বাউল শিল্পী বা বাউল সাধক বা বাউল হৈছে সংগীতৰ লগতে চুফীবাদ, আধ্যাত্মিকতা আদি মতাদৰ্শৰ প্ৰচাৰ কৰা লোক আৰু লোকসংগীত পৰিবেশকৰ এক বিশেষ দল। বাংলাদেশ আৰু পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু মেঘালয়ত বাউলসকলক দেখা যায়। বাউল সাধকে বাউল সংগীত পৰিবেশন কৰে। পোন্ধৰ শতিকাতে বাউল সংগীত দৃষ্টিগোচৰ হৈছিল যদিও মূলতঃ কুষ্টিয়াৰ লালন ফকীৰৰ গীতৰ যোগেদিহে বাউল বাংলাদেশকে ধৰি সমগ্ৰ বিশ্বৰ মাজত পৰিচিত হৈছিল। বাউলসকলৰ জীৱন ধাৰণ একেবাৰে সহজ-সৰল আৰু একতাৰা বজাই গীত গাই তেওঁলোকে গাৱেঁ-গাঁৱে ঘূৰি ফুৰে।[1][2][3]
বাউল দলত সকলো সম্প্ৰদায় দেখা যায়। কিন্তু ইয়াৰ সদস্যসকল মূলতঃ বৈষ্ণৱ হিন্দু আৰু চুফী মুছলমান। লালল শাহক ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত বাউল সন্ত ৰূপে গণ্য কৰা হয়। যদিও বাউলসকল বঙালী জনসংখ্যাৰ এটা ক্ষুদ্ৰাতিতম অংশ, বংগৰ সংস্কৃতিৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ অনন্য। ২০০৫ চনত বাউল গীতসমূহক ইউনেস্ক'ৰ মানৱতাৰ মৌখিক আৰু অমূৰ্ত ঐতিহ্যৰ শ্ৰেষ্ঠ কৃতিৰ তালিকাত অন্তৰ্ভূক্ত কৰা হয়।[4][5][6]
বাউলৰ উৎপত্তি সঠিকভাৱে জনা নাযায় যদিও পঞ্চদশ শতিকাৰ পুৰণি বাংলা গ্ৰন্থত বৌল শব্দটো দেখা যায়। এই শব্দটো বৃন্দাবন দাস ঠাকুৰৰ চৈতন্য ভাগৱতৰ লগতে কৃষ্ণদাস কবিৰাজৰ চৈতন্য চৰিতমৃততো পোৱা যায়।[7] কিছুমান পণ্ডিতে কয় যে শব্দটোৱে কেতিয়া সাম্প্ৰদায়িক তাৎপৰ্য্য ল’লে সেয়া স্পষ্ট নহয়। বাউলসকল গ্ৰাম্য বংগ সংস্কৃতিৰ এক অংশ। বাউলৰ উৎপত্তি নিৰ্ণয় কৰিবলৈ বহু চেষ্টা কৰা হৈছে যদিও পণ্ডিতসকলৰ মাজত ব্যাপক মতানৈক্য আছে।[8] কিন্তু তেওঁলোকে এই কথাত একমত যে কোনো প্ৰতিষ্ঠাপকক বাউলে নিজেই বা আন কোনোৱেও স্বীকাৰ কৰা নাই। বাউলসকলৰ কেইবাটাও গোট দেখা যায়। গোটবোৰৰ নামকৰণ তেওঁলোকৰ হিন্দু বা মুছলমান গুৰুৰ নামেৰে কৰা হৈছে। ইয়াৰ উপৰিও আন কিছুমান সম্প্ৰদায় আছে যিয়ে পিছলৈ বাউলৰ সৈতে নিজকে চিনাক্ত বা সংযুক্ত কৰিছিল, যেনে দৰবেশী, নেৰা আৰু কৰ্তাভজৰ দুটা উপ-সম্প্ৰদায় — আউল আৰু ছাই। বাউলসকলে লেখ-জোখ এৰি যাবলৈ অনিচ্ছা প্ৰকাশ কৰে। ড° জিন অ'পেনশ্ব'ৱে লিখিছে যে ১৯ শতিকাৰ শেষলৈ যেতিয়া প্ৰথমবাৰৰ বাবে বাহিৰৰ পৰ্যবেক্ষকে বাউল সংগীত লিপিবদ্ধ কৰিছিল, তাৰ পূৰ্বে ই মৌখিক ৰূপতে প্ৰবাহিত হৈ অহা যেন অনুমান কৰা হয়।