বাংলা একাডেমী | |
---|---|
![]() বৰ্ধমান হাউচত অৱস্থিত বাংলা একাডেমীৰ মুখ্য কাৰ্যালয় | |
চমু নাম | BA |
প্ৰতিষ্ঠা | ৩ ডিচেম্বৰ ১৯৫৫ |
ধৰণ | স্বায়ত্বশাসিত প্ৰতিষ্ঠান |
সক্ৰিয়তা | Language regulator |
উদ্দেশ্য | বাংলা ভাষা আৰু সংস্কৃতি বিষয়ক গৱেষনা, প্ৰকাশন আৰু অনুবাদ |
প্ৰধান কাৰ্যালয় | বুৰ্ডৱান বা বৰ্ধমান হাউচ |
সেৱা ক্ষেত্ৰ | Bangladesh |
আনুষ্ঠানিক ভাষা | বঙালী ভাষা |
সঞ্চালক প্ৰধান | মহম্মদ আজম |
প্ৰেচিডেণ্ট | আব্দুল কাছেম ফজলুল হক[1] |
মাতৃ সন্থা | Ministry of Cultural Affairs |
ৱেবছাইট | banglaacademy |
বাংলা একাডেমী (ইংৰাজী: The Bangla Academy) বাংলা ভাষাৰ আধিকাৰিক নিয়ামক সংস্থা। বাংলাদেশ চৰকাৰৰ পুঁজিৰে ই এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান। ইয়াৰ মূল উদ্দেশ্য বাংলা ভাষা, সাহিত্য আৰু সংস্কৃতিক আগবঢ়াই লৈ যোৱা, জাতীয় ভাষা নীতি গঢ়া আৰু ৰূপায়ণৰ কাম কৰা আৰু বাংলা ভাষাত মৌলিক গৱেষণা চলোৱা । ১৯৫৫ চনত স্থাপিত এই প্ৰতিষ্ঠানটো ঢাকাৰ ঢাকা বিশ্ববিদ্যালয় আৰু ছুৰাৱৰ্ডি উদ্যানৰ চৌহদৰ ভিতৰত শ্বাহবাগৰ বৰ্ধমান হাউচত অৱস্থিত, । বাংলা একাডেমীয়ে বাৰ্ষিক ‘একুছে গ্ৰন্থমেলা’ আয়োজন কৰে।
বাংলা ভাষাৰ বাবে এটা সংগঠন স্থাপনৰ গুৰুত্বৰ ওপৰত প্ৰথমে ভাষাবিদ মহম্মদ শ্বাহিদুল্লাই গুৰুত্ব আৰোপ কৰিছিল।[2] পিছলৈ ভাষা আন্দোলনৰ পিছত ১৯৫২ চনৰ ২৭ এপ্ৰিলত সৰ্বদলীয় ৰাষ্ট্ৰীয় ভাষা সমিতিয়ে বাংলা ভাষাৰ প্ৰসাৰৰ বাবে এটা সংগঠন স্থাপনৰ দাবী উত্থাপন কৰাৰ সিদ্ধান্ত লয়। ১৯৫৪ চনৰ সংসদীয় নিৰ্বাচনৰ সময়ত ইউনাইটেড ফ্ৰণ্টৰ ২১ দফীয়া ইস্তাহাৰত কোৱা হৈছিল যে, "ইউনাইটেড ফ্ৰণ্টৰ প্ৰধানমন্ত্ৰীয়ে বাংলা ভাষাৰ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে বৰ্ধমান হাউছ (যাক বুৰ্ডৱান হাউছ বুলিও কোৱা হয়) উচৰ্গা কৰিব"।