বাগুৱা (চীনা ভাষা: 八卦) হ'ল কিছুমান বিপৰীতমুখী চীনা প্ৰতীকৰ সমষ্টি যি বাস্তৱিকতাৰ প্ৰকৃতি দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। বাগুৱা তিনিডাল আচ মিলি গঠিত হয়। তাৰে কিছমান আচ ভগা আৰু কিছুমান নভগা থাকে যি য়িন আৰু য়াংক বুজাই।[1]প্ৰতিডাল আচে দুটা অৱস্থাৰ সম্ভাৱনা দেখুৱাই যি মুঠ ২×২×২=৮ টা ট্ৰাইগ্ৰাম বুজাই যাৰ গণনা আৰু বৈশিষ্ট্য নিৰ্ণয়ে চীনা দৰ্শন আৰু ব্ৰহ্মাণ্ডবিজ্ঞানত বৃহৎ প্ৰভাৱ পেলাইছিল।
ত্ৰিগ্ৰামসমূহ আই চিঙত বৰ্ণনা কৰা ভৱিষ্যদ্বাণী প্ৰথাৰ সৈতে জড়িত যি শ্বাং আৰু ঝৌ বংশৰ ৰাজধৰ্মৰ অনুশীলন আছিল। লগতে ই টাইজিৰ ধাৰণা আৰু পৰম্পৰাগত চীনা আধ্যাত্মিকবিজ্ঞানৰ পাঁচটা উপাদানৰ সৈতেও জড়িত।[2]
ট্ৰাইগ্ৰামসমূহ জ্যোতিৰ্বিজ্ঞান, ভৱিষ্যদ্বাণী, ধ্যান, জ্যোতিষ, ভূগোল, ভূ-বিজ্ঞান (ফেংছুই), শৰীৰবিজ্ঞান, সজ্জা কলা, পৰিয়াল, যুদ্ধ কলা (বিশেষকৈ টাইজিকুয়ান আৰু বাগুয়াজাং), চীনা চিকিৎসা আৰু অন্যান্যৰ কিছু প্ৰথাৰ সৈতে মিল আছে।[3] [4]
বাগুৱা এটাকৈ বা কেইবাটাও মিলি থাকিব পাৰে। ইয়াক সাধাৰণতে দুটা ভিন্ন অৱস্থাত দেখা যায়: আদিম (先天八卦), "আগতীয়া স্বৰ্গ", বা "ফু ছি" বাগুৱা (伏羲八卦) আৰু প্ৰকাশিত (後天八卦) , "শেহতীয়া স্বৰ্গ", বা "স্বৰ্গদেউ ৱেনৰ" বাগুয়া।[5]
আই চিঙত দুটা ট্ৰাইগ্ৰাম একেলগে গোট খুৱাই ছয় শাৰীৰ আকৃতি সৃষ্টি কৰা হয় যাক হেক্সাগ্ৰাম বুলি জনা যায়। ইয়াৰ ৬৪টা সম্ভাৱ্য ক্ৰমবিন্যাস আছে। ৬৪টা হেক্সাগ্ৰাম আৰু ইয়াৰ বৰ্ণনাই আই চিঙ কিতাপখন গঠন কৰিছে। ত্ৰিগ্ৰামৰ প্ৰতীকবাদৰ সহায়ত হেক্সাগ্ৰামৰ চিত্ৰ আৰু লিখনীৰ ব্যাখ্যা কৰিব পাৰি। হেক্সাগ্ৰাম ১৯ ধাৰাবাহিকৰ পৰা এটা উদাহৰণ: "হ্ৰদৰ ওপৰৰ পৃথিৱী: ধাৰণাৰ প্ৰতিমূৰ্তি। সেয়ে মহান ব্যক্তি জ্ঞান দি নাভাগৰে, আৰু তেওঁৰ জনসাধাৰণৰ প্ৰতি সহনশীলতা আৰু সুৰক্ষা সীমাহীন।"[6]ট্ৰাইগ্ৰামসমূহ তলত দেখুওৱা দৰে য়ীজিং চাৰ্টসমূহ সংগঠিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।
বেছিভাগ ফেং ছুই বিদ্যালয়তে বাগুৱা এক অপৰিহাৰ্য আহিলা। ফেং ছুইত ব্যৱহৃত বাগুৱা দুটা ভিন্ন সংস্কৰণত দেখা দিব পাৰে: সমাধিস্থ কৰাৰ বাবে আদিম বাগুৱা আৰু জীয়াই থকাৰ বাবে শেহতীয়া স্বৰ্গ বাগুৱাৰ ব্যৱহাৰ হয়।