[9]
বাউলৰ গৃহত্যাগী বাউল আৰু গৃহী বা সংসাৰী বাউল- এই দুটা শ্ৰেণী দেখা যায়। গুৰুৰ পৰা দীক্ষা (ভেক খিলাফত) লৈ ঘৰৰ পৰা ওলোৱাসকলক ত্যাগী বা ভেকধাৰী বাউল বোলা হয়। এই শ্ৰেণীৰ বাউলসকল পৰিয়াল আৰু সমাজৰ প্ৰতি সম্পূৰ্ণ বিমুখ, ভিক্ষা কৰাটোৱেই তেওঁলোকৰ একমাত্ৰ বৃত্তি। তেওঁলোকে আখাৰা আখাৰাই ঘূৰি ফুৰে আৰু তাতেই সাময়িক ভাবে জিৰণি লয়। সাধাৰণতে পুৰুষে বগা লুঙি, বগা চোলা পিন্ধে আৰু মহিলাই বগা শাৰী পিন্ধে। তেওঁলোকৰ কান্ধত ভিক্ষাৰ জোলা থাকে। সন্তান জন্ম দিব নোৱাৰে বা ডাঙৰ-দীঘল কৰিব নোৱাৰে। এই ধৰণৰ জীৱনক জীৱন্তে মৃত বা মৃত বুলি কোৱা হয়। নাৰীক বোলা হয় সেৱাদাসী। পুৰুষ বাউলে এগৰাকী বা ততোধিক সেৱাদাসী ৰাখিব পাৰি। এই সেৱাদাসীসকল বাউলৰ সংগিনী। ১৯৭৬ চনলৈকে বৃহত্তৰ কুষ্টিয়া জিলাত ২৫২জন ভেকধাৰী বাউল আছিল। ১৯৮২-৮৩ চনত এই সংখ্যা ৯০৫ লৈ বৃদ্ধি পায়। বৰ্তমান সমগ্ৰ দেশতে ভেকধাৰী বাউলৰ সংখ্যা প্ৰায় পাঁচ হাজাৰ।[10]
গৃহী বা সংসাৰী বাউলসকলে নিজৰ পত্নী, পুত্ৰ আৰু আত্মীয়ৰ সৈতে এটা নিৰ্দিষ্ট পৃথক চুবুৰীত বাস কৰে। সমাজৰ অন্য লোকৰ লগত তেওঁলোকৰ চলাচল, বিবাহ ইত্যাদি নিষিদ্ধ। ভেকধাৰী বাউলৰ দৰে তেওঁলোকে কঠোৰ সাধনা কৰিব নালাগে। বৰং কেৱল কলমা বা বীজমন্ত্ৰ পাঠ আৰু কিছুমান সাধন-ভজন প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে। ভেকধাৰী বাউলে গৃহী বাউলক দীক্ষা দিয়ে। দুয়োৰে মাজৰ সম্পৰ্কটো বহুখিনি পীৰ-মুৰিদ বা গুৰু-শিষ্যৰ দৰে। দীক্ষাৰ পিছত সন্তান জন্ম দিয়া নিষিদ্ধ যদিও কোনো কোনোৱে গুৰুৰ অনুমতি সাপেক্ষে সন্তান জন্ম দিব পাৰে। আজিকালি কৃষিজীৱি, তন্তুবাই আৰু ব্যৱসাযী সমাজৰ মাজত বাউল হোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।