[3] এই ভৱনটো ভাষা আন্দোলনৰ সময়ত পূব পাকিস্তানৰ মুখ্যমন্ত্ৰী নুৰুল আমিনৰ চৰকাৰী বাসস্থান আৰু তাৰ আগতে ঢাকা বিশ্ববিদ্যালয়ৰ অংশ আছিল।[4] ফ্ৰণ্টৰ নিৰ্বাচনী সফলতাৰ পিছত শিক্ষামন্ত্ৰী চৈয়দ আজিজুল হকে এই প্ৰতিশ্ৰুতি পূৰণৰ নিৰ্দেশ দিলে । ১৯৫৫ চনত চৰকাৰে এই প্ৰক্ৰিয়াক গতি দিবলৈ এখন কমিটী গঠন কৰে। এই কমিটিত মহম্মদ শ্বাহিদুল্লাহ, কাজী মোতাহৰ হোছেইন, এছ.এম. ভট্টাচাৰ্য, ডব্লিউ এইচ শাদানি, আৰু মহম্মদ বৰকতুল্লাহৰ শীৰ্ষস্থানীয় বুদ্ধিজীৱি অন্তৰ্ভূক্ত আছিল। ১৯৫৫ চনৰ ৩ ডিচেম্বৰত পূৰ্ব বংগৰ মুখ্যমন্ত্ৰী আবু হুছেইন সৰকাৰে এই প্ৰতিষ্ঠানটো উদ্বোধন কৰে।[5] বৰকতুল্লাই দায়িত্বত থকা বিশেষ দায়িত্ববাহী বিষয়া হিচাপে কাম কৰিছিল। পিছলৈ ১৯৫৬ চনত মহম্মদ এনামুল হকে প্ৰথমজন সঞ্চালকৰ দায়িত্ব লয়।[6]
বঙালী ভাষা, সংস্কৃতি, ইতিহাসৰ ওপৰত গৱেষণা কৰা, বাংলা সাহিত্য আৰু গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰা এই একাডেমীৰ মূল কাম। ভাষা আন্দোলন আৰু ভাষা শ্বহীদ দিৱসৰ স্মৃতিত একাডেমীয়ে এমাহজোৰা একুছে গ্ৰন্থমেলা আয়োজন কৰে, যিখন দেশৰ সৰ্ববৃহৎ গ্ৰন্থমেলা। ইয়াৰ গ্ৰন্থমেলাখন প্ৰাক্তন সঞ্চালক প্ৰধান মনজুৰ-ই-মৌলাই প্ৰৱৰ্তন কৰিছিল ।
শেহতীয়া বছৰবোৰত বাংলা একাডেমীক এই কাৰণে ব্যপক সমালোচনা কৰা হৈছে এই বাবে যে একাডেমীয়ে বিভিন্ন সংগঠনক ইংৰাজী ভাষাত অনুষ্ঠান আয়োজন কৰিবলৈ অনুমতি দিছে আৰু বাংলা একাডেমীৰ পৰিসৰত বাংলাক বদনাম কৰে; যিটো প্ৰতিষ্ঠানটোৰ দৃষ্টিভংগক উলংঘা কৰা হৈছে।[7] ছালিমুল্লা খানে মতামত আগবঢ়ায় যে, “একাডেমীয়ে অসাৰ কিতাপ বা অপ্ৰামাণিক কিতাপ প্ৰকাশ কৰাত বহু ধনৰ অপব্যৱহাৰ কৰিছে।[ খানৰ মতে একাডেমীৰ মৌলিক প্ৰকাশন বহুত কম। তেওঁৰ মতে গৱেষণা আৰু সৃষ্টিশীল দুয়োবিধ ৰচনাৰ ক্ষেত্ৰতে মৌলিকতাক অগ্ৰাধিকাৰ দিব লাগে। তেওঁ লগতে কয় যে বেছিভাগ সমস্যাই নিৰ্বাচন প্ৰক্ৰিয়াত নিহিত হৈ থাকে। পাণ্ডুলিপি বাচনি প্ৰক্ৰিয়া ত্ৰুটিপূৰ্ণ আৰু ইয়াক পুনৰীক্ষণৰ প্ৰয়োজন।[8]