বান্দৰ টুপী, বালাক্লাভা বা স্কি মাস্ক হৈছে মূৰত পিন্ধা এক প্ৰকাৰৰ পোছাক। এই টুপীটো সাধাৰণতে চকু আৰু মুখ অংশহে উন্মুক্ত কৰি ৰখাকৈ ডিজাইন কৰা হৈছে। ষ্টাইল আৰু ইয়াক পিন্ধাৰ ওপৰত নিৰ্ভৰ কৰি কেৱল চকু, মুখ আৰু নাক বা কেৱল মুখৰ সন্মুখভাগহে অসুৰক্ষিত হৈ থাকে। মূৰৰ শীৰ্ষ অংশ আৰু দুয়োখন কান সম্পূৰ্ণকৈ ঢাকি ৰখাৰ উপৰি, ইয়াক ডিঙিত কলাৰ হিচাপে তললৈ ভাঁজ কৰিব পাৰি।
১৯ শতিকাত একে ধৰণৰ মূৰত পিন্ধা পোছাক হিচাপে পোলেণ্ড আৰু প্ৰুছিয়ান সৈন্যই পিন্ধা উহলান কেপ আৰু ক্ৰীড়াপ্ৰেমীসকলে পিন্ধা টেম্পলাৰ কেপৰ তথ্য পোৱা যায়।[1][2] ১৮৫৪ চনৰ ক্ৰিমিয়া যুদ্ধৰ সময়ত বালাক্লাভাৰ যুদ্ধত ইয়াৰ ব্যৱহাৰৰ পৰাই এই টুপীৰ নামটো আহিছে, ইয়াৰ দ্বাৰা ক্ৰিমিয়াৰ চেভাষ্টোপলৰ ওচৰৰ চহৰখনক বুজোৱা হৈছে।[3] তাত থকা ব্ৰিটিছ সৈন্যই ঠাণ্ডাৰ পৰা হাতসাৰিবলৈ হাতেৰে গোঠা উমাল টুপী পিন্ধিছিল।[4] তিক্ত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ হাতেৰে বনোৱা বালাক্লাভা ব্ৰিটিছ সৈন্যলৈ পঠিওৱা হৈছিল। ৰিচাৰ্ড ৰুটে তেওঁৰ হিষ্ট্ৰী অৱ হেণ্ডনিটিং-ত উল্লেখ কৰা অনুসৰি যুদ্ধৰ সময়ত "বালাক্লাভা হেলমেট" নামটো ব্যৱহাৰ কৰা হোৱা নাছিল যদিও বহু পিছত, ১৮৮১ চনত এই নামটো প্ৰকাশ পায়।[2]
শীতকালীন পৰিস্থিতিত উষ্ণতাৰ বাবে মটৰ চাইকেল বা স্নোমোবাইল হেলমেটৰ তলত পাতল বালাক্লাভা ব্যৱহাৰ কৰিব পাৰি। ক্ৰীড়াক্ষেত্ৰত বহুতো স্কিয়ৰ, স্নোবৰ্ডাৰ, চাইকেল আৰোহী আৰু দৌৰবিদে ঠাণ্ডা বতৰত উষ্ণতাৰ বাবে বালাক্লাভা পিন্ধে। ই বতাহ আৰু কম উষ্ণতাৰ পৰা মূৰ, মুখ আৰু ডিঙি ৰক্ষা কৰে আৰু হেলমেটৰ তলত সহজে সোমাবলৈ সক্ষম। এই স্প’ৰ্টছ বালাক্লাভাবোৰ সাধাৰণ বালাক্লাভাতকৈ কিছু বেলেগ, ই কেৱল চকুকেইটাৰ বাদে গোটেই মূৰটো ঢাকি ৰাখে। কিছুমানে কপালখন মুক্ত কৰি ৰাখে, কিন্তু মূৰৰ বেছিভাগ অংশ ঢাকি ৰাখে। ক্ৰীড়া বালাক্লাভাছৰ মূল উপাদানসমূহ হ'ল ই উষ্ণ, বতাহ প্ৰতিৰোধী আৰু আৰ্দ্ৰতা সমৰ্থক।
ৰেচিং ছুট আৰু এণ্টি-ফ্লেছ গিয়াৰ ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি ল অটোম’বাইলৰ অনুমোদিত ইভেণ্টত ৰেছ চালকসকলে ক্ৰেচ হেলমেটৰ তলত অগ্নিনিৰ্বাপক সামগ্ৰীৰে নিৰ্মিত বালাক্লাভা পিন্ধিব লাগে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কেলেণ্ডাৰত প্ৰৱেশ কৰা ৰেচিং ইভেণ্ট, হিল-ক্লাইম্ব, ৰেলীৰ বিশেষ পৰ্যায় আৰু ক্ৰছ কাণ্টি ইভেণ্টৰ নিৰ্বাচিত অংশত সকলো চালক আৰু সহ-চালকেই অভাৰঅলৰ লগতে গ্ল’ভছ (সহ-চালকৰ বাবে ঐচ্ছিক), দীঘল আণ্ডাৰৱেৰ, এটা বালাক্লাভা, আৰু FIA 8856-2000 মানদণ্ডৰ সৈতে মিল থকা জোতা পিন্ধিব লাগে।[5]
২০১৮ চনৰ নিউয়ৰ্ক ফেশ্বন সপ্তাহৰ কিছুমান সংগ্ৰহত গোঠা বান্দৰ টুপী প্ৰদৰ্শিত হৈছিল।[6][7][8]