বাবা য়াগা হৈছে স্লাভিক লোককথাৰ এটা ৰহস্যময় বা অস্পষ্ট চৰিত্ৰ বা একে নামৰ তিনি ভগ্নীৰ ভিতৰত এগৰাকী যাৰ দুটা বিপৰীত ভূমিকা আছে। কিছুমান চিত্ৰত তেওঁক এগৰাকী বিকৃত বা হিংস্ৰ চেহেৰাৰ বুঢ়ী বুলি বৰ্ণনা কৰা হৈছে যিয়ে শিশুক ভাজি খায়, আনহাতে আন কিছুমানত তেওঁক এগৰাকী ধুনীয়া বুঢ়ী, যিয়ে নায়কক সহায় কৰে।[1] তেওঁক প্ৰায়ে বন্যপ্ৰাণীৰ লগত জড়িত কৰা হয়। তেওঁৰ স্বকীয় বৈশিষ্ট্য হ’ল খুন্দনাত বা উৰালত ঘূৰ্ণি বতাহৰ দৰে উৰি ফুৰা, আৰু হাবিৰ গভীৰতাত কুকুৰাৰ ভৰিৰ ওপৰত থিয় হৈ থকা জুপুৰি এটাত বাস কৰা।
বাবা য়াগাৰ নামৰ ভিন্নতা বহুতো স্লাভিক ভাষাত পোৱা যায়। প্ৰথম উপাদানটো হৈছে এটা বাবল শব্দ যিয়ে আধুনিক ইউক্ৰেইনিয়ান আৰু পোলিছ ভাষাত ক্ৰমে বাবুছা( 'আইতা') বা বাবুচিয়া,আধুনিক ৰাছিয়ানত বাবুছ্কা আৰু বেবছিয়া বা বাবুনিয়া('আইতা')। ছাৰ্বিয়ান, ক্ৰ’ৱেচিয়ান, বছনিয়ান আৰু বুলগেৰিয়ান ভাষাত বাবাৰ অৰ্থ হৈছে ‘আইতা’ বা ‘বুঢ়ী’। সমসাময়িক পোলেণ্ড আৰু ৰাছিয়ান ভাষাত বাবা হৈছে ‘মহিলা’ৰ অপমানজনক প্ৰতিশব্দ, বিশেষকৈ যিগৰাকী পুৰণি, লেতেৰা বা মূৰ্খ। স্লাভিক ভাষাৰ অন্যান্য শব্দৰ দৰেই বাবাক অন্য ধৰণে ব্যৱহাৰ কৰিব পাৰি; ইয়াক বিভিন্ন প্ৰাণী, প্ৰাকৃতিক পৰিঘটনা, আৰু বস্তু, যেনে ভেঁকুৰৰ প্ৰকাৰ,নাচপতিৰ কেকৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। ইউক্ৰেইনৰ পোলেচিয়া অঞ্চলত বেবি শব্দৰ বহুবচনটো শৰৎকালীন অন্ত্যেষ্টিক্ৰিয়াৰ ভোজকো বুজাব পাৰে। [2]
য়াগ ব্যুৎপত্তিগতভাৱে অধিক সমস্যাপূৰ্ণ আৰু ইয়াৰ অৰ্থৰ বিষয়ে পণ্ডিতসকলৰ মাজত কোনো স্পষ্ট ঐকমত্য নাই। ১৯ শতিকাত আলেকজেণ্ডাৰ আফানাছিয়েভে আদি-স্লাভিক 'ওজ' আৰু সংস্কৃত আহী (‘সৰ্প’)ৰ ব্যুৎপত্তিৰ প্ৰস্তাৱ আগবঢ়ায়। এই ব্যুৎপত্তি ২০ শতিকাৰ পণ্ডিতসকলে অন্বেষণ কৰিছে। এই সম্পৰ্কীয় শব্দসমূহ ছাৰ্বিয়ান আৰু ক্ৰ'ৱেচিয়ান জেজা ('ভয়ানক', 'শ্বাডাৰ', 'শীতল'), স্লোভেন জেজা ('ক্ৰোধ'), পুৰণি চেক জেজ ('ডাইনী', 'কিংবদন্তি দুষ্ট মহিলা সত্তা'), আধুনিক চেক জেজিংকা ( 'দুষ্ট কাঠৰ অপেশ্বৰী', 'ড্ৰাইড'), আৰু পোলিছ জেডজা ('ডাইনী', 'দুষ্ট মহিলা', 'ক্ৰোধ')। পুৰণি গীৰ্জাৰ স্লাভনিক ভাষাত এই শব্দটো জেজা বা য়েজা (‘ৰোগ’) হিচাপে দেখা যায়। অন্যান্য ভাৰত-ইউৰোপীয় ভাষাত ইয়াগা উপাদানটো লিথুৱেনিয়ান য়েংগটি ('অব্যৱহাৰ কৰা বা অবিৰতভাৱে', 'তুচ্ছজ্ঞান কৰা', 'শোষণ কৰা'), পুৰণি ইংৰাজী ইংকা ('সন্দেহ', 'চিন্তা", 'বিষ'ৰ সৈতে জড়িত কৰা হৈছে। ), আৰু পুৰণি নৰ্ছ এক্কি ('বিষ', 'চিন্তা')।[3]
বাবা য়াগাৰ প্ৰথম স্পষ্ট উল্লেখ ১৭৫৫ চনত মিখাইল ভি লোমোনোছভৰ ৰাছিয়ান ব্যাকৰণ ৰু[ru] ত পোৱা যায়। লোমোন’ছভৰ ব্যাকৰণ গ্ৰন্থখনত বাবা য়াগাৰ বিষয়ে আন আন ব্যক্তিসকলৰ মাজত দুবাৰ উল্লেখ কৰা হৈছে যিবোৰ মূলতঃ স্লাভিক পৰম্পৰাৰ। দুয়োটা উল্লেখৰ ভিতৰত দ্বিতীয়টো উল্লেখ ৰোমান পৌৰাণিক কাহিনীত তেওঁলোকৰ অনুমানিক সমতুল্যতাৰ কাষৰ স্লাভিক দেৱতা আৰু সত্তাৰ তালিকাৰ ভিতৰত পোৱা যায় (উদাহৰণস্বৰূপে স্লাভিক দেৱতা পেৰুনক ৰোমান দেৱতা বৃহস্পতিৰ সৈতে সমান কৰা যেন লাগে)। বাবা য়াগা অৱশ্যে তৃতীয় খণ্ডত কোনো সমতুল্যতা নোহোৱাকৈয়ে দেখা যায়, আনকি এই প্ৰথম জ্ঞাত প্ৰমাণপত্ৰতো তেওঁৰ অনুভূত স্বকীয়তাক উজ্জ্বল কৰি তুলিছে।[4]