আদিম বাগুৱাক ফু-চি বাগুৱা বা ইষ্টাৰ্ণ হেভেন বাগুৱা বুলিও কোৱা হয়। পৰম্পৰাগত চীনা চিকিৎসা বিজ্ঞানত এই ক্ৰমটোক প্ৰসৱৰ পূৰ্বৰ ক্ৰম বুলি জনা যায় আৰু ইয়াক ৰোগ বা ৰোগৰ প্ৰকৃতি বুজিবলৈ ব্যৱহাৰ কৰা হয়, যিটো পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ গঠনমূলক চিকিৎসা বিজ্ঞানৰ বুজাবুজি আৰু জিনীয় বিজ্ঞানৰ অধ্যয়নৰ সৈতে মিলে। ওপৰৰ অংশত আকাশ আৰু তলৰ অংশত পৃথিৱী বুলি ধৰা হয়। ওপৰত স্বৰ্গ ট্ৰাইগ্ৰাম আৰু তলত পৃথিৱী ট্ৰাইগ্ৰাম থাকে (এই সময়ৰ চীনা মানচিত্ৰত দক্ষিণ আছিল)। জুই আৰু পানীয়ে বজ্ৰপাত আৰু বতাহে, পাহাৰ আৰু হ্ৰদে শেষৰ যোৰাকেইটা গঠন কৰে। ত্ৰিগ্ৰামৰ সংমিশ্ৰনত বিপৰীতৰ যোৰ গঠন হয়। ইহঁতে য়িন আৰু ইয়াঙৰ বিপৰীত শক্তিৰ প্ৰতীক আৰু এটা ভাৰসাম্য অৱস্থাক প্ৰতিনিধিত্ব কৰে।
ইয়াক পৰম্পৰাগত চীনা চিকিৎসাত প্ৰসৱৰ পিছৰ বাগুৱা ব্যৱস্থা বুলিও কোৱা হৈছিল। শেহতীয়া স্বৰ্গ বাগুৱাৰ ট্ৰাইগ্ৰামৰ ক্ৰমটো স্বাস্থ্য বা ৰোগক প্ৰভাৱিত কৰা শাৰীৰিক, মানসিক আৰু পৰিৱেশগত আৰ্হি বুজিবলৈ ব্যৱহাৰ কৰা হয়, যিটো পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ কাৰ্য্যকৰী ক্ষেত্ৰত পোৱা তথ্যৰ অনুসৰি দৰৱ বিজ্ঞানৰ সৈতে মিল হব।[7] এই ব্যৱস্থাত তলত পানী আৰু ওপৰত জুই ৰখা হয়, পূবে বজ্ৰপাত আৰু পশ্চিমে হ্ৰদ। ই আদিম বাগুৱাৰ দৰে নহয়, এইটো এটা গতিশীল বাগুৱা য’ত প্ৰতিটো ট্ৰাইগ্ৰামৰ শক্তি আৰু দিশসমূহ তলৰ দিশলৈ বৈ যায়। এই ক্ৰমটোৱেই ফেং ছুইত ব্যৱহৃত হয় আৰু ইয়াক মেনিফেষ্ট পেটাৰ্ন বুলি কোৱা হয়।
আঠ উচ্চাকাংক্ষাৰ বাগুৱাৰ বাবেই পশ্চিমীয়া দেশত ফেং ছুই অতি জনপ্ৰিয় হৈ পৰিছিল। প্ৰতিটো ত্ৰিগ্ৰাম জীৱনৰ এটা দিশৰ সৈতে মিল খায় যিটো পাছলৈ আকৌ মূল দিশসমূহৰ এটাৰ সৈতে মিল খায়। আঠটা আকাংক্ষা (বা চমুকৈ বাগুৱা মেপ) ব্যৱহাৰ কৰি ফেং ছুই প্ৰয়োগ কৰিলে ফেং ছুই সকলোৰে বাবে সহজ আৰু সুলভ হৈ পৰিছে। পশ্চিমীয়া দেশৰ বাগুৱাই ফেং ছুইৰ পৰম্পৰাগত ৰূপতকৈ ব্যৱহাৰিক উপকাৰিতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।[8]
পৰম্পৰাগত ফেং ছুই শিক্ষকসকলে ইয়াৰ সৰলতাৰ বাবে এই পদ্ধতিক আওকাণ কৰে, কাৰণ ইয়াত পৰম্পৰাগত ৰূপ বা লেণ্ডস্কেপ প্ৰভাৱ বা বাৰ্ষিক চক্ৰৰ ব্যৱহাৰ কৰা নহয়।[9] আঠটা আকাংক্ষাৰ বাগুৱা দুটা শাখাত বিভক্ত: প্ৰথমটোত কম্পাছ আৰু কাৰ্ডিনেল দিশ ব্যৱহাৰ কৰা হয় আৰু দ্বিতীয়টোত মূল দুৱাৰ ব্যৱহাৰ কৰি বাগুৱা ব্যৱহাৰ কৰা হয়। এইটো স্পষ্ট যে, মূল নিৰ্দেশনাৰ প্ৰতি লক্ষ্য নৰখাৰ বাবে দ্বিতীয়টো অধিক সৰল।
