে এই বাঁহী ব্যৱহাৰ কৰা দেখা নাযায়।[1]
গোৱালপাৰাৰ মনসা পূজাত বজোৱা বমবাঁশীত এটা অতিৰিক্ত অংগ থাকে। এই বাঁহীৰ মুৰত এটা নলেৰে তৈয়াৰী খলপা লগোৱা হয়। এই খলপাটোৰ কাৰণে বাঁহী ফুঁ দিয়াৰ সময়ত বায়ুখিনি অলপ বেছি সময়ৰ বাবে থাকি যায় সেয়ে বাঁহীৰ মাত দীঘলীয়া হয়[1]।
Tone Hole বা মূৰৰ ফুটাটোত ফুঁ দি বাঁহী বাদন কৰা হয়। বাকী ছটা ফুটাত আঙুলিৰে বোলাই বাঁহীৰ বিভিন্ন স্বৰ উলিয়াব পাৰি। বাঁহী মুখৰ পৰা একাষৰীয়াকৈ ধাৰণ কৰা হয়। অৱশ্যে ওপৰত উল্লেখ কৰা দ্বিতীয়বিধ বাঁহী পোনকৈ অৰ্থাৎ মুখৰ পৰা উলম্ব ভাবে ধৰি বজোৱা হয়[1]।
![]() |
ৱিকিমিডিয়া কমন্সত বাঁহী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
A selection of historic flutes from around the world at The Metropolitan Museum of Art