বামুণ আৰু নেউলৰ সাধু | |
---|---|
![]() | |
ভাৰতীয় মাটীয়া ৰঙৰ নেউল | |
সাধু কথা | |
নাম: | বামুণ আৰু নেউলৰ সাধু |
তথ্য | |
Aarne-Thompson Grouping: | 178A |
দেশ: | ভাৰত |
বামুণ আৰু নেউলৰ সাধু বা বামুণী আৰু নেউলৰ সাধু ভাৰতৰ এক জনপ্ৰিয় লোককথা, যি "বিশ্বৰ দেশে দেশে বিয়পি পৰা অন্যতম কাহিনী।" [1] ইয়াত এটা নিষ্ঠাবান প্ৰাণীক প্ৰমাদবশতঃ হত্যাৰ কথা বৰ্ণনা কৰা হৈছে আৰু এইদৰে খৰখেদাকৈ কৰা কাৰ্যৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া হৈছে। এই কাহিনীটোৰ মূল পাশ্চাত্যৰ কিছুমান কিংবদন্তিত অন্তৰ্নিহিত, যেনে ৱেলছৰ লিৱেলিন আৰু তেওঁৰ কুকুৰ গেলেৰ্ট[1] বা ফ্ৰান্সৰ চেণ্ট গিনফৰ্ট।[2] ইয়াক আৰ্নে-থম্পছন টাইপ ১৭৮এ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।[3]
এসময়ত দেৱশৰ্মা নামে এক বামুণ এখন নগৰত বাস কৰিছিল। তেওঁৰ পত্নী একমাত্ৰ পুত্ৰৰ মাতৃ আছিল আৰু এটা নেউল আছিল। সৰু সৰু ল’ৰা-ছোৱালীক ভাল পোৱাৰ দৰে তেওঁ নেউলটোকো পুত্ৰৰ দৰে চোৱা-চিতা কৰিছিল, বুকুৰ গাখীৰ খাবলৈ দিছিল, মালিছ কৰা আৰু গা ধোৱা ইত্যাদি ইত্যাদি কৰিছিল। কিন্তু তেওঁ তাক বিশ্বাস কৰা নাছিল, কাৰণ তেওঁ ভাবিছিল: "নেউল এটা নিকৃষ্ট ধৰণৰ জীৱ। সি হয়তো মোৰ ল'ৰাটোক আঘাত দিব।" [...]
এদিন তেওঁ পুতেকক শুৱাই থৈ পানীৰ জাৰ এটা লৈ স্বামীক ক'লে: "অধ্যাপক, মই পানী বিচাৰি গৈ আছোঁ। তুমি ল'ৰাটোক নেউলৰ পৰা ৰক্ষা কৰিব লাগিব।" কিন্তু তেওঁ নথকা সময়ত ব্ৰাহ্মণে ঘৰখন খালী কৰি নিজেই খাদ্য ভিক্ষা কৰিবলৈ ওলাই গ’ল।
তেওঁ নোহোৱাৰ সময়ত ঘৰৰ গাঁতৰ পৰা এটা ক’লা সাপ ওলাই আহিল আৰু বিধিৰ বিধানমতে কেঁচুৱাটোৰ দোলনাৰ ফালে বগাই গ’ল। কিন্তু নেউলটোৱে তাৰ স্বাভাৱিক শত্ৰু বুলি অনুভৱ কৰি আৰু নিজৰ কেঁচুৱা ভায়েকৰ জীৱনৰ বাবে ভয় কৰি আধাবাটতে দুষ্ট সাপটোৰ ওপৰত জঁপিয়াই পৰিল, তাৰ লগত যুদ্ধ হ’ল আৰু তাক নেফানেফ কৰি পেলালে আৰু টুকুৰাবোৰ বহু দূৰলৈ দলিয়াই দিলে। তাৰ পাছত নিজৰ বীৰত্বত আনন্দিত হৈ মুখৰ পৰা তেজ টোপাল টোপালকৈ ওলাই অৱস্থাতে মাকক লগ কৰিবলৈ দৌৰি গ’ল; কিয়নো সি যি কৰিলে সেয়া মাকক দেখুৱাব বিচাৰিছিল। কিন্তু যেতিয়া মাকে তাক অহা দেখিলে আৰু তাৰ তেজ ওলোৱা মুখখন আৰু তাৰ উত্তেজনা দেখিলে, বদমাছটোৱে নিশ্চয় তেওঁৰ কেঁচুৱা ল’ৰাটোক খাই পেলালে বুলি ভয় খালে আৰু দুবাৰ চিন্তা নকৰাকৈয়ে খঙেৰে পানীৰ জাৰটো তাৰ ওপৰত পেলাই দিলে, যাৰ আঘাতত সি