বাগুৱাৰ মানচিত্ৰ হৈছে ফেং ছুইৰ পশ্চিমীয়া ৰূপত ব্যৱহাৰ কৰা এটা আহিলা, যাৰ সহায়ত কোনো কোঠা বা স্থানৰ মানচিত্ৰ নিৰ্মাণ কৰা হয় আৰু বিভিন্ন অংশবোৰ নিজৰ জীৱনৰ বিভিন্ন দিশৰ সৈতে কেনেকৈ মিল খায় তাক চোৱা হয়। এই শিতানসমূহক জীৱনৰ প্ৰতিটো ক্ষেত্ৰ বা দিশৰ সৈতে জড়িত বুলি গণ্য কৰা হয় আৰু ইয়াক ভাগ কৰা শ্ৰেণী সমুহ হৈছে: খ্যাতি, সম্পৰ্ক/বিবাহ, সন্তান/সৃষ্টিশীলতা, সহায়কাৰী ব্যক্তি/ভ্ৰমণ, বৃত্তি, আভ্যন্তৰীণ জ্ঞান, পৰিয়াল/পূৰ্বপুৰুষ/স্বাস্থ্য, আৰু ধন /আশীৰ্বাদ।
এই ব্যৱস্থাত বাগুৱাৰ মানচিত্ৰখন মাটিত, নিজৰ ঘৰত, কাৰ্যালয় বা ডেস্কত ব্যৱহাৰ কৰি শুভ ছিৰ অভাৱ থকা অঞ্চল বিচাৰি উলিয়াত ব্যৱহাৰ হয়। নেতিবাচক বিচাৰি শুধৰণি কৰিলে, জীৱন আৰু পৰিৱেশ বিশুদ্ধ বা উন্নত কৰাত সহায়ক হয়।
উদাহৰণস্বৰূপে, যদি বাগুৱাৰ পৰিকল্পনা ঘৰ নিৰ্মাণ কৰোতে কাঠামৰ ওপৰত ৰখা হয় আৰু ইয়াত ধন/আশীৰ্বাদ দিয়া অঞ্চল শৌচাগাৰ, বাথৰুম, কাপোৰ ধোৱা বা পাকঘৰ আদিত পোৱা হয়, তেন্তে সেই বিশেষ পৰিৱেশলৈ অহা ধন অতি সোনকালে শেষ হৈ যাব বুলি বিশ্বাস কৰা হয় ৷
একুপাংচাৰ চিকিৎসাকে ধৰি পৰম্পৰাগত চীনা চিকিৎসা বিজ্ঞানত বাগুৱাৰ নীতি ৰোগ নিৰ্ণয় কৰাত আৰু অনুকূল চিকিৎসা পৰিকল্পনা নিৰ্বাচন কৰিবলৈ ব্যৱহাৰ কৰা হয়।
পেকিংৰ দলগত গীতত টাওবাদী অভিনয় বা সামৰিক অভিনয় কৰা ব্যক্তিয়ে টাইজি আৰু বাগুৱাৰ পোছাক পিন্ধে।
বাগুৱাজাং আৰু টাইজিকুযৱান হৈছে বাগুৱাৰ নীতিৰ ওপৰত ভিত্তি কৰি নিৰ্মিত চীনৰ দুটা যুদ্ধ কলা।
২০০৪ চনৰ ফিলিপাইনছৰ ভূতৰ চলচিত্ৰ ফেং ছুই আৰু ২০১৪ চনৰ ইয়াৰ পৰবৰ্তী চলচিত্ৰ ফেং ছুই ২ ত অভিশপ্ত বাগুৱা দাপোনৰ কাহিনী আছিল যি ইয়াৰ ভিতৰলৈ চোৱাসকলক হত্যা কৰে।
ছিংগাপুৰৰ ডলাৰঃ ছিংগাপুৰৰ এক ডলাৰৰ মুদ্ৰাটোৰ আকৃতি বাগুৱাৰ দৰে।
দক্ষিণ কোৰিয়াৰ পতাকা: দক্ষিণ কোৰিয়াৰ পতাকা টায়েগুক, টাইজি বা য়িন-য়াং চিহ্নক আগুৰি থকা চাৰিটা কাৰ্ডিনেল ট্ৰাইগ্ৰাম (কিয়ান, কুন, কান, লি) থকা পতাকা।
দক্ষিণ ভিয়েটনামৰ পতাকা: দক্ষিণ ভিয়েটনামৰ পতাকাৰ তিনিটা ৰেখাক "দক্ষিণ"ক প্ৰতিনিধিত্ব কৰা ট্ৰাইগ্ৰাম বুলি কোৱা হয়।
টেকেছ প্ৰান্ত আৰু জুগে গাওঁ: এই দুয়োটা সম্প্ৰদায়ৰ বিন্যাস বাগুৱাৰ ওপৰত ভিত্তি কৰি আছে।