মুহূৰ্ততে মৰি থাকিল৷ তেওঁ দ্বিতীয়বাৰৰ বাবে একো চিন্তা নকৰাকৈয়ে তাক এৰি থৈ গ’ল আৰু ঘৰলৈ লৰালৰিকৈ সোমাই গ’ল, য’ত তেওঁ কেঁচুৱাটোক নিৰাপদে আৰু সুস্থ অৱস্থাত দেখা পাইছিল আৰু দোলনাৰ ওচৰত এটা ডাঙৰ ক’লা সাপ, ছিন্নভিন্ন হৈ পৰি থকা দেখিছিল। তাৰ পাছত নিজৰ উপকাৰী পুত্ৰক অবিবেচকভাৱে হত্যা কৰাৰ বাবে দুখত কাতৰ হৈ তাই কপাল আৰু বুকু চপৰিয়াব ধৰিলে।
এই মুহূৰ্ততে ব্ৰাহ্মণে ভিক্ষা সামৰি কাৰোবাৰ পৰা পোৱা চাউলৰ গুড়িৰ বাচন এটা লৈ ঘৰলৈ আহিল আৰু দেখিলে যে, তেওঁৰ পত্নীয়ে নিজৰ পুত্ৰ নেউলৰ বাবে আৰ্তনাদ কৰি বিলাপ কৰি আছে। "লোভী! লোভী!" তাই কান্দিলে। "কাৰণ তুমি মই কোৱাৰ দৰে নকৰিলা, এতিয়া তুমি নিজৰ দোষৰ ফল পুত্ৰৰ মৃত্যুৰ তিক্ততাৰে ল'ব লাগিব। হয়, লোভত অন্ধ হোৱাসকলৰ এনেকুৱাই হয়...."
কাহিনীটোৰ পাশ্চাত্য সংস্কৰণত নেউলৰ ঠাইত আন জীৱ-জন্তুৱে লৈছে, বেছিভাগেই কুকুৰ। আন কিছুমানত ৱেজেল, মেকুৰী (পাৰ্চিয়াত), ভালুক বা সিংহ হিচাপেও পোৱা যায় আৰু সাপটোৰ ঠাইত কেতিয়াবা পহু(ৱেলছত) লোৱা হয়। কাহিনীটোৰ সাৰমৰ্ম অৱশ্যে একেই আছে। একেদৰে কাহিনীটোৰ ভিন্নতাত কেতিয়াবা পুৰুষজনে পত্নীৰ পৰিৱৰ্তে নিষ্ঠাবান জন্তুটোক হত্যা কৰে।[4] এই কাহিনীটোক কেতিয়াবা মুখ্য কাহিনীৰ ভিতৰত ৰখা হয়, য’ত এজন ত্ৰাণকৰ্তাই ভুলকৈ অভিযুক্ত হৈ এই কাহিনীটো বৰ্ণনা কৰে, যাৰ ফলত তেওঁৰ নিজৰ মৃত্যু ৰোধ কৰিব পাৰে।[5]
১৮৫৯ চনত তুলনামূলক সাহিত্যৰ পথ প্ৰদৰ্শক থিয়ডৰ বেনফেই ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ সংস্কৰণসমূহৰ তুলনা কৰি এই কাহিনীটোৰ ওপৰত প্ৰথম অধ্যয়ন কৰিছিল।[6] ১৮৮৪ চনত ডব্লিউ এ ক্লাউষ্টনে দেখুৱাইছিল যে ই কেনেকৈ ৱেলছত উপনীত হৈছিল।[7] ইয়াক আৰ্ণে থম্পচনৰ ১৭৮A হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে৷[3]
মুৰে বি ইমেনেউৱে এই কাহিনী ভাৰতৰ পৰা ৱেলছলৈ যোৱা পদক্ষেপৰ মাজেৰে দেশে দেশে বিয়পি পৰা ঘটনাক, "লোক-কথাৰ প্ৰসাৰণৰ অন্যতম শ্ৰেষ্ঠ প্ৰমাণিত ক্ষেত্ৰ" বুলি গণ্য কৰে।[8] এই কাহিনীটো পঞ্চতন্ত্ৰ ৰ সকলো সংস্কৰণতে দেখা যায়, লগতে পৰৱৰ্তী সংস্কৃত গ্ৰন্থ হিতোপদেশ[9] আৰু কথাসৰিৎসাগৰতো৷ ভাৰতৰ (আৰু দক্ষিণ এছিয়াৰ) প্ৰায়বোৰ ভাষাত ই অত্যন্ত চিনাকি। উদাহৰণস্বৰূপে, দক্ষিণ ভাৰতৰ ৰাজ্য কৰ্ণাটকত কাহিনীটো শিলালিপিত প্ৰবাদ হিচাপে[2], মন্দিৰত ভাস্কৰ্য্য হিচাপে,[10], বৈৰাগীৰ গীতত[11] আৰু চলচ্চিত্ৰত দেখা যায়